ৰামনাথ গোৱেঙ্কা
| ৰামনাথ গোৱেঙ্কা Ramnath Goenka | |
|---|---|
১৯৪২ চনত গোৱেঙ্কা | |
| জন্ম | ২২ এপ্ৰিল, ১৯০৪ দৰভাংগা, বংগ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ৫ অক্টোবৰ, ১৯৯১ (৮৭ বছৰ) বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | মিডিয়া ব্যৱসায়ী |
| ৰাজনৈতিক দল | ভাৰতীয় জন সংঘ |
ৰামনাথ গোৱেংকা (ইংৰাজী: Ramnath Goenka ; ২২ এপ্ৰিল ১৯০৪ – ৫ অক্টোবৰ ১৯৯১) এজন ভাৰতীয় কাকত প্ৰকাশক। ১৯৩০ চনত তেওঁ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। তেওঁ বিভিন্ন ইংৰাজী আৰু আঞ্চলিক ভাষাৰ প্ৰকাশনেৰে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপ গঠন কৰে।[1] ২০০০ চনত ইণ্ডিয়া টুডে আলোচনীয়ে তেওঁক তেওঁলোকৰ "ভাৰতক গঢ় দিয়া ১০০ জন লোক"ৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।[2] ৰামনাথ গোৱেংকাৰ নামেৰে নামাকৰণ কৰা ৰামনাথ গোৱেংকা সাংবাদিকতাৰ পাৰদৰ্শিতা বঁটা ভাৰতৰ সাংবাদিকতাৰ অন্যতম বঁটা।[3][4][5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯০৪ চনৰ ২২ এপ্ৰিলত দৰভংগা বিহাৰত[6], বসন্তলাল গোৱেংকাৰ ঘৰত ৰামনাথ গোৱেংকাৰ জন্ম