সমললৈ যাওক

ৰামচৰণ ভৰালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামচৰণ ভৰালী
জন্ম ৰামচৰণ ভৰালী
১৮ জানুৱাৰী, ১৯৪৫ চন[1]
দেহাৰ কালাকুছি গাঁও,কুমাৰীকাটা নলবাৰী জিলা অসম
মৃত্যু ৭ নৱেম্বৰ, ২০২৫
কুমাৰীকাটা, নলবাৰী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ৩২৯ নং দেহৰ কালাকুছি প্ৰাথমিক বিদ্যালয়
জাগাৰা হাইস্কুল
পেচা লোকশিল্পী,
জনা যায় নাগাৰ নামৰ পাঠক
ধৰ্ম হিন্দু ধৰ্ম
পিতৃ-মাতৃ ললিত চন্দ্ৰ ভৰালী (পিতৃ)
লক্ষ্মী ভৰালী (মাতৃ)

ৰামচৰণ ভৰালী (ইংৰাজী: Ramcharn Bhorali) অসমৰ এগৰাকী লোকশিল্পী। নলবাৰী জিলাত জন্মগ্ৰহণ কৰা ভৰালী লোককলাৰ বিশিষ্ট উপাদান নাগাৰা নামৰ সৈতে ওতপ্ৰোতভাবে জড়িত আছিল। “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি পৰিচিত ভৰালীয়ে নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে সুদীৰ্ঘকাল এই কলাৰ সৈতে জড়িত থাকি ইয়াৰ ওপৰত কেইবাখনো পুথিও ৰচনা কৰিছিল। তেওঁৰ আজীৱন শিল্প-সাধনাৰ বাবে অসম চৰকাৰৰ শিল্পী পেন্সন পোৱাৰ উপৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪৫ চনৰ ১৮ জানুৱাৰীত নলবাৰী জিলাৰ কুমাৰীকাটা অঞ্চলৰ দেহাৰ কালাকুচি গাঁৱত জন্ম গ্ৰহণ ৰামচৰণ ভৰালীৰ জন্ম হয়।[1][2] পিতৃৰ নাম ললিত চন্দ্ৰ ভৰালী আৰু মাতৃৰ নাম লক্ষ্মী ভৰালী।[2] ৩২৯ নং দেহৰ কালাকুছি প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি নলবাৰীৰ জাগাৰা হাইস্কুলত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৬৪ চনত নাগাৰা নাম দলত যোগদান কৰাৰ আগতে তেওঁ প্ৰায় ১১ বছৰ কাল নলবাৰীৰ “প্ৰগতি যাত্ৰা সংঘ’’ৰ যাত্ৰা দলৰ সৈতে সংযুক্ত আছিল। আৰ্থিক দৈন্যতাৰ বাবে পঢ়া আধাতে সামৰিবলগীয়া হোৱা ভৰালীয়ে পিছলৈ যাত্ৰা পাৰ্টিত অভিনয়ৰ যোগেদি জীৱিকা আৰ্জন কৰিছিল। সম্ভৱ ১৯৬৪ চনৰ পৰাহে তেওঁ নাগাৰা নামৰ সৈতে জড়িত হৈ পৰে। এই কলা প্ৰচাৰ আৰু প্ৰসাৰকে জীৱনৰ ব্ৰত কৰি লয় আৰু তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই ৰাইজে তেওঁক “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” উপাধি প্ৰদান কৰে। তেওঁ নাগাৰা নামৰ প্ৰায় ৮৫ খন অডিঅ’ কেচেট, ৩০খন ভিডিঅ’ চিডি আৰু ছয়খন গ্ৰন্থ অসমীয়া সংস্কৃতিলৈ আগবঢ়াই যায়।[3] তেওঁ অসমৰ বিভিন্ন ঠাইৰ উপৰি অৰুণাচল প্ৰদেশ আৰু দিল্লীতো নাগাৰা নাম প্ৰদৰ্শন কৰিছিল।[2] ভৰালী পৰিৱেশিত “ভোকৰা পাঠাৰ বিয়া’’, “নাগেশ্বৰৰ বিয়া’’, “পদ্মাৰ জন্ম’’, “সুনতি ৰেখা’’ আদি অতি জনপ্ৰিয় নাম।[3]

২০২৫ চনৰ ৭ নৱেম্বৰ বৃহস্পতিবাৰে মাজনিশা ১২.২০ নলবাৰীৰ নিজা বাসভৱনত শিল্পীগৰাকীৰ মৃত্যু হয়।[1]

বঁটা-সন্মান

[সম্পাদনা কৰক]

ৰামচৰণ ভৰালীয়ে চৰকাৰী আৰু বেচৰকাৰীভাবে বিভিন্ন বঁটা-সন্মান লাভ কৰিছিল।[2][1]

  • ১৯৯৪ চনত অসম চৰকাৰৰ এককালীন অৰ্থসাহায্য।
  • ১৯৯৮ চনত অসম চৰকাৰৰ “শিল্পী পেন্সন’’
  • ২০০২ চনত অসম নাট্য সন্মিলনৰ “নাগাৰা নাম সূৰ্য’’
  • ২০০৮ চনত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ “নিবাৰণ বৰা বঁটা’’
  • ২০০৮ চনত অসম সাংস্কৃতিক মহাসভাৰ “জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’’
  • ২০১০ চনত ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ “ড° আম্বেদকাৰ কলাশ্ৰী বঁটা’’
  • ২০১২ চনত National Folklore Sapport Centerৰ পৰা “টাটা ফেল’শ্বিপ’’
  • ২০১৫ চনত “এনাজৰী বঁটা’’
  • ২০১৭ চনত “মোহন ভাইৰা বঁটা’’
  • ২০২২ চনত “নাম শিৰোমণি বঁটা’’

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "জীৱন নাট সামৰিলে ৰামচৰণ ভৰালীয়ে". https://time8.in/nagara-nam-emperor-ramcharan-bharali-passes-away/। আহৰণ কৰা হৈছে: 7 November 2025. 
  2. 2.0 2.1 2.2 2.3 2.4 "সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে....". https://pragnews.com/as/eminent-nagara-naam-artist-ramcharan-bharali-passes-away। আহৰণ কৰা হৈছে: 7 November 2025. 
  3. 3.0 3.1 "নাগাৰা নামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীৰ দেহাৱসান". https://niyomiyabarta.com/assam/prominent-nagara-reader-ramcharan-bharali-passes-away-mourning-everywhere/। আহৰণ কৰা হৈছে: 7 November 2025.