সমললৈ যাওক

ৰাণী বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাণী বেগম
স্থানীয় নাম رانی بیگم
জন্ম নাছিৰা বেগম
০৮ ডিচেম্বৰ, ১৯৪৬
লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
মৃত্যু ২৭ মে', ১৯৯৩ (৪৬ বছৰ)
কৰাচী, পাকিস্তান
অন্য নাম
  • দ্য ডান্সিং কুইন[1]
  • লাক্স গাৰ্ল[2]
  • কুইন অৱ ললিউড[1]
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ১৯৬২ – ১৯৯৩
দাম্পত্যসঙ্গী
  • হাছান তাৰিক (বি. ১৯৭০; বিবি. ১৯৭৭)
  • মিয়াঁ জাভেদ কামাৰ (বি. ১৯৭৯; বিবি. ১৯৮০)
  • ছৰফৰাজ নৱাজ (বি. ১৯৮২; বিবি. ১৯৯১)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৬৮, ১৯৭১ আৰু ১৯৮৩ চনত ৩টা নিগাৰ বঁটা লাভ

ৰাণী বেগম (رانی بیگم; ৮ ডিচেম্বৰ ১৯৪৬ – ২৭ মে' ১৯৯৩) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। ১৯৬০ দশকৰ শেষৰফালে তেওঁ ৱাহিদ মুৰাদেৰ সৈতে সফল জুটি হিচাপে খ্যাতি লাভ কৰে। চলচ্চিত্ৰসমূহত ৰোমাণ্টিক আৰু নৃত্যধৰ্মী চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ দ্য ডান্সিং কুইন, কুইন অৱ ললিউড আৰু লাক্স গাৰ্ল নামেৰে পৰিচিত আছিল।[1] তেওঁ উপমহাদেশৰ আটাইতকৈ সফল অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল আৰু চলচ্চিত্ৰত নিজৰ নৃত্য প্ৰদৰ্শনৰ বাবেও বিশেষভাৱে জনপ্ৰিয় আছিল।[3][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰাণী বেগমৰ জন্ম ৮ ডিচেম্বৰ ১৯৪৬ চনত নাছিৰা নামেৰে লাহোৰৰ মোজাং অঞ্চলত হৈছিল। তেওঁৰ পিতৃ মালিক মুহাম্মদ শফি আৰু মাতৃ ইকবাল বেগম আছিল। তেওঁ এজন আৰাইন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[2] তেওঁৰ পিতৃ প্ৰখ্যাত গায়িকা মুখতাৰ বেগমৰ গাড়ীচালক আছিল, যিগৰাকী সুপ্ৰসিদ্ধ উৰ্দু নাট্যকাৰ আঘা হাশৰ কাশ্মীৰীৰ পত্নী আছিল। মুখতাৰ বেগমেই ৰাণীক নিজৰ তত্ত্বাৱধানত লৈ ডাঙৰ-দীঘল কৰিছিল। পিছলৈ মুখতাৰ বেগমৰ তত্ত্বাৱধানত ডাঙৰ হোৱাৰ পিছত ৰাণী নিজৰ মাতৃৰ সৈতে পুনৰ মিলন ঘটাই তেওঁৰ সৈতে থাকিবলৈ যায়।[2]

অভিনয় কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাণীয়ে পাকিস্তানী চলচ্চিত্ৰ জগতত উৰ্দু আৰু পঞ্জাবী দুয়ো ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৬২ চনত অনোৱাৰ কামাল পাশাই তেওঁক মেহবুব চলচ্চিত্ৰত প্ৰথম চৰিত্ৰ প্ৰদান কৰে।[4] মেহবুবৰ পিছত কেইবছৰমান ধৰি ৰাণীয়ে মৌজ মেলা, এক তেৰা সহাৰা আৰু সফেদ খুন আদি চলচ্চিত্ৰত সহায়ক চৰিত্ৰত অভিনয় কৰিছিল। ১৯৬৫ চনলৈকে তেওঁ আন কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল, কিন্তু সেইবোৰ এখনৰ পিছত এখনকৈ ব্যৰ্থ হোৱাত তেওঁক অপশকুনীয়া অভিনেত্ৰী বুলি কোৱা হৈছিল।[5]

