সমললৈ যাওক

ৰাণী মঞ্জুলা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মঞ্জুলা দেৱী
বিধানসভাৰ সদস্য, অসম বিধান সভা
কাৰ্যকাল
১৯৬৭-?
সমষ্টি পূব কোকৰাঝাৰ
ব্যক্তিগত তথ্য
জন্ম ৫ জানুৱাৰী, ১৯১২
পিথামপুৰম, গোদাবৰী জিলা, মাদ্ৰাজ প্ৰেছিডেন্সী, বৃটিছ ভাৰত(বৰ্তমান অন্ধ্ৰপ্ৰদেশ, ভাৰত)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী অজিত নাৰায়ণদেৱ (বিবাহ ১৯৩২)
সন্তান

ৰাণী মঞ্জুলা দেৱী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, পিথাপুৰমৰ ৰজাৰ কন্যা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে অসমৰ গোৱালপাৰাৰপৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। মাদ্ৰাজৰ চাৰ্চ পাৰ্ক কনভেণ্টৰ ছাত্ৰী আছিল। ১৯৩২ চনত চিদলীৰ ৰজা ৰাজা অজিত নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1][2][3][4][5]

ৰাণী মঞ্জুলা অন্ধ্ৰপ্ৰদেশৰ পিথামপুৰমৰ মহাৰাজাৰ কন্যা আছিল। তেওঁৰ জন্ম হৈছিল ১৯১২ চনৰ ৫ জানুৱাৰীত। তেওঁ অসমৰ চিদলী ৰাজ্যৰ ৰজা অজিত নাৰায়ণদেৱৰ সৈতে ১৯৩২ চনত বিবাহপাশত আৱদ্ধ হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী আছিল। ১৯৬৭ চনত পূব কোকৰাঝাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ অসম বিধানসভালৈ নিৰ্বাচিত হয়। ইয়াৰ আগতে তেওঁ গোৱালপাৰা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতৰ লোকসভালৈয়ো নিৰ্বাচিত হয়। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আছিল। তেওঁৰ স্বামী অজিত নাৰায়ণদেৱেও ১৯৫২ চনত চিদলী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Lok Sabha Members Bioprofile". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/1250.htm আহৰণ কৰা হৈছে: 24 October 2017.
  2. Joginder Kumar Chopra (1 January 1993). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. পৃষ্ঠা. 465–. ISBN 978-81-7099-513-5. https://books.google.com/books?id=mjQ7zgQK9qcC&pg=PA464 আহৰণ কৰা হৈছে: 26 October 2017.
  3. The Indian Journal of Political Science. Indian Political Science Association. 1978. পৃষ্ঠা. 72. https://books.google.com/books?id=uW4KAAAAIAAJ আহৰণ কৰা হৈছে: 26 October 2017.
  4. India. Parliament. Lok Sabha. Committee of Privileges (1957). Report. Lok Sabha Secretariat.. পৃষ্ঠা. 101. https://books.google.com/books?id=bZu2AAAAIAAJ আহৰণ কৰা হৈছে: 26 October 2017.
  5. Assam (India). Legislature. Legislative Assembly (1969). Assam Legislative Assembly Debates: Official report. পৃষ্ঠা. 293. https://books.google.com/books?id=pXYcTbhYKPEC আহৰণ কৰা হৈছে: 26 October 2017.
  6. চৌধুৰী, জিতেন্দ্ৰ কুমাৰ (৫ এপ্ৰিল ২০২৬). "অসম বিধান সভাত মহিলা প্ৰতিনিধি". দৈনিক অসম দেওবৰীয়া চ’ৰা: ১.