সমললৈ যাওক

ৰাতিহ হাৰ্ডজোনো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাতিহ হাৰ্ডজোনো
জন্ম ৬ ডিচেম্বৰ, ১৯৬০ (৬৫ বছৰ)
ৰাষ্ট্ৰীয়তা ইণ্ডোনেছিয়ান
জনা যায় সাংবাদিকতা, ৰাজ্যিক সচিব
ব্ৰুচ গ্ৰাণ্ট (লেখক), ৰাতিহ হাৰ্ডজোনো, আৰু গেৰেথ ইভান্স[1]

ৰাতিহ হাৰ্ডজোনো (ইংৰাজী: Ratih Hardjono; জন্ম: ৬ ডিচেম্বৰ ১৯৬০) কম্পাছ নামৰ ইণ্ডোনেছিয়াৰ বাতৰি কাকতৰ এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখক আৰু এগৰাকী জনসংযোগ পৰামৰ্শদাতা। তেওঁৰ প্ৰথমখন কিতাপ 'হোৱাইট ট্ৰাইব অৱ এছিয়াত অষ্ট্ৰেলিয়াৰ সংস্কৃতি, ইতিহাস আৰু ৰাজনীতিৰ আলোচনা,[2] ১৯৯৩ চনত প্ৰকাশ পায়। তেওঁ আব্দুৰ্ৰহমান ৱাহিদৰ ৰাষ্ট্ৰপতি সচিব আছিল আৰু ২০০০ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি) ইণ্ডোনেছিয়াৰ বাবে কাৰ্যসূচী সমন্বয়ক তথ্য আৰু প্ৰকাশন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুবছৰৰ পিছত তেওঁ বিশ্ব বেংকৰ বাবে দ্য পুৰ স্পিক আপ, ১৭ ষ্ট'ৰীজ অৱ কৰ্পচন নামৰ এখন কিতাপৰ সহ-সম্পাদনা কৰে।[3] হাৰ্ডজোনোৱে গাডজাহ মাদা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ভাইচ ডীন ফজৰুল ফালাখক বিয়া কৰায়।[4]

প্ৰথম বছৰবোৰ

[সম্পাদনা কৰক]

হাৰ্ডজোনোৰ ঘৰ পূব জাকাৰ্টাৰ ক্ৰমাট জাটিত[5] আৰু তেওঁৰ জন্ম হৈছিল ১৯৬০ চনৰ ৬ ডিচেম্বৰত।[6] তেওঁৰ পিতৃয়ে কেজাৱানৰ জাভানিজ বিশ্বাস অনুসৰণ কৰিছিল, আনহাতে তেওঁৰ মাতৃ জোয়ান হাৰ্ডজোনোৰ জন্ম অষ্ট্ৰেলিয়াত হৈছিল আৰু তেওঁ আছিল কেথলিক।[7][8] হাৰ্ডজোনোৱে অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।[3] ১৯৯৩ চনত[9] ঘোষণা কৰা হয় যে তেওঁ বষ্টনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা নিমেন ফেল'শ্বিপ (১৯৯৪) লাভ কৰিছে।[5] সাংবাদিক ছাবাম চিয়াগিয়ান আৰু কবি গোৱেনাৱান মহম্মদৰ পিছত তেওঁ এনে বৃত্তি লাভ কৰা তৃতীয়গৰাকী ইণ্ডোনেছিয়ান আছিল।[10]

সাংবাদিক জীৱন

[সম্পাদনা কৰক]

