সমললৈ যাওক

ৰামচন্দ্ৰ গুহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামচন্দ্ৰ গুহ
জন্ম ২৯ এপ্ৰিল, ১৯৫৮
ডেৰাডুন
পেচা ইতিহাসবিদ, লেখক, বুদ্ধিজীৱী, অধ্যাপক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন দিল্লী বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি ইণ্ডিয়া আফটাৰ গান্ধী (২੦੦৭), গান্ধী বিফৰ ইণ্ডিয়া (২੦১৩), গান্ধী: দ্য ইয়েৰ্ছ ডেট চেইঞ্জড দ্য ৱৰ্ল্ড (২੦১৮),
দাম্পত্যসংগী সুজাতা কেশৱন
ৱেবছাইট https://ramachandraguha.in/

ৰামচন্দ্ৰ গুহ (জ. ২৯ এপ্ৰিল, ১৯৫৮, ইংৰাজী: Ramchandra Guha) এগৰাকী ভাৰতীয় ইতিহাসবিদ, পৰিৱেশতন্ত্ৰবিদ, লেখক আৰু বুদ্ধিজীৱী৷[1] তেওঁৰ গৱেষণাৰ ক্ষেত্ৰবোৰত সামাজিক, ৰাজনৈতিক, পৰিৱেশতন্ত্ৰ আৰু ক্ৰিকেটৰ ইতিহাস অন্তৰ্ভুক্ত৷ তেওঁ আধুনিক ভাৰতৰ ইতিহাস বিষয়ত এগৰাকী মান্যতাপ্ৰাপ্ত পণ্ডিত৷ আমেৰিকান হিষ্টৰিকেল এছচিয়েশ্যন(AHA)-এ গুহক ২੦১৯ চনৰ বাবে সন্মানজনক বিদেশী সদস্য বঁটা প্ৰদান কৰিছিল৷ উক্ত সংস্থাটোৱে স্বীকৃতি প্ৰদান কৰা তেওঁ একমাত্ৰ ভাৰতীয় ইতিহাসবিদ৷[2]

এক বিশাল পৰিসৰ সামৰি লৈ ৰামচন্দ্ৰ গুহই আধুনিক ভাৰতৰ সমাজ-ৰাজনৈতিক ইতিহাস বিষয়ত তিনিখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰিছে৷ তাৰ ভিতৰত গান্ধী বিফৰ ইণ্ডিয়া (২੦১৩) আৰু গান্ধী: দ্য ইয়েৰ্ছ ডেট চেইঞ্জড দ্য ৱৰ্ল্ড (২੦১৮) শীৰ্ষক গ্ৰন্থ দুখন হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ নায়ক মহাত্মা গান্ধীৰ দুটা খণ্ডৰ জীৱনী৷ আনখন গ্ৰন্থ হ’ল ইণ্ডিয়া আফটাৰ গান্ধী (২੦੦৭), য’ত ১৯৪৭ চনৰপৰা ২੦੦৭ চনলৈ ভাৰতৰ ইতিহাস সন্নিৱিষ্ট হৈছে৷ তিনিওখন গ্ৰন্থই বাণিজ্যিক আৰু সমালোচনাত্মক সঁহাৰি লাভ কৰিছে৷[2]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

ৰামচন্দ্ৰ গুহৰ জন্ম হৈছিল ১৯৫৮ চনৰ ২৯ এপ্ৰিল তাৰিখে ডেৰাডুন(বৰ্তমান উত্তৰাখণ্ডত)ৰ এটি তামিল ব্ৰাহ্মণ পৰিয়ালত৷[3][4] তেওঁৰ দেউতাক সুব্ৰহ্মণিয়াম ৰামদাস গুহই ডেৰাডুনৰ ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউটত চাকৰি কৰিছিল৷ তেওঁৰ মাতৃ আছিল এগৰাকী হাইস্কুল শিক্ষক৷ তেওঁৰ শৈশৱ ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউটৰ চৌহদতে অতিবাহিত হৈছিল৷[2]

