ৰামকিঙ্কৰ বেইজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰামকিঙ্কৰ বেইজ
দেশ ভাৰতীয়
পেচা ভাস্কৰ

ৰামকিঙ্কৰ বেইজ (২৫ মে’, ১৯০৬ - ২ আগষ্ট, ১৯৮০) আছিল এজন ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী। তেঁও আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিঙ্কৰ আছিল প্ৰথম ভাৰতীয় শিল্পী, যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰে। তেঁওক ভাৰতীয় শিল্পত আধুনিকতাৰ জনক[1] আৰু অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰামকিঙ্কৰ বেইজ ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেছিডেন্সিৰ বাঁকুড়া জিলাৰ যুগীপাডাৰ (অধুনিক ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্য) এক পৰমানিক পৰিয়ালত জন্মগ্ৰহণ কৰে।[2] তেঁওৰ উপাধি বেইজ, সংস্কৃতত বৈদ্য আৰু প্ৰাকৃত বেজ-ৰ পৰিবৰ্তিত ৰূপ। তেঁওৰ পিতা আছিল চণ্ডীচৰণ বেইজ।

মধ্যকৈশোৰ বয়সত ৰামকিঙ্কৰ অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী স্বাধীনতা সংগ্ৰামীসকলৰ ছবি আঁকিছিল। মেট্ৰিক পৰ্যন্ত (বৰ্তমান মাধ্যমিকৰ সমতুল্য) পঢ়া−শুনা কৰাৰ পিছত ষোল্ল বছৰ বয়সত তেঁও বাঁকুড়াৰ বিশিষ্ট সাংবাদিক আৰু প্ৰবাসী পত্ৰিকাৰ সম্পাদক ৰামানন্দ চট্টোপাধ্যায়ৰ দৃষ্টিত পৰে। চাৰি বছৰ পিছত তেঁও শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী বিদ্যালয়ত চাৰুকলাৰ ছাত্ৰ হিচাপে যোগ দিয়ে।[3] আচাৰ্য নন্দলাল বসু আছিল তেঁওৰ শিক্ষক। ৰমেন্দ্ৰনাথ চক্ৰৱৰ্তী, বিনোদবিহাৰী মুখোপাধ্যায় আদি ব্যক্তিক তেঁও সহপাঠী হিচাপে পাইছিল। চাৰুকলাৰ ডিপ্লোমা অৰ্জন কৰি তেঁও বিশ্বভাৰতীৰ ভাস্কৰ্য বিভাগৰ বিভাগীয় প্ৰধানৰ পদ লাভ কৰে। ১৯৭১ চনত অৱসৰ গ্ৰহণ কৰে। বিশিষ্ট চিত্ৰশিল্পী জহৰ দাশগুপ্ত আছিল তেঁওৰ ছাত্ৰ।

তেঁওৰ জীবনকথাক লৈ সাহিত্যিক সমৰেশ বসুৱে (কালকূট) 'দেখি নাই ফিৰে' নামৰ এখন উপন্যাস ৰচনা কৰে। যাৰ চিত্ৰাংকন কৰেছিল শিল্পী বিকাশ ভট্টাচাৰ্যই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]