ৰাধিকা বাজ

ৰাধিকা বাজ (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় কমেডিয়ান আৰু লেখিকা। মুম্বাইত জন্ম গ্ৰহণ কৰা বাজে চেন্নাইত এটা বিজ্ঞাপন সংস্থাত কাম কৰিছিল আৰু পিছত চিৰাকিউজ বিশ্ববিদ্যালয়, নিউয়ৰ্কৰ পৰা বিজ্ঞাপনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]ৰাধিকা বাজে ইম্প্ৰ'ভাইজেচনেল থিয়েটাৰত অংশ লৈছিল, আৰু তেওঁ কৈছিল যে এইটোতেই তেওঁৰ অভিনয় আৰু লিখনি যাত্ৰাৰ আৰম্ভণি হৈছিল।[1] তেওঁ লছ এঞ্জেলছৰ গ্ৰাউণ্ডলিংছ স্কুল আৰু নিউয়ৰ্কৰ ইম্প্ৰ'ভলিউচনত প্ৰশিক্ষণ লৈছিল।[2]
২০১৪ চনত, তেওঁ নিউয়ৰ্ক আৰু ভাৰতৰ মুম্বাই, চেন্নাই, বেংগালুৰু, কোচি, গুড়গাঁও আৰু দিল্লীত Older. Angrier. Hairier. শীৰ্ষক অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। লগতে তেওঁ Unladylike: The Pitfalls of Propriety নামৰ নাটকটোত অভিনয় কৰিছিল।
বাজ দ্য টাইমছ অৱ ইণ্ডিয়াৰ কলাম লেখিকা। তেওঁ তেওঁৰ শ্ব'ৰ বাবে পেট্ৰিচ ও’নীল আৰু বিল হিক্সক অনুপ্ৰেৰণা হিচাপে গণ্য কৰে।[3]
তেওঁ নাডিয়া পি. মানজুৰৰ সৈতে Shugs & Fats নামৰ ৱেব-ছিৰিজৰ সহ-সৃষ্টি কৰিছিল, যিয়ে গথাম এৱাৰ্ড লাভ কৰিছিল[4] আৰু বৰ্তমান এমাজন ষ্টুডিঅ'ছৰ সৈতে উন্নয়ন ধীন।[5]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "Radhika Vaz is older, angrier, hairier in her new stand-up act", from The Times of India
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "New York laughs out loud with 'Unladylike' Radhika Vaz | Latest News & Updates at Daily News & Analysis". http://www.dnaindia.com/lifestyle/report-new-york-laughs-out-loud-with-unladylike-radhika-vaz-1469700। আহৰণ কৰা হৈছে: 2015-09-07.
- ↑ "Catch Radhika Vaz's Older. Angrier. Hairier. show at Distil - Indulge". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304190704/http://indulge.newindianexpress.com/nothings-off-limits/chennai/13412। আহৰণ কৰা হৈছে: 2015-09-07.
- ↑ "Stand up comic Radhika Vaz to perform in Chennai - The Times of India". 5 March 2015. http://timesofindia.indiatimes.com/city/chennai/Stand-up-comic-Radhika-Vaz-to-perform-in-Chennai/articleshow/46462818.cms.
- ↑ "Shugs and Fats winning the Breakthrough Series - Short Form 2015 Gotham Award for SHUGS AND FATS". YouTube. https://www.youtube.com/watch?v=h_TznFv72fw.
- ↑ "Jill Soloway Re-Ups Overall Deal With Amazon Studios". 8 May 2017. https://deadline.com/2017/05/jill-soloway-overall-deal-amazon-studios-1202086337/.