সমললৈ যাওক

ৰামকুমাৰ মুখোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামকুমাৰ মুখোপাধ্যায়
জন্ম ০৮ মাৰ্চ, ১৯৫৬ (৭০ বছৰ)
কলকাতা, পশ্চিমবংগ, ভাৰত
পেচা প্ৰাক্তন পৰিচালক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ (কলকাতা বিশ্ববিদ্যালয়)
পি এইচ.ডি. (যাদৱপুৰ বিশ্ববিদ্যালয়)
উল্লেখযোগ্য বঁটা আনন্দ পুৰস্কাৰ

ৰামকুমাৰ মুখোপাধ্যায় (ইংৰাজী: Ramkumar Mukhopadhyay, জন্মঃ ৮ মাৰ্চ ১৯৫৬) ভাৰতৰ এজন বাঙালী সাহিত্যিক। তেওঁ ডাঙৰসকলৰ লগতে ল'ৰা-ছোৱালীৰ বাবে‍ উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছে।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ৰামকুমাৰ মুখোপাধ্যায়ৰ জন্ম কলিকতাত। মাত্ৰ ডেৰ বছৰ বয়সতে পিতৃৰ মৃত্যুৰ পিছত তেওঁ কলিকতা এৰি বাঁকুড়া জিলাৰ নিজৰ ঘৰলৈ গুছি যায়গৈ‍। গ্ৰাম্য পৰিৱে‍শৰ লগতে ৰাঢ় বংগৰ সংস্কৃতি আৰু সমাজৰ মাজত তেওঁ ডাঙৰ-দীঘল হৈছিল।[2] পিতৃৰ নাম ৰামাঙ্গমোহন মুখোপাধ্যায় আৰু মাতৃৰ নাম কনকলতা মুখোপাধ্যায়। ১৯৭৬ চনত বেলুড় ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰ (এখন আৱাসিক মহাবিদ্যালয়)ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ লৈ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে। ভাৰতৰ সাহিত্য অকাডেমিৰ সহকাৰী সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পিছলৈ চৈধ্য বছৰ পূৱ ভাৰতৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। পিছলৈ তেওঁ সাহিত্য অকাডেমিৰ বাংলা পৰামৰ্শদাতা ব’ৰ্ডৰ আহ্বায়ক হয়। ভাৰতীয় ভাষা পৰিষদৰ সভাপতিও আছিল। বিশ্ব ভাৰতীৰ প্ৰকাশন বিভাগৰ[3] পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। কেইবাখনো বাংলা ভাষাৰ ক্ষুদ্ৰ আলোচনীৰ লগত তেওঁ জডি়ত।

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]
২০০১-২০০২ চনত সাহিত্য অকাডেমীৰ গ্ৰন্থ উন্মোচনী সভাত ৰামকুমাৰ মুখোপাধ্যায়

১৯৮৪ চনত কলকাতাৰ পৰা "মাদলে নতুন বোল" নামেৰে তেওঁৰ চৈধ্যটা চুটিগল্পৰ প্ৰথমখন সংকলন প্ৰকাশ পাইছিল। কলকাতাৰ পৰা ১৯৯৩ চনত তেওঁৰ প্ৰথমখন উপন্যাস "চাৰণে প্ৰান্তৰে‍" প্ৰকাশ পায়।

উপন্যাস

[সম্পাদনা কৰক]
'হৰ-পাৰ্বতী কথা' নামৰ গ্ৰন্থখনৰ প্ৰচ্ছদ।
২০১৯ চনৰ ২ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ সাহিত্য অকাডেমীত "ভাৰতত প্ৰকাশনা" বিষয়ক এক আলোচনাচক্ৰত ভাষণ দি থকা অৱস্থাত ৰামকুমাৰ মুখোপাধ্যায়।
  1. চাৰণে প্ৰান্তৰে (১৯৯৩)
  2. ভাঙা নীড়েৰ ডানা (১৯৯৭)
  3. মিছিলেৰ পৰে (১৯৯৮)
  4. দুখে কেওড়া (২০০২)
  5. ভৱদীয় নঙ্গৰচন্দ্ৰ, এবং মুশায়েৰা (২০০৬)
  6. কথাৰ কথা, এবং মুশায়েৰা (২০০৮)
  7. ধনপতিৰ সিংহলযাত্ৰা (২০১০)
  8. উপন্যাস সমগ্ৰ, প্ৰথম খণ্ড (২০১৬)
  9. উপন্যাস সমগ্ৰ, দ্বিতীয় খণ্ড (২০১৭)
  10. হৰ-পাৰ্বতী কথা (২০২০)
  11. জোব মুখুজ্যে বাক্যালাপ (২০২৩)

চুটিগল্পৰ সংকলন

[সম্পাদনা কৰক]
  1. মাদলে নতুন বোল (১৯৮৪)
  2. ৰামকুমাৰ মুখোপাধ্যায়েৰ ছোটগল্প (১৯৯৪)
  3. শাঁখা (১৯৯৩)
  4. পৰিক্ৰমা (১৯৯৯)
  5. শ্ৰেষ্ঠ গল্প (২০০৫)
  6. জ্যৈষ্ঠ ১৩৯০, মানুষ কিংবা ঘুঘু (২০০৫)
  7. যাত্ৰা (২০০৯)
  8. দশটি গল্প (২০০৯)
  9. গল্পসমগ্ৰ (২০১৩)
  10. আমাৰ প্ৰথম ব‌ই (২০১৫)
  11. বাংলাৰ এম এ (২০২৩)

