ৰাণী নৰহ
ৰাণী নৰহ | |
---|---|
![]() ২০১২ চনত ৰাণী নৰহ | |
ৰাজ্যসভাৰ সাংসদ | |
কাৰ্যকাল ৩ এপ্ৰিল ২০১৬ – ২ এপ্ৰিল ২০২২ | |
পূৰ্বসূৰী | নাজনীন ফাৰুকী |
উত্তৰসূৰী | পবিত্ৰ মাৰ্ঘেৰিটা |
সমষ্টি | অসম |
জনজাতি পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰী | |
কাৰ্যকাল ২৮ নৱেম্বৰ ২০১২ – ২৩ মে ২০১৪ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
পূৰ্বসূৰী | মহাদেও সিং খান্দেলা |
উত্তৰসূৰী | মনসুখভাই বাসৱ |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৬ মে ২০০৯ – ১৬ মে ২০১৪ | |
পূৰ্বসূৰী | অৰুণ কুমাৰ শৰ্মা |
উত্তৰসূৰী | সৰ্বানন্দ সোণোৱাল |
সমষ্টি | লখিমপুৰ |
কাৰ্যকাল ১০ মাৰ্চ১৯৯৮ – ১৩ মে ২০০৪ | |
পূৰ্বসূৰী | অৰুণ কুমাৰ শৰ্মা |
উত্তৰসূৰী | অৰুণ কুমাৰ শৰ্মা |
সমষ্টি | লখিমপুৰ |
ব্যক্তিগত তথ্য | |
জন্ম | জাহানাৰা চৌধুৰী ৩১ অক্টোবৰ, ১৯৬৫ (৫৯ বছৰ) গুৱাহাটী, অসম, India |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ভৰত নৰহ |
সন্তান | ২জন পুত্ৰ |
শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় |
ৰাণী নৰহ (ইংৰাজী: Ranee Narah, জন্ম-জাহানাৰা চৌধুৰী; ৩১ অক্টোবৰ ১৯৬৫) অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৰাজ্যসভাত অসমক সংসদ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ, আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ তেওঁ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ স্বামী ভৰত নৰহ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু নাওবৈচাৰ বিধায়ক।
জীৱনী
[সম্পাদনা কৰক]নৰহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক।[1]তেওঁ পেছাদাৰী ক্ৰিকেট খেলিছিল আৰু অসম ৰাজ্যিক দলৰ অধিনায়ক আছিল।[2] তেওঁ পাছলৈ ভাৰতীয় মহিলা ক্ৰিকেট সন্থাৰ সভানেত্ৰী হয়৷ ইয়াৰ লগতে তেওঁ অসম মহিলা ক্ৰিকেট সন্থাৰ সভানেত্ৰী, অসম ক্ৰিকেট সন্থা আৰু অসম ফুটবল সন্থা দুয়োটাৰে উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মহিলা সমিতিৰ সদস্য আছিল।[3][4][5][6]
১৯৯৮ চনত নৰহ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়।[1]সেই বছৰতে লখিমপুৰ সমষ্টিৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হয়। ১৯৯৯ আৰু ২০০৯ চনত লখিমপুৰৰ পৰা নৰহ পুনৰ নিৰ্বাচিত হয়।[1] ২০০৩ চনত নৰহ ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিষদলৈ তেওঁ নিৰ্বাচিত হয়।[7] ২০০৯ চনত তেওঁক লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হয়।[8] ২০১২ চনত নৰহক জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়।[9] ২০১৬ চনত নৰহ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[10]
অসম বিধানসভাৰ ছটা কাৰ্যকালৰ সদস্য আৰু অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ভাৰত নৰহৰ সৈতে ৰাণী নৰহৰ বিবাহ হৈছে৷[2][11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Smt. Ranee Narah". Government of India. http://164.100.47.194/LOKSabha/Members/memberbioprofile.aspx?mpsno=274&lastls=15। আহৰণ কৰা হৈছে: 5 May 2021.
- ↑ 2.0 2.1 "Ex-cricketer clean bowls dissidence". Hindustan Times. 26 March 2009. Archived from the original on 26 May 2024. https://archive.today/20240526022510/https://www.webcitation.org/69HmXHb5D?url=http://www.hindustantimes.com/News-Feed/India/Ex-cricketer-clean-bowls-dissidence/Article1-393162.aspx। আহৰণ কৰা হৈছে: 28 October 2012.
- ↑ "WCAI to be disbanded shortly". ESPN Cricinfo. 13 November 2006. http://www.espncricinfo.com/india/content/story/267721.html। আহৰণ কৰা হৈছে: 28 October 2012.
- ↑ "Women footballers honoured". The Assam Tribune. 10 November 2008. Archived from the original on 26 May 2024. https://archive.today/20240526083634/https://www.webcitation.org/6Bk09IGGI?url=http://www.assamtribune.com/scripts/details.asp%3Fid=nov1108/Sports5। আহৰণ কৰা হৈছে: 28 October 2012.
- ↑ "Dynamo Triumph". Yahoo. 6 August 2012. http://in.news.yahoo.com/dynamo-triumph-223948762.html। আহৰণ কৰা হৈছে: 28 October 2012.
- ↑ "Tiding over dissidence". https://www.telegraphindia.com/north-east/tiding-over-dissidence/cid/757740.
- ↑ "Tribune News Service". The Tribune India. 17 July 2003. http://www.tribuneindia.com/2003/20030718/nation.htm। আহৰণ কৰা হৈছে: 28 October 2012.
- ↑ "Ranee deputy whip of LS". The Assam Tribune. 25 November 2009. Archived from the original on 26 May 2024. https://archive.today/20240526083313/https://www.webcitation.org/6Bj3pcTjI?url=http://www.assamtribune.com/scripts/details.asp%3Fid=nov2609/at012। আহৰণ কৰা হৈছে: 28 October 2012.
- ↑ "Sportsperson-turned-politician Narah gets ministerial berth". Zee News. 28 October 2012. http://zeenews.india.com/news/nation/sportsperson-turned-politician-narah-gets-minister_808124.html। আহৰণ কৰা হৈছে: 29 October 2012.
- ↑ "Assam: Ahead of assembly polls, Congress wins both Rajya Sabha seats in cross-voting". 22 March 2016. http://indianexpress.com/article/india/india-news-india/assem-ahead-of-assembly-polls-congress-wins-both-rajya-sabha-seats-in-cross-voting/.
- ↑ "Hereditary politics: Political families of India". India Today. 12 April 2004. http://indiatoday.intoday.in/story/hereditary-politics-political-families-of-india/1/196747.html। আহৰণ কৰা হৈছে: 28 October 2012.