ৰাণী পদ্মিনী (চলচ্চিত্ৰ)
ৰাণী পদ্মিনী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | আশিক আবু |
অভিনয়ত | ৰীমা কালিংগল মঞ্জু ৱাৰিয়াৰ শ্ৰীন্দা আৰহান সাজিতা মাডাথি |
সংগীত পৰিচালক | বিজিবল |
প্ৰযোজনা কোম্পানী |
Fort Entertainment |
মুক্তি |
২৩ অক্টোবৰ ২০১৫ |
দেশ | ভাৰত |
ভাষা | মালায়লম |
ৰাণী পদ্মিনী (ইংৰাজী: Rani Padmini ) আশিক আবু পৰিচালিত এখন ভাৰতীয় মালয়ালম ছবি, য'ত ৰীমা কলিংগাল আৰু মঞ্জু ৱাৰিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ প্ৰযোজক ফ’ৰ্ট এণ্টাৰটেইনমেণ্ট কোম্পানী। চিত্ৰনাট্য লিখিছিল শ্যাম পুষ্কৰণ আৰু ৰবিশংকৰে ৷ সংগীত ৰচনা কৰিছিল বিজীবালে।[1] ছবিখন নাৰীবাদৰ মিশ্ৰণেৰে ভিন্ন পটভূমিৰ দুগৰাকী মহিলাৰ প্ৰেম জাগৃতি যাত্ৰাৰ চিত্ৰায়ণ কৰা হৈছে। ২০১৫ চনৰ ২৩ অক্টোবৰত মুক্তি পাইছিল।[2]
প্লট
[সম্পাদনা কৰক]পদ্মিনী (মঞ্জু ৱাৰিয়ৰ) নামৰ এগৰাকী পৰম্পৰাগত বিবাহিত মহিলাই কাৰ ৰেলী ড্ৰাইভাৰ স্বামী গিৰি (জিনু জোচেফ)ৰ সৈতে হোৱা ব্যক্তিগত সংঘাত সমাধানৰ বাবে হিমাচল প্ৰদেশৰ মানালীলৈ যায়। ৰাণী (ৰীমা কলিংগাল) উত্তৰ ভাৰতত ডাঙৰ-দীঘল হোৱা এগৰাকী টমবয়। জীৱনলৈ ভাবুকি কঢ়িয়াই অনা অপৰাধী ৰাজাৰ পৰা তাই পলাই ফুৰিছে। ৰাণী আৰু পদ্মিনীৰ বাছত লগালগি হয় আৰু এটা সৰল পাৰস্পৰিক সম্বন্ধৰ আনন্দখিনিৰ সৈতে স্মৰণীয় যাত্ৰা আৰম্ভ হয়। তেওঁলোকে একেলগে গিৰিক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে আৰু একে সময়তে ৰাজাৰ গেংটোৰ পৰাও হাত সাৰিবলৈ চেষ্টা কৰে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Onmanorama Staff (28 September 2015). "'Rani Padmini' first song released". Malayala Manorama. http://english.manoramaonline.com/entertainment/music/rani-padmini-song-varu-pokaam-parakkaam.html। আহৰণ কৰা হৈছে: 23 October 2015.
- ↑ Sachin Jose (23 October 2015). "'Rani Padmini' movie review by audience: Live updates on Manju Warrier-Rima Kallingal film". International Business Times. http://www.ibtimes.co.in/rani-padmini-movie-review-audience-live-manju-warrier-rima-kallingal-aashiq-abu-film-651663। আহৰণ কৰা হৈছে: 23 October 2015.
- ↑ Akhila Menon (9 November 2015). "Rani Padmini Movie Review: Bold And Beautiful". Filmibeat. http://www.filmibeat.com/malayalam/reviews/2015/rani-padmini-movie-review-manju-warrier-rima-kallingal-duo-202726.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰাণী পদ্মিনী (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত ৰাণী পদ্মিনী