গুহই স্কুলীয়া শিক্ষা লাভ কৰিছিল কেম্ব্ৰিয়ান হল আৰু ডুন স্কুলৰপৰা৷ ডুনত পঢ়ি থাকোতে তেওঁ স্কুলৰ বাতৰিকাকত দ্য ডুন স্কুল ৱিকলীত লিখিছিল আৰু অমিতাভ ঘোষৰ সৈতে হিষ্ট্ৰী টাইমছ নামৰ এখন গ্ৰন্থ সম্পাদনা কৰিছিল৷ ১৯৭৭ চনত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টীফেন্স কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰপিছত দিল্লী স্কুল অৱ ইকনমিক্সৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট কলকাতাৰপৰা চিপকো আন্দোলনৰ ইতিহাস আৰু প্ৰাক-ইতিহাস বিষয়ত আলোকপাত কৰি কৰা গৱেষণাৰ বাবে পিএইচ-ডি লাভ কৰে৷ তেওঁৰ গৱেষণা গ্ৰন্থখন পিছত দ্য আনকুইট ওডছ: ইকলজিকেল চেইঞ্জ এণ্ড পীজেণ্ট ৰেজিছটেন্স ইন দ্য হিমালয় নামেৰে প্ৰকাশ পায়৷[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰামচন্দ্ৰ গুহই ক্ৰিকেট, পৰিৱেশতন্ত্ৰ, ৰাজনীতি আৰু ইতিহাসকে ধৰি বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰিছে৷ তেওঁ ২੦১৯ চনত এবছৰৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ এগৰাকী অতিথি অধ্যাপক আছিল৷ তেওঁ নিজে ২੦੦৪ চনত জন্ম দিয়া নিউ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী৷ তেওঁ ক্ৰিয়া, ষ্টেনফৰ্ড, ইয়েল, বাৰ্লিন ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডী, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স আৰু বাৰ্কেলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত শিক্ষাদান কৰিছে৷[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰামচন্দ্ৰ গুহই বেংগালুৰু মহানগৰত বাস কৰে৷ তেওঁৰ বিয়া হৈছিল গ্ৰাফিক ডিজাইনাৰ সুজাতা কেশৱনৰ সৈতে৷ তেওঁলোকৰ দুটি সন্তান৷ তেওঁলোকৰ পুত্ৰ কেশৱ গুহ এগৰাকী ঔপন্যাসিক৷ গুহই মদ্যপাণ নকৰে৷[2]

বঁটা আৰু সন্মান[2][1]

[সম্পাদনা কৰক]
  • ২੦੦৩ টনত চেন্নাই গ্ৰন্থমেলাত আৰ. কে. নাৰায়ণ বঁটা৷
  • ২੦੦৯ চনত পদ্মভূষণ উপাধি৷
  • ২੦১১ চনত ইণ্ডিয়া আফটাৰ গান্ধী গ্ৰন্থৰ বাবে সাহিত্য অকাদেমী বঁটা
  • ২੦১১ চনত ইয়েল বিশ্ববিদ্যালয়ৰপৰা মানৱবিদ্যা বিষয়ত সন্মানজনক ডক্টৰেট উপাধি৷
  • ২੦১৫ চনত ফুকোৱুকা এছিয়ান কালশ্যাৰ বঁটা৷
  • ২੦১৯ চনৰ বাবে দ্য আমেৰিকান হিষ্টৰিকেল এছচিয়েশ্যনৰপৰা সন্মানজনক বিদেশী সদস্য বঁটা৷

প্ৰকাশিত গ্ৰন্থপঞ্জী[2]

