ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ | |
---|---|
স্বামীজী ভৱন | |
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ প্ৰবেশপথ | |
সাধাৰণ তথ্য | |
স্থিতি | সক্ৰিয় |
প্ৰকাৰ | ঐতিহ্য সংগ্ৰহালয় |
ঠিকনা | ১০৫ বিবেকানন্দ ৰোড |
চহৰ | কলকাতা |
দেশ | ভাৰত |
নিৰ্মাণ আৰম্ভ | ২৬ ছেপ্তেম্বৰ ২০০৪ |
Inaugurated | ২৬ ছেপ্তেম্বৰ ২০০৪ |
Renovated | ২০০৪ |
নক্সা আৰু নিৰ্মাণ | |
গৰাকী | ৰামকৃষ্ণ মিচন |
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ (ইংৰাজী: Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre) ভাৰতৰ কলকাতাৰ ১০৫ বিবেকানন্দ ৰোডত অৱস্থিত। এই ঘৰতে স্বামী বিবেকানন্দৰ (তেতিয়া নৰেন্দ্ৰনাথ দত্ত বুলি কোৱা হৈছিল) ১৮৬৩ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰে।[1] সমগ্ৰ শৈশৱ আৰু যুৱাৱস্থা তেওঁ ইয়াতে কটাইছিল।[2] এই গৃহটো সাংস্কৃতিক কেন্দ্ৰ ৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে উদ্বোধন কৰে।[3]
ইতিহাস
[সম্পাদনা কৰক]১৮৮৪ চনত পিতৃ বিশ্বনাথ দত্তৰ মৃত্যুৰ পিছত সেই ঘৰত তেওঁলোকৰ সৈতে থকা নৰেন্দ্ৰনাথৰ খুৰীয়েকে সম্পত্তিৰ সম্পূৰ্ণ দখল দাবী কৰে। তেওঁ নৰেন্দ্ৰনাথৰ মাতৃ ভুৱনেশ্বৰী দেৱী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰে।[4] নিম্ন আদালতত বিবেকানন্দই এই গোচৰত জয়ী হয় যদিও গোচৰটোৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰা হয়।[5] উচ্চ ন্যায়ালয়ত বহু বছৰ ধৰি এই গোচৰ চলি থাকিল। ১৯০২ চনত বিবেকানন্দৰ মৃত্যুৰ মাত্ৰ কেইদিনমান আগতেই ইয়াৰ সামৰণি পৰে। এই গোচৰৰ চূড়ান্ত ৰায় অনুসৰি বিবেকানন্দক তেওঁৰ পূৰ্বপুৰুষৰ ঘৰৰ সম্পূৰ্ণ আইনী অধিকাৰ প্ৰদান কৰা হয়।
সংস্কাৰ
[সম্পাদনা কৰক]সময়ৰ লগে লগে বিবেকানন্দৰ পূৰ্বপুৰুষৰ ঘৰখন জৰাজীৰ্ণ হৈ পৰে। ১৯৬২ চনত ৰামকৃষ্ণ মিছন কৰ্তৃপক্ষই এই সম্পত্তি অধিগ্ৰহণ কৰি সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লয়। ১৯৯৯ চনৰ মে’ মাহত ৰামকৃষ্ণ মিছনে পশ্চিম বংগ চৰকাৰৰ জৰিয়তে সেই মাটি আৰু কাষৰীয়া ভূমিখণ্ড অধিগ্ৰহণ কৰে। এই প্ৰকল্পৰ বাবে এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিখনে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাজহুৱা দানৰ পৰা ২০ কোটি ₹ (২৩ লাখ মাৰ্কিন ডলাৰ) ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰে ৯৯ মিলিয়ন ₹ (১১ লাখ মাৰ্কিন ডলাৰ) কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। ২০০৪ চনত সংস্কাৰৰ পিছত ঘৰটোক সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়।[6]
গেলাৰী
[সম্পাদনা কৰক]-
বিবেকানন্দৰ পূৰ্বপুৰুষৰ ঘৰ, বৰ্তমান সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ
-
বিধান সৰণী, ঘৰৰ সন্মুখৰ ৰাস্তা
-
সংগ্ৰহালয়ৰ ফলক
-
বিবেকানন্দৰ জন্ম ঠাই
>
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Chattopadhyay Rajagopal (1 January 1999). Swami Vivekananda in India: A Corrective Biography. Motilal Banarsidass. পৃষ্ঠা. 28–. ISBN 978-81-208-1586-5. https://books.google.com/books?id=EtcoeaQIQdAC&pg=PA28। আহৰণ কৰা হৈছে: 13 January 2013.
- ↑ "Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre, Swamiji's House". BM Ramakrishna Mission Swami Vivekananda’s Ancestral House and Cultural Centre, Swamiji’s House. Archived from the original on 10 February 2013. https://web.archive.org/web/20130210073034/http://belurmath.org/centres/display_centre.php?centre_id=SVH। আহৰণ কৰা হৈছে: 12 January 2013.
- ↑ Bhawan Singh Rana; Mīnā Agravāla Meena Agrawal (2005). The Immortal Philosopher Of India Swami Vivekananda. Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 41–. ISBN 978-81-288-1001-5. https://books.google.com/books?id=7juXq-QBb7QC&pg=PA41। আহৰণ কৰা হৈছে: 12 January 2013.
- ↑ Chaturvedi Badrinath (1 June 2006). Swami Vivekananda: The Living Vedanta. Penguin Books India. পৃষ্ঠা. 2–. ISBN 978-0-14-306209-7. https://books.google.com/books?id=Qo1X96E0JPAC&pg=PA2। আহৰণ কৰা হৈছে: 12 January 2013.
- ↑ "Datta Ancestral Home - Birthplace of Vivekananda". Press Information Bureau (Government of India). http://www.vivekananda.net/HistoricalPreservation/PressInformationBureau.html। আহৰণ কৰা হৈছে: 12 January 2013.
- ↑ "Ancestral House of Swami Vivekananda". Indfy. http://www.indfy.com/west-bengal/kolkata/tourist-places-to-visit/ancestral-house-swami-vivekananda.html। আহৰণ কৰা হৈছে: 12 January 2013.