সমললৈ যাওক

ৰাভাসকলৰ পূজা-পাতল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Rabha People

ভাৰতবৰ্ষৰ উওৰ পূৰ্বাঞ্চলত বসবাস কৰা বৃহৎ মংগোলীয় গোষ্ঠীৰ বিশেষ শাখা হ'ল ৰাভা জনজাতীয় লোকসকল। বিশেষকৈ অসম, মেঘালয়, পশ্চিমবংগ, কোচবিহাৰ, জলপাইগুৰি জিলাৰ বিভিন্ন ভৌগোলিক অঞ্চলৰ বসবাস কৰে ৰাভা সকল। ৰাভা সকলোৰ ধৰ্মীয় আৰু সংস্কৃতিক জীৱন অতিশয় বৈচিত্ৰ্যময়। তেওঁলোকৰ সমাজত প্ৰচলিত পূজা-পাতল বোৰৰ জৰিয়তে ৰাভা জীৱনৰ সুখ-দুখ, লোকবিশ্বাস, ৰীতি-নীতি সম্পৰ্কে জানিব পাৰি। বছৰৰ বিভিন্ন ঋতু বা মাহত নানান উৎসৱ আদি পালন কৰি ৰোগ ব্যাধি আৰু দেৱ-দেৱীৰ, ভূত-প্ৰেত আদিৰ কোপ দৃষ্টিৰ হাত সাৰিবলৈ নানান পূজা-অৰ্চনা ৰাভাসকলে কৰে।

প্ৰাচীন কালৰে পৰা ৰাভা সকলে সকলো দেৱ-দেৱীৰ ভিতৰত 'ৰিছিদেও বা চাৰপাক' (শিৱৰ ৰূপান্তৰ) ক উচ্চ স্থানত ৰখা দেখা যায়। ৰিছিয়ে তেওঁলোকক লগত লৈ অহা হেতু 'ৰাবা' বুলি কোৱা হয় আৰু এই 'ৰাবা' শব্দৰ উচ্চাৰণৰ বিবৃতি ঘটি 'ৰাভা' শব্দৰ উৎপত্তি হৈছিল বুলি জনা যায়। ৰাভাসকলে প্ৰধানকৈ বলি-বিধান পদ্ধতিৰে পূজা-পাতল কৰে। তেওঁলোকৰ বিভিন্ন পূজা-পাতল আৰু অন্যান্য সামাজিক অনুষ্ঠানৰ লগত 'থানঘৰ' জড়িত হৈ থাকে। খেতি-বাতি, নতুন ঘৰ লোৱা, পথাৰৰ শস্য লোৱা, গৰ্ভধাৰণ, জন্ম, মৃত্যু, বিবাহ ইত্যাদি সকলোতে তেওঁলোকে গভীৰ আত্মবিশ্বাসেৰে কেতবোৰ পূজা-অৰ্চনা কৰে।

বিভিন্ন ধৰণৰ পূজা-পাতল

[সম্পাদনা কৰক]

ময়ৰাবায় পূজা

[সম্পাদনা কৰক]

ধনুষ্টংকাৰ বা সেই জাতীয় বেমাৰ যেনে, হঠাতে সংজ্ঞাহীন হৈ পাৰ, মাতবোল হেৰাই যোৱা, চক্ খোৱা, স্বাভাৱিকতা হেৰুৱায় পেলোৱা আদি হ'লে এই পূজা অনুষ্ঠিত কৰা হয়। ৰাভাসকলৰ অন্যান্য পূজাৰ দৰে ইয়াতো আসন পাতিব লাগে। ময়ূৰ বায়লৈ সজোৱা এই আসনত বাঁহৰ টমলাৰে (বাঁহৰ মিহি বাকলি) তৈয়াৰ কৰি উলিওৱা মʼৰাৰ চৰাই এটি স্থাপন কৰা হয়। মন্ত্ৰৰ দ্বাৰা দেউৰী বা পূজাৰীয়ে মায়ৰাবায়ক সন্তুষ্ট কৰিবলৈ অপ্ৰাণ চেষ্টা চলায়। এই পূজাত দেৱতাক কেতিয়াবা বলিও অৰ্পণ কৰে। পূজাৰ আসনত ধূপ-ধূনা জ্বলাই যিকোনো সময়তে এই পূজা পাতিব পাৰি। এই পূজাৰ মন্ত্ৰবোৰ গীত সদৃশ।