[সম্পাদনা কৰক]
  • গুহ, ৰামচন্দ্ৰ (১৯৮৯). দ্য আনকুইট ওডছ: ইকলজিকেল চেইঞ্জ এণ্ড পীজেণ্ট ৰেজিছটেন্স ইন দ্য হিমালয়, ১৯৮৯, বাৰ্কেলে, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ; ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-0-520-22235-9.
  • গুহ, ৰামচন্দ্ৰ (১৯৯২). ৱিকেটছ ইন দ্য ইষ্ট, ১৯৯২, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-562809-8.
  • গুহ, ৰামচন্দ্ৰ; গেডগিল, মাধৱ (১৯৯৩). ডিছ ফিছাৰ্ড লেণ্ড: এন ইকলজিকেল হিষ্ট্ৰী অৱ ইণ্ডিয়া, বাৰ্কেলে, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ; ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-0-520-08296-0৷
  • গুহ, ৰামচন্দ্ৰ; বৈদ্যনাথ, টি. জি (১৯৯৪). এন ইণ্ডিয়ান ক্ৰিকেট অমনিবাছ, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-563427-3.
  • গুহ, ৰামচন্দ্ৰ; গেডগিল, মাধৱ (১৯৯৫). ইকলজি এণ্ড ইকুৱেলিটী: দ্য ইউজ এণ্ড এবিউজ অৱ নেশ্যাৰ ইন কণ্টেম্পৰাৰী ইণ্ডিয়া, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-0-415-12524-6.
  • গুহ, ৰামচন্দ্ৰ; এলিয়েৰ. জোৱান মাৰ্টিনেজ (১৯৯৭). ভেৰাইটিজ অৱ এনভাৰোনমেণ্টেলিজম: এছেইজ নৰ্থ এণ্ড ছাউথ, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-1-85383-329-8.
  • গুহ, ৰামচন্দ্ৰ (১৯৯৮). ছচিয়েল ইকলজী, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-564454-8.
  • গুহ, ৰামচন্দ্ৰ; আৰ্নল্ড, ডেভিড (১৯৯৮). নেশ্যাৰ, কালশ্যাৰ, ইম্পিৰিয়েলিজম: এছেইজ অন দ্য এনভাৰোনমেণ্টেল হিষ্ট্ৰী অৱ ছাউথ এছিয়া, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-564075-5.
  • গুহ, ৰামচন্দ্ৰ (১৯৯৯). ছেভেজিং দ্য চিভিলাইজড: ৱেৰিয়াৰ এলৱিন, হিজ ট্ৰাইবেলছ এণ্ড ইণ্ডিয়া, বাৰ্কেলে, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ; ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-0-19-564781-5.
  • গুহ, ৰামচন্দ্ৰ (২੦੦੦). স্পিন এণ্ড আডাৰ টাৰ্নছ, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-0-14-024720-6.
  • গুহ, ৰামচন্দ্ৰ (২੦੦੦). এন এনথ্ৰপলজিষ্ট এমাং দ্য মাৰ্ক্সিষ্টছ, এণ্ড আডাৰ এছেইজ, নতুন দিল্লী, ভাৰত, অৰিয়েণ্ট ব্লেক ছন, ISBN 978-81-7824-001-5.
  • গুহ, ৰামচন্দ্ৰ (২੦੦১). দ্য পিকাডৰ বুক অৱ ক্ৰিকেট, ভাৰত, পেন মেকমিলান, ISBN 978-0-330-39613-4.
  • গুহ, ৰামচন্দ্ৰ; কৃষ্ণণ, এম (২੦੦੦). নেশ্যাৰ্ছ স্পকছমেন: এম কৃষ্ণণ এণ্ড ইণ্ডিয়ান ৱাইল্ডলাইফ, পিকাডৰ, ISBN 978-0-19-565911-5.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৪). এ কৰ্নাৰ অৱ এ ফৰেইন ফিল্ড: এন ইণ্ডিয়ান হিষ্ট্ৰী অৱ এ ব্ৰিটিছ স্পৰ্ট, পিকাডৰ, ISBN 978-0-330-49117-4.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৪). দ্য লাষ্ট লিবাৰেল এণ্ড আডাৰ এছেইজ, পাৰ্মানেণ্ট ব্লেক, ISBN 978-81-7824-073-2.