ৰাণী ৰাসমণি (চলচ্চিত্ৰ)
ৰাণী ৰাসমণি | |
---|---|
পৰিচালক | কালীপ্ৰসাদ ঘোষ |
ৰচনা | গোপালচন্দ্ৰ ৰায় |
চিত্ৰনাট্য | নৃপেন্দ্ৰকৃষ্ণ চট্টোপাধ্যায় কালীপ্ৰসাদ ঘোষ |
অভিনয়ত | মলিনা দেৱী ছবি বিশ্বাস অসিত বৰণ মুখাৰ্জী |
সম্পাদনা | ৰবীন দাস |
সংগীত পৰিচালক | অনিল বাগচী |
প্ৰযোজনা কোম্পানী |
চালচিত্ৰ প্ৰতিষ্ঠান |
পৰিবেশক | নাৰায়ণ পিকচাৰ্ছ লিঃ |
মুক্তি |
১১ ফেব্ৰুৱাৰী ১৯৫৫ |
দেশ | ভাৰত |
ভাষা | বঙালী |
ৰাণী ৰাসমণি (ইংৰাজী: Rani Rasmani) কালীপ্ৰসাদ ঘোষ পৰিচালিত আৰু ১৯৫৫ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক ছবি। ৰাণী ৰাসমণিৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত মলিনা দেৱীয়ে নাম ভূমিকাত অভিনয় কৰিছিল।[1] ১৯৫৫ চনৰ ১১ ফেব্ৰুৱাৰীত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন মুক্তি পায়।[2][3] ৰাণী ৰাসমণিয়ে তৃতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[4]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ৰাণী ৰাসমণিৰ বাস্তৱ জীৱনৰ কাহিনীক কেন্দ্ৰ কৰি ছবিখন আৱৰ্তমান হৈ আছে। ৰাসমণি কলকাতাৰ নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু জমিদাৰ ৰাজচন্দ্ৰ দাসক বিয়া কৰায়। স্বামীৰ মৃত্যুৰ পিছত সাহসী ভদ্ৰমহিলাগৰাকীয়ে জমিদাৰী আৰু ব্যৱসায়ৰ দায়িত্ব চমজি লয় আৰু নিজকে এগৰাকী ফলপ্ৰসূ নেত্ৰী হিচাপে নিজকে প্ৰমাণ কৰে। সমাজৰ অশুভ উপাদানৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু বিভিন্ন সামাজিক কাজকৰ্মৰ বাবে তেওঁ জনাজাত।
বঁটা
[সম্পাদনা কৰক]- ৩য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৫)
- শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ NFDC. Indian Cinema A Visual Voyage. Publications Division Ministry of Information & Broadcasting. ISBN 9788123021928. https://books.google.com/books?id=O1L2DAAAQBAJ&q=Rani+Rashmoni+1955&pg=PT339। আহৰণ কৰা হৈছে: 20 March 2019.
- ↑ Ashish Rajadhyaksha, Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Routledge. ISBN 9781135943257. https://books.google.com/books?id=rF8ABAAAQBAJ&q=Rani+Rashmoni+1955&pg=RA7-PA1973। আহৰণ কৰা হৈছে: 8 December 2018.
- ↑ "Rani Rashmoni". indiancine.ma. https://indiancine.ma/HSJ। আহৰণ কৰা হৈছে: 8 December 2018.
- ↑ "State Awards for Films, Films in India, 1956". 1956. Archived from the original on 2019-10-02. https://web.archive.org/web/20191002035740/https://www.dff.nic.in/images/Documents/111_3rdNfacatalogue.pdf। আহৰণ কৰা হৈছে: 02-10-2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰাণী ৰাসমণি (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।