কিন্তু হজাৰ দাস্তান (১৯৬৫) আৰু দেৱৰ ভাবি (১৯৬৭)ৰ সফলতাৰ পিছত ৰাণী এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হয়। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে চন্ন মাখনা, সজ্জন পিয়াৰা, জিন্দ জান, দুনিয়া মতলব দি, অঞ্জুমন, তেহজীব, উমৰাও জান আদা, নাগ মুনি, সীতা মৰিয়ম মাৰ্গাৰেট, এক গুণাহ অউৰ সহি আৰু সুৰাইয়া ভোপালিউমৰাও জান আদা চলচ্চিত্ৰত তেওঁ লক্ষ্ণৌৰ এগৰাকী দুৰ্ভাগীয়া তৱাইফ আৰু কবিয়ত্ৰী চৰিত্ৰত অভিনয় কৰিছিল।[6] চলচ্চিত্ৰখনৰ এখন সমালোচনাত দ্য ষ্টেটমেণ্ট পত্ৰিকাই উল্লেখ কৰিছিল যে তেওঁ “নৃত্যত কঠোৰ পৰিশ্ৰম কৰিছে”, “প্ৰেমৰ দৃশ্যসমূহত অত্যন্ত ভাল অভিনয় কৰিছে” আৰু “উমৰাও হিচাপে উৎকৃষ্টভাৱে নিজকে উপস্থাপন কৰিছে।”[7]

১৯৭৪ চনত তেওঁ লায়লা মজনু চলচ্চিত্ৰত লায়লা চৰিত্ৰত অভিনয় কৰে, যি প্ৰসিদ্ধ কাহিনীৰ ওপৰত আধাৰিত।[6] একে বছৰতেই তেওঁ দিদাৰ চলচ্চিত্ৰত দুজন প্ৰেমিকৰ মাজত বিচ্ছিন্ন হৈ পৰা হালালা প্ৰথাৰ শিকাৰ হোৱা এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰে।[6] ১৯৭৫ চনত দিলৰুবা চলচ্চিত্ৰত তেওঁ এখন চহৰীয়া যুৱকৰ প্ৰেমত পৰা এগৰাকী যাযাবৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰে।[6] ১৯৭৮ চনত সীতা মৰিয়ম মাৰ্গাৰেট চলচ্চিত্ৰত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰি ভিন্ন ধৰ্মীয় পৰিৱেশত ডাঙৰ হোৱা যমজ ভনী দুজনীৰ ভূমিকাত অভিনয় কৰে।[8] ১৯৯০ দশকৰ আৰম্ভণিতে তেওঁ খুৱাহিশ আৰু ফৰেব নামৰ দুটা টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল।[2][9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬০ দশকৰ শেষৰফালে প্ৰাৰম্ভিক সফলতাৰ পিছত তেওঁ প্ৰখ্যাত পৰিচালক হাছান তাৰিকৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়। তেওঁলোকৰ এটি কন্যা সন্তান ৰাবিয়া জন্মগ্ৰহণ কৰে। কিন্তু পাৰস্পৰিক মতভেদৰ বাবে ১৯৭০ দশকৰ শেষৰফালে হাছান তাৰিকে ৰাণীক তালাক দিয়ে।[2] তাৰ পিছত তেওঁ প্ৰযোজক মিয়াঁ জাভেদ কামাৰৰ সৈতে বিবাহ কৰে, কিন্তু ৰাণীৰ লিউকেমিয়া ৰোগ ধৰা পৰাৰ পাছত তেৱোঁ তালাক দিয়ে।[2]

লণ্ডনত চিকিৎসাৰ সময়ছোৱাত তেওঁ প্ৰসিদ্ধ ক্ৰিকেটাৰ ছৰফৰাজ নৱাজৰ সৈতে পৰিচিত হয়। অচিৰেই তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে আৰু বিবাহ সম্পন্ন হয়। ১৯৮০ দশকৰ শেষৰফালে ৰাণীয়ে ছৰফৰাজৰ নিৰ্বাচনী প্ৰচাৰত সহায়ো কৰিছিল। কিন্তু তেওঁলোকৰ সম্পৰ্কো দীঘলীয়া সময় ধৰি স্থায়ী নহ’ল আৰু তেওঁলোক পৃথক হয়।[2]