ভ্ৰমণ কাহিনী

[সম্পাদনা কৰক]
  1. নতুন চীনে (২০০২)
  2. ওই বাংলায় (২০০৩)

প্ৰবন্ধৰ কিতাপ

[সম্পাদনা কৰক]
  1. শতাব্দী শেষেৰ গল্প (২০০১)
  2. বাঙালি সংস্কৃতিৰ আয়তন (২০০৩)
  3. আধুনিক ভাৰতীয় কথাসাহিত্য (২০০৬)
  4. গদ্য সংগ্ৰহ (২০২১)

সংকলন আৰু সম্পাদনা

[সম্পাদনা কৰক]
  1. সেৰা নবীনদেৰ সেৰা গল্প (উজ্জ্বলকুমাৰ মজুমদাৰৰ সৈতে যৌথভাৱে, ১৯৯৭)
  2. পৰৱৰ্তী শব্দাৱলি (দুই বাংলাৰ তৰুণসকলৰ কবিতা, ২০০২)
  3. আৰ‌ও নবীনদেৰ আৰও সেৰা গল্প (উজ্জ্বলকুমাৰ মজুমদাৰৰ সৈতে যৌথভাৱে, ২০০৬)
  4. ভাৰতজোড়া গল্পকথা (২০০৭)
  5. কথাযাত্ৰা (বাংলা গল্প সংকলন, ২০০৮)
  6. ভাৰতজোড়া কথনকথা (ভাৰতীয় লোকগল্পৰ সংকলন, ২০১২)
  7. ভাৰতজোড়া কাব্যগাথা (ভাৰতীয় কবিতাৰ সংকলন, ২০১৭)
  8. স্বামী বিবেকানন্দ, সাৰ্ধশতবৰ্ষেৰ ভাবনা (২০১৭)

অনুবাদ কৰা কিতাপ

[সম্পাদনা কৰক]
  • চাছোৰ নিৰ্বাচিত চুটিগল্প, তেলেগু গল্পকাৰ চাগন্তী সোমাইয়াজুলু 'চাছো'-ৰ বাইশটা গল্পৰ বাংলা অনুবাদ (২০২১)

কিশোৰ সাহিত্য

[সম্পাদনা কৰক]
  1. কাটুম-কাটুম (বিপ্ৰদাস ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে, ১৯৮২)
  2. সাত সাগৰেৰ পাৰে (দীননাথ সেন আৰু ববিপ্ৰদাস ভট্টাচাৰ্যৰ সৈতে পৃথক তিনিখন উপন্যাসৰ সংক্ষিপ্ত অনুবাদ, ১৯৮২)
  3. ভয়কে জয় :তিনটি ৰোমাঞ্চকৰ ইংৰাজী উপন্যাস (কিশোৰ সংস্কৰণ)। ড্যানিয়েল ডিফোৰ 'ৰবিনসন ক্ৰুসো', ৰিচাৰ্ড ডডৰিজ ব্ল্যাকমোৰেৰ 'লোৰ্না ডুন' আৰু জেমছ হিলটেৰ হিলটনৰ 'লষ্ট হৰাইজন' কিতাপ তিনিখনৰ সংক্ষিপ্ত বাংলা অনুবাদ (২০২২)
আনন্দ পুৰস্কাৰ ২০১৩
  • পশ্চিমবঙ্গ বাংলা অকাডেমী সোমেন চন্দ সোঁৱৰণী পুৰস্কাৰ (২০০০)
  • গল্প মেলা পুৰস্কাৰ (২০০৪)
  • কথা পুৰস্কাৰ (নতুন দিল্লী ২০০৫)
  • শিস পুৰস্কাৰ (২০০৮)
  • পশ্চিমবঙ্গ চৰকাৰৰদ্বাৰা প্ৰদান কৰা বঙ্কিম পুৰস্কাৰ (বঙ্কিম স্মৃতি পুৰস্কাৰ ) (২০০৬)
  • শৰৎ স্মৃতি পুৰস্কাৰ (২০০৭)
  • গজেন্দ্ৰকুমাৰ মিত্ৰ জন্ম শতবাৰ্ষিকী পুৰস্কাৰ ২০০৯
  • আনন্দ পুৰস্কাৰ (২০১৩)
  • দ্বিজেন্দ্ৰলাল ৰয় স্মৃতি পুৰস্কাৰ (২০১৪)
  • কুসুমাঞ্জলি পুৰস্কাৰ (নতুন দিল্লী ২০১৪)
  • কৃতিত্ব সমগ্ৰ পুৰস্কাৰ (ভাৰতীয় ভাষা পৰিষদ)
  • কৰ্মযোগী ননীগোপাল চক্ৰৱৰ্তী সোঁৱৰণী সাহিত্য পুৰস্কাৰ (২০২৩)
  • সৰস্বতী সম্মান (২০২৫, হৰপাৰ্বতী কথা উপন্যাসৰ বাবে‍)[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]