ৰাধিকা ভেমুলা
| ৰাধিকা ভেমুলা | |
|---|---|
| জন্ম | অন্ধ্ৰপ্ৰদেশ, ভাৰত |
| পেচা | সমাজকৰ্মী |
| সন্তান | ৰোহিত ভেমুলা, ৰাজা আৰু নিলীমা |
ৰাধিকা ভেমুলা (ইংৰাজী: Radhika Vemula) এগৰাকী ভাৰতীয় দলিত অধিকাৰ আৰু জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি অহা সমাজকৰ্মী।[1][2][3][4]
২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত আত্মহত্যা কৰা পুত্ৰ ৰোহিত ভেমুলা (আম্বেদকাৰ ছাত্ৰ সন্থাৰ নেতা)ৰ দ্বাৰা আৰম্ভ কৰা কামটো তেওঁ অব্যাহত ৰাখিছে - যিটো কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ সৃষ্টি কৰিছিল আৰু ভাৰতীয় বিশ্ববিদ্যালয়সমূহত দলিত বৈষম্যৰ গোচৰ হিচাপে সংবাদ মাধ্যমৰ ব্যাপক চৰ্চা লাভ কৰিছিল। হায়দৰাবাদ বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ সময়ত পুত্ৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাধিকা ভেমুলাকে ধৰি অন্যান্য ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকে বিশ্ববিদ্যালয় আৰু অন্যান্য উচ্চ শিক্ষানুষ্ঠানত জাতিগত বৈষম্যৰ অন্ত পেলাবলৈ বিচাৰিছে।[5] [6] কিন্তু অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ জিলা পৰ্যায়ৰ তদন্ত সমিতিয়ে ৰোহিত ভেমুলাৰ দলিত মৰ্যাদা পৰ্যালোচনা কৰি থকা জিলা পৰ্যায়ৰ পৰীক্ষা সমিতিখনে চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰি কয় যে ৰোহিত বা তেওঁৰ মাতৃ ৰাধিকা কোনোৱেই দলিত নহয়।[7]
পৰিয়াল
[সম্পাদনা কৰক]ৰাধিকা ভেমুলা তিনিটা সন্তানৰ মাতৃ৷ ডাঙৰ পুত্ৰ ৰোহিত(৩০/০১/১৯৮৯-১৭/০১/২০১৬),এজন সৰু পুত্ৰ ৰাজা, আৰু কন্যা নিলিমা৷[1]
বৌদ্ধধৰ্ম গ্ৰহণ
[সম্পাদনা কৰক]২০১৬ চনৰ ১৪ এপ্ৰিলত ১২৫ তাৰিখে আম্বেদকাৰ জয়ন্তী, ৰাধিকা ভেমুলা আৰু তেওঁৰ পুত্ৰ ৰাজাই মহাৰাষ্ট্ৰৰ মুম্বাইত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। বাবাছাহেব আম্বেদকাৰৰ নাতি প্ৰকাশ আম্বেদকাৰে মুম্বাইৰ দাদাৰস্থিত ড° বাবাছাহেব আম্বেদকাৰ ভৱনত ৰোহিতৰ পৰিয়ালক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত সহায় কৰিছিল।[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Minhaz, Ayesha (31 January 2016). "Born Dalit: Meet Radhika Vemula, Rohith's mother" (en-US ভাষাত). Scroll.in. https://scroll.in/article/802658/born-dalit-meet-radhika-vemula-rohiths-mother। আহৰণ কৰা হৈছে: 2019-12-09.
- ↑ "A Year After Rohith's Death, Radhika Vemula Continues To Be Harassed And Humiliated" (en ভাষাত). HuffPost India. 2017-01-23. https://www.huffingtonpost.in/sujatha-surepally/a-year-after-rohiths-death-radhika-vemula-continues-to-be-hara_a_21660470/। আহৰণ কৰা হৈছে: 2019-12-09.
- ↑ "A mother's metamorphosis" (en ভাষাত). The Week. Archived from the original on 2019-12-10. https://web.archive.org/web/20191210230047/https://www.theweek.in/theweek/current/2018/07/21/a-mothers-metamorphosis.html। আহৰণ কৰা হৈছে: 2019-12-10.
- ↑ "Standing In Solidarity with Radhika Vemula on International Women's Day" (en-US ভাষাত). Auburn Seminary. 2017-03-06. Archived from the original on 2019-12-17. https://web.archive.org/web/20191217211820/https://auburnseminary.org/voices/radhika-vemula/। আহৰণ কৰা হৈছে: 2019-12-17.
- ↑ Scroll Staff (20 September 2019). "SC agrees to hear plea of Payal Tadvi and Rohith Vemula's mothers, asks Centre to respond in 4 weeks" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/937921/sc-agrees-to-hear-plea-of-payal-tadvi-and-rohith-vemulas-mothers-asks-centre-to-respond-in-4-weeks। আহৰণ কৰা হৈছে: 2020-01-02.
- ↑ "Rohith Vemula's mother, students arrested as protest rocks Hyderabad varsity". Hindustan Times. Indo Asian News Service. 17 January 2017. https://www.hindustantimes.com/india-news/rohith-vemula-s-mother-students-arrested-as-protest-rocks-hyderabad-varsity/story-GcU38sGVp1ftvVWNIgLMDL.html। আহৰণ কৰা হৈছে: 21 July 2024.
- ↑ "Rohith Vemula and mother Radhika are OBCs, not Dalits, says Andhra Pradesh government" (en-US ভাষাত). Firstpost. 14 February 2017. http://www.firstpost.com/india/rohith-vemula-and-mother-radhika-are-obcs-not-dalits-says-andhra-pradesh-government-3282654.html.
- ↑ "रोहित वेमुला के परिवार ने अपनाया बौद्ध धर्म". https://m.navbharattimes.indiatimes.com/metro/mumbai/other-news/Rohith-Vemulas-mother-and-brother-converted-to-Buddhism/articleshow/51822970.cms.
- ↑ "रोहित के परिवार ने हिंदू धर्म छोड़ा, बने बौद्ध". 14 April 2016. https://www.bbc.com/hindi/india/2016/04/160414_rohit_vemula_family_converted_buddhism_rd.