তৃতীয়বাৰ তালাক লাভ কৰাৰ পাছত ৰাণী একাকিত্বৰ দুখত ভুগিবলৈ ধৰিলে। কেঞ্চাৰ ৰোগেও পুনৰ তীব্ৰ ৰূপ লৈ তেওঁক আক্ৰান্ত কৰে। এইবাৰ ৰাণীৰ জীৱনৰ প্ৰতি আগ্ৰহ কমি আহিছিল যদিও নিজৰ কন্যাৰ বিবাহ দেখা মনৰ এটা ডাঙৰ ইচ্ছা হিচাপে ৰৈ গৈছিল।[9]

ৰোগ আৰু মৃত্যু

[সম্পাদনা কৰক]
ৰাণী আৰু তেওঁৰ মাতৃৰ সমাধি

ৰাণীৰ মৃত্যু ২৭ মে' ১৯৯৩ চনত কৰাচীত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ৪৬ বছৰ বয়সত হয়। তেওঁৰ কন্যা ৰাবিয়াৰ বিবাহ সম্পন্ন হোৱাৰ মাত্ৰ কেইদিনমান পাছতেই তেওঁৰ মৃত্যু হয়। ৰাণীৰ মৃত্যুৰ কিছুদিনৰ ভিতৰতে তেওঁৰ মাতৃয়ো মৃত্যু বৰণ কৰে। উল্লেখযোগ্য যে, ৰাণীৰ মাতৃ গম্ভীৰভাৱে অসুস্থ আছিল আৰু তেওঁ নিজৰ কন্যাৰ মৃত্যুৰ খবৰ কেতিয়াও নাজানিছিল। ৰাণীৰ একমাত্ৰ ভনীও তিনিমাহৰ ভিতৰত মৃত্যুবৰণ কৰে।

ৰাণী আৰু তেওঁৰ মাতৃক লাহোৰৰ মুছলিম টাউন কবৰস্থানত একেলগে সমাধিস্থ কৰা হয়।[2][9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Remembering Rani The Dancing Queen on her death anniversary". 28 May 2021. https://dailytimes.com.pk/762788/remembering-rani-the-dancing-queen-on-her-death-anniversary/.
  2. 1 2 3 4 5 6 7 8 9 "In memoriam: The Rani of our hearts lives on". 25 May 2014. http://www.dawn.com/news/1107945 আহৰণ কৰা হৈছে: 4 July 2019.
  3. Parvez, Amjad (17 October 2019). "Rani: top class heroine of Pakistani cinema's golden era — Part I". Daily Times. Archived from the original on 17 December 2020. https://web.archive.org/web/20201217075911/https://dailytimes.com.pk/484406/rani-top-class-heroine-of-pakistani-cinemas-golden-era-part-i/ আহৰণ কৰা হৈছে: 17 December 2020.
  4. "#ThrowBackThursday: Cham Cham and Raani". The Express Tribune. 23 July 2014. https://tribune.com.pk/story/739881/throwbackthursday-cham-cham-and-raani?.
  5. "The power of the biopic". 1 July 2021. https://www.thenews.com.pk/magazine/instep-today/344147-the-power-of-the-biopic আহৰণ কৰা হৈছে: 1 July 2021.
  6. 1 2 3 4 Muhammad Suhayb (17 December 2023). "Flashback: Queen of Hearts". Dawn.com. https://www.dawn.com/news/1798019.
  7. Mohammad Owais (1972). The Statesman. 18. প্ৰকাশক Pakistan. পৃষ্ঠা. 8. https://books.google.com/books?id=dfUxAQAAIAAJ&q=Hassan+Tariq.
  8. Nate Rabe (25 May 2018). "Sound of Lollywood: ‘Ay Bhai Ay Mister! ’ is the highlight of a virtuoso soundtrack". Scroll.in. https://scroll.in/reel/880069/sound-of-lollywood-ay-bhai-ay-mister-is-the-highlight-of-a-virtuoso-soundtrack.
  9. 1 2 3 "Sarfaraz Nawaz and Rani: Their Wedding and Beyond". Asian Women Magazine. Archived from the original on 7 September 2013. https://web.archive.org/web/20130907050222/http://www.asian-women-magazine.com/relationships/love-affairs/sarfaraz-nawaz-rani.php আহৰণ কৰা হৈছে: July 4, 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]