খুচাম্বাই দেৱতাৰ পূজা

[সম্পাদনা কৰক]

গা খুজোৱা, গাত ঘাঁ হোৱা, গা ফুলা আদি হ'লে ৰাভা সমাজত এই পূজা অনুষ্ঠিত কৰা হয়। এই পূজা গোৱালপাৰা জিলাৰ ৰংদানি ৰাভা সমাজত প্ৰচলিত। এই পূজাত কুকুৰা বলি দিয়া হয় লগতে প্ৰসাদো অৰ্পণ কৰে। পূজাৰ বাবে চাৰিডাল বাঁহেৰে মেৰ দি 'খুচাম্বাই' দেৱতাৰ আসন সজোৱা হয়। মেৰৰ ভিতৰত থকা আসনত এচটা শিল অৰ্থাৎ 'ৰউনজউমক' থোৱা হয়। এই পূজা আগতে থানত হৈছিল যদিও বৰ্তমান এই পূজা মানুহৰ ঘৰে ঘৰেও হয়। এই পূজা সন্ধিয়া কৰা হয়। দেউৰী জনে দিনটো লঘোনে থাকি সন্ধিয়া এই পূজা কৰে।

বেৰা হাচুবায়

[সম্পাদনা কৰক]

এই দেৱতা ঘৰৰ পোহনীয়া গৰু, মʼহ, ছাগলী, গাহৰি আদি জন্তুৰ ৰক্ষাকৰ্তা। এই দেৱতাক সন্তুষ্ট কৰি ৰাখিবলৈ পাৰিলে ঘৰচীয়া জীৱ-জন্তুৰ কোনো বেমাৰ-আজাৰ হানি-বিঘিনি নহয় বুলি বিশ্বাস কৰে। ঘৰৰ সন্মুখৰ কুকুৰা বলি দি এই পূজা সম্পন্ন কৰা হয়।

দাৰমাং বায়

[সম্পাদনা কৰক]

যেতিয়া পৰিয়াল বৰ্গৰ জ্বৰ আদি বেমাৰ সঘনাই হৈ থাকে আৰু ঘৰৰ আৰ্থিক অৱস্থা শোচনীয় হয় তেতিয়া এই পূজা অনুষ্ঠিত কৰা হয়। স্বাস্থ আৰু সম্পত্তিৰ মালিক হিচাপে এই দেৱতাৰ পূজা কৰা হয়। এই পূজাত গাহৰি বলি দিয়া হয়। ৰাভাসকলৰ মতে এই দেৱতা 'দাৰমাংʼ পাহাৰত অৱস্থিত।

ৰণতাক দেৱতাৰ পূজা

[সম্পাদনা কৰক]

ইয়াত ঘৰ গোসানীৰ পূজা কৰা হয়। 'ৰন্তাক' শব্দৰ অৰ্থ হৈছে চাউলৰ হাড়ী। ৰান্ধনী ঘৰৰ ভিতৰত এখন ওখ বাঁহৰ চাঙত ধান খেৰৰ 'পেছতা' ৰ ওপৰত চাউলেৰে পৰিপূৰ্ণ এটা হাড়ী স্থাপন কৰে, ইয়াতে ঘৰৰ লক্ষ্মী বাস কৰে বুলি ৰাভাসকলৰ বিশ্বাস। পূজাৰ অন্তত ৰাইজে মদ-মাংস ভাতেৰে ভোজন কৰে।

কনচো দেৱতাৰ পূজা

[সম্পাদনা কৰক]