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৪). দ্য ষ্টেটছ অৱ ইণ্ডিয়ান ক্ৰিকেট: এনেকডটেল হিষ্ট্ৰীজ, পাৰ্মানেণ্ট ব্লেক, ISBN 978-81-7824-108-1.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৬). হাউ মাচ্চ ছুড এ পাৰ্ছন কনজিউম?: থিংকিং থ্ৰ’ দ্য এনভাৰোনমেণ্ট, বাৰ্কেলে; অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ: ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-93-5009-259-0.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৭). ইণ্ডিয়া আফটাৰ গান্ধী: দ্য হিষ্ট্ৰী অৱ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেমক্ৰেচি, পিকাডৰ, ISBN 978-0-330-50554-3.
  • গুহ, ৰামচন্দ্ৰ; পেৰী, জনাথন পি (২੦১১). ইনষ্টিটিউশ্যনছ এণ্ড ইনইকুৱেলিটীজ: এছেইজ ইন অনাৰ অৱ আন্ড্ৰে বেটেলি, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-807552-3.
  • গুহ, ৰামচন্দ্ৰ (২੦১২). মেকাৰ্ছ এৱ মডাৰ্ন ইণ্ডিয়া, পেংগুইন ইণ্ডিয়া,ISBN 978-0-14-341924-2.
  • গুহ, ৰামচন্দ্ৰ (২੦১২). পেট্ৰিয়টছ এণ্ড পাৰ্টিজানছ, পেংগুইন, ISBN 978-0-670-08386-2.
  • গুহ, ৰামচন্দ্ৰ (২੦১৩). গান্ধী বিফৰ ইণ্ডিয়া, পেংগুইন, ISBN 978-0-670-08387-9.
  • গুহ, ৰামচন্দ্ৰ (২੦১৪). এনভাৰোনমেণ্টেলিজম: এ গ্লবেল হিষ্ট্ৰী, ইউনাইটেড কিংডম, পেংগুইন ইউকে, ISBN 978-0-321-01169-5.
  • গুহ, ৰামচন্দ্ৰ (২੦১৬). ডেমক্ৰেটছ এণ্ড ডিছেণ্টাৰ্ছ, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-0670089369.
  • গুহ, ৰামচন্দ্ৰ (২੦১৮). গান্ধী: দ্য ইয়েৰ্ছ ডেট চেইঞ্জড দ্য ৱৰ্ল্ড, ১৯১৪-১৯৪৮, Knopf. ISBN 978-0-385-53231-0.
  • গুহ, ৰামচন্দ্ৰ (২੦২੦). দ্য কমনৱেল্থ অৱ ক্ৰিকেট: এ লাইফলং লাভ এফেয়াৰ উইথ দ্য মষ্ট ছাবটল এণ্ড ছফিষ্টিকেটেড গেইম নওন অৱ হিউমেনকাইণ্ড, হাৰ্পাৰ কলিনছ, ISBN 978-93-90327-28-7.
  • গুহ, ৰামচন্দ্ৰ (২੦২২). ৰেবেলছ এগেইনষ্ট ৰাজ: ৱেষ্টাৰ্ন ফাইটাৰ্ছ ফৰ ইণ্ডিয়াজ ফ্ৰীডম, হাৰ্পাৰ কলিনছ, ISBN 978-0-008-49876-4.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৬). স্পীকিং ৱিথ নেশ্যাৰ : দ্য অৰিজিনছ অৱ ইণ্ডিয়ান এনভাৰোনমেণ্টেলিজম, ফৰ্থ ইষ্টেট ইণ্ডিয়া,. ISBN 978-9362134905.
  • গুহ, ৰামচন্দ্ৰ (২੦੦৬). দ্য কুকিং বুকছ: এ লিটাৰেৰী মেমইৰ, জাগেৰনাট, ISBN 978-9353457099.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 https://ramachandraguha.in/about-the-author
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 https://en.wikipedia.org/wiki/Ramachandra_Guha
  3. https://www.newslaundry.com/2017/06/14/response-ramchandra-guha-gandhi-caste
  4. https://scroll.in/article/1005143/ramachandra-guha-celebrating-the-life-of-keshav-desiraju-a-true-nehruvian-indian