হাৰ্ডজোনোৱে কেইবাবছৰ ধৰি ইণ্ডোনেছিয়াৰ দৈনিক কাকত কম্পাছৰ সৈতে কাম কৰিছিল। অষ্ট্ৰেলিয়াত তেওঁলোকৰ অন্যতম সংবাদদাতা আছিল[6] আৰু সামৰিক শাসনৰ পৰা গণতন্ত্ৰলৈ দেশসমূহৰ পৰিৱৰ্তনৰ লগতে ছোভিয়েট ইউনিয়ন ভংগ হোৱা, সামৰিক অভ্যুত্থান আৰু আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ নিৰ্বাচনৰ বিষয়েও বহু লিখিছিল।[3]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৯৮ চনত হাৰ্ডজোনো আব্দুৰহমান ৱাহিদৰ সহায়ক হয়।[11] ৱাহিদ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ১৯৯৯ চনৰ নৱেম্বৰৰ পৰা তেওঁৰ ৰাজ্যিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে।[12] ৰাজ্যিক সচিব হিচাপে তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে কাম কৰিছিল আৰু ৩৫ বছৰৰ আগতে সুকাৰ্ণোৰ পতনৰ পিছত প্ৰথমটো অসামৰিক ৰাষ্ট্ৰপতিৰ কাৰ্যালয় নিৰ্মাণ কৰা বুলি উল্লেখ কৰা হৈছে।[13][3] তেওঁৰ আন কৰ্তব্যসমূহৰ ভিতৰত আছিল ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি অংশগ্ৰহণ কৰা ৰাজ্যিক অনুষ্ঠানৰ প্ৰস্তুতি আৰু লগতে ৰাষ্ট্ৰপতি ভ্ৰমণ। তেওঁ সংবাদ মাধ্যমৰ সৈতেও কাম কৰিছিল আৰু প্ৰশাসনিক কৰ্তব্যও পালন কৰিছিল, য'ত ৰাষ্ট্ৰপতিৰ বাসগৃহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা ৫০০ চৰকাৰী কৰ্মচাৰীৰ তত্বাৱধানো আছিল।[12] কিন্তু দ্য জাকাৰ্টা পোষ্টৰ মতে মেৰ্ডেকা পেলেচৰ সূত্ৰই প্ৰকাশ কৰিছে যে ৱাহিদৰ পত্নী চিন্টা নুৰিয়াৰ সৈতে তেওঁৰ ভাল মিল নাছিল;[11] তদুপৰি, ৱাহিদৰ ৰাজনৈতিক ক্ষমতাৰ ভিত্তি হিচাপে কাম কৰা মুছলমান সংগঠন নাহদলাতুল উলামাৰ ভিতৰৰ ধৰ্মগুৰুসকলৰ মাজতো তেওঁৰ জনপ্ৰিয়তা নাছিল, কাৰণ তেওঁলোকে তেওঁৰ দাবীক বিতৰ্ক কৰিছিল যে তেওঁ ১৯ শতিকাৰ এজন বিশিষ্ট ক্যায়ৰ বংশধৰ।.[7] অষ্ট্ৰেলিয়াৰ সৈতে থকা সম্পৰ্কৰ বাবে ৰাতিহৰ ওপৰত অষ্ট্ৰেলিয়াৰ চোৰাংচোৱা বুলিও অভিযোগ উত্থাপন হৈছিল।[7] দ্য অষ্ট্ৰেলিয়ানৰ বিদেশী সম্পাদক গ্ৰেগ শ্বেৰিডানে চোৰাংচোৱাগিৰিৰ অভিযোগক কোনো ধৰণৰ প্ৰমাণ নাই বুলি উলাই কৰিছে আৰু ইয়াৰ কাৰণ কিম বিজলীৰ বিৰুদ্ধে আভ্যন্তৰীণ চৰকাৰী ৰাজনীতি বুলি কয়।[14]

২০০০ চনৰ মাৰ্চ মাহৰ মাজভাগত হাৰ্ডজোনোৱে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ[11] পদত্যাগ কৰে যাতে তেওঁৰ বিয়াৰ প্ৰস্তুতি আৰু "দুৰ্নীতি, গোপন বুজাবুজি আৰু নেপটিজিম" এৰাই চলিব পাৰে।[6] তেওঁৰ ঠাইত জ'কো মুলিয়নোক নিযুক্তি দিয়া হয়।[15]

উত্তৰ ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

পদত্যাগ কৰাৰ পিছত হাৰ্ডজোনো ইণ্ডোনেছিয়াক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ তথ্য আৰু প্ৰকাশন কাৰ্যসূচী সমন্বয়ক হয়। ২০০২ চনত তেওঁ দ্য পুৰ স্পিক আপ, ১৭ ষ্ট'ৰীজ অৱ কৰ্পচনৰ সহ-সম্পাদনাও কৰিছিল। ২০০৫ চনৰ পৰা ৰাতিহে ইণ্ডোনেছিয়ান কমিউনিটি ফৰ ডেম’ক্ৰেচি (KID) নামৰ এন জি অ’ৰ মহাসচিব হিচাপে কাম কৰি আহিছে, যিটো এন জি অ’ হৈছে সমগ্ৰ ইণ্ডোনেছিয়াত জিলা পৰ্যায়ত স্কুল অৱ ডেম’ক্ৰেচি স্থাপন কৰি গণতন্ত্ৰৰ প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত কাম কৰা এটা এন জি অ’। ইয়াৰ উপৰিও তেওঁ অলব্ৰাইট ষ্টোনব্ৰিজ গ্ৰুপৰ জ্যেষ্ঠ উপদেষ্টা।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