ধানৰ ভঁৰাল যাতে পোক-পৰুৱা, নিগনি আদি জন্তুয়ে কোনো অনিষ্ট নকৰে তাৰ বাবে কনচো দেৱতাৰ পূজা অনুষ্ঠিত কৰা হয়। কুকুৰা, গাহৰিৰ দ্বাৰা এই পূজা কৰা হয়। কলপাত পিঠাৰ বা চুঙা পিঠা ৰ দ্বাৰা ভোগ দিয়া হয়। লোক-কথা অনুসৰি কনচো দেৱতাৰ ভৰি পটা হেনো ওলোটা।

কালী পূজা

[সম্পাদনা কৰক]

বকো অঞ্চলৰ ৰাভাসকলৰ মাজত 'হানা ঘোঁৰা' বা 'কালী ঘোঁৰা' নামৰ এক শ্ৰেণীৰ নৃত্যৰ প্ৰচলন আছে। এই নৃত্য ই ৰাভাসকলৰ মাজত কালী পূজাৰ প্ৰচলন থকাকৈ বুজায়। কালী পূজাৰ নিজা থান থাকে। অ-কুমাৰী ছোৱালীৰ কপালত সেন্দূৰ ফোঁট দি ৰঙা সাজ পিন্ধায় আৰু সোণ ৰূপৰ পানীৰে ভৰি ধুৱাই, সেই পানীখিনি ৰোগত আক্ৰান্ত হোৱা মানুহক খুৱায় আৰু ৰাইজেও খায়।

বায়খো আৰু খোকচি

[সম্পাদনা কৰক]

এই পূজা ৰাভাসকলৰ প্ৰধান অধিষ্ঠাত্ৰী দেৱী। এই পূজা বছৰত এবাৰকৈ হয়। এই পূজা সাতদিন সাতৰাতি ধৰি চলে। এই পূজা বহাগ জেঠ মাহৰ ভিতৰত হয়। এই পূজাত গাহৰি বলি দিয়া হয়। খোকচি পূজাত ৩২টা দেৱতাৰ পূজা কৰা হয়।

পাওঁৰাদেও

[সম্পাদনা কৰক]

চ'ত মাহৰ এটা নিৰ্দিষ্ট দিনত পাওঁৰাদেও তুলিবলৈ বুলি চিনাক্ত কৰা বাঁহডাল কটাৰ আগদিনা গৈ ওচৰত তামোল-পাণ আগবঢ়াই সেৱা কৰি থৈ আহে। পিছদিনা দুই তিনিজন মানুহে সেই বাঁহডাল কাটি লৈ আনে, লগতে এটা জাতি বাঁহো কাটি আনে। এই বাঁহডাল অভিজ্ঞ ব্যক্তি এজনে ফালি চাৰিটা কামি কৰি গুৰিৰ পৰা আগলৈ ক্ৰমে সৰুকৈ চাৰিটা কাম চাঁচি লয় এনেকৈয়ে আৰু বহুত বোৰ বস্তুৰে সজাই তাক পাওঁৰাদেও প্ৰতীক জ্ঞান কৰি ভক্তি কৰি বিশ্বাস কৰে।

লাঙ্গাচাৰা বায়

[সম্পাদনা কৰক]

এই পূজা হাছং পূজাৰ লগতো কৰা হয়। সামূহিক ভাৱে এই পূজা কৰা হয়। এই পূজা গাঁৱৰ অলপ দূৰতৈ কৰা হয়। গাঁৱলীয়া আকস্মিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবৰ কাৰণে এই পূজা কৰা হয়। কুকুৰা বলি দিয়া বিধান এই পূজাত আছে।

লাম্বাং বায়

[সম্পাদনা কৰক]

পৰিয়ালৰ মানুহৰ সদায় বেমাৰ-আজাৰ হৈ থাকিলে এই পূজা কৰা হয়। এই পূজাৰ লগতে জগোৰিছি(যোগ ঋষি) ৰিছি আৰু দাৰমাং দেৱতালৈ প্ৰসাদ আগবঢ়ায়। এই পূজাত কুকুৰা বলি দিয়া হয়।