হাৰ্ডজোনোৰ বিবাহ হৈছে গাডজাহ মাদা বিশ্ববিদ্যালয়ৰ আইনৰ ভাইচ ডীন ফজৰুল ফালাখৰ সৈতে, যি এজন ৰাজনীতিবিদ আৰু এসময়ত নাহদলাতুল উলামাৰ উপ-সভাপতি[6] যাৰ সৈতে তেওঁ জাকাৰ্টাত বাস কৰে[4] আৰু যাৰ পৰা তেওঁৰ যমজ পুত্ৰ আছে।[3] তেওঁৰ প্ৰথম স্বামী আছিল অষ্ট্ৰেলিয়াৰ সাংবাদিক ব্ৰুচ গ্ৰাণ্ট।[7]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Evans, Gareth; Grant, Bruce (1992). Australia's Foreign Relations: In the World of the 1990s. 
  2. Hardjono, Ratih (31 December 1994). White tribe of Asia: an Indonesian view of Australia. Hyland House in association with the Monash Asia Institute, Monash University. ISBN 978-1-875657-31-5. https://books.google.com/books?id=dlCBPwAACAAJ। আহৰণ কৰা হৈছে: 12 October 2011. 
  3. 3.0 3.1 3.2 3.3 3.4 "Ratih Hardjono". Komunitas Indonesia untuk Demokrasi together with the Netherlands Institute for Multiparty Democracy. Archived from the original on 26 October 2007. https://web.archive.org/web/20071026035223/http://www.komunitasdemokrasi.or.id/ratih-hardjono-en.php। আহৰণ কৰা হৈছে: 13 October 2011. 
  4. 4.0 4.1 Fiore, Lois (22 March 2004). "Ratih Hardjono is living in Jakarta with husband Fajrul Falaakh, who is a constitutional lawyer and vice dean of law at Gajah Mada University.". Nieman Reports. HighBeam Research. Archived from the original on 20 November 2018. https://web.archive.org/web/20181120011651/https://www.highbeam.com/doc/1G1-115844446.html। আহৰণ কৰা হৈছে: 13 October 2011. 
  5. 5.0 5.1 "Ratih Hardjono". niemanfellows.harvard.edu. http://www.niemanfellows.harvard.edu/person/5981507/Ratih-Hardjono.htm। আহৰণ কৰা হৈছে: 13 October 2011. 
  6. 6.0 6.1 6.2 6.3 "President accepts secretary Ratih's resignation". The Jakarta Post. 24 March 2000. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304204153/http://www.thejakartapost.com/news/2000/03/24/president-accepts-secretary-ratih039s-resignation.html। আহৰণ কৰা হৈছে: 13 October 2011. 
  7. 7.0 7.1 7.2 7.3 Todd, Tim (22 March 2000). "Labelled an Australian spy, Wahid aide offers to quit". Australian Financial Review. 
  8. Barton, Greg (2002). Abdurrahman Wahid: Muslim democrat, Indonesian president : a view from the inside. University of Hawaii Press. পৃষ্ঠা. 266. ISBN 978-0-8248-2622-2. https://books.google.com/books?id=VLyk2UxFqTYC&pg=PA266. 
  9. Indonesia reports. Indonesia Publications. January 1993. পৃষ্ঠা. 19. https://books.google.com/books?id=xgZWAAAAYAAJ। আহৰণ কৰা হৈছে: 12 October 2011. 
  10. "Freelancer Andreas wins Nieman Fellowship". The Jakarta Post. 27 May 1999. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304141945/http://www.thejakartapost.com/news/1999/05/27/freelancer-andreas-wins-nieman-fellowship.html। আহৰণ কৰা হৈছে: 13 October 2011. 
  11. 11.0 11.1 11.2 "Ratih may quit her post soon". The Jakarta Post. 21 March 2000. http://www.thejakartapost.com/news/2000/03/21/ratih-may-quit-her-post-soon.html। আহৰণ কৰা হৈছে: 13 October 2011. [সংযোগবিহীন উৎস]
  12. 12.0 12.1 "The men and women behind the President". The Jakarta Post. 29 February 2000. http://beta.thejakartapost.com/news/2000/02/29/the-men-and-women-behind-president.html। আহৰণ কৰা হৈছে: 13 October 2011. [সংযোগবিহীন উৎস]
  13. "Q and A Gets Dangerous: Panellists". ABC.net.au (Australian Broadcasting Company). 4 October 2010. http://www.abc.net.au/tv/qanda/txt/s3023247.htm?show=transcript। আহৰণ কৰা হৈছে: 13 October 2011. 
  14. Greg Sheridan, "Artificial Intelligence", The Australian, Edition 1 - All Round Country, Thursday 1 July 2011, p. 016.
  15. "Mujib named acting presidential secretary". The Jakarta Post. 5 October 2000. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304210446/http://www.thejakartapost.com/news/2000/10/05/mujib-named-acting-presidential-secretary.html। আহৰণ কৰা হৈছে: 13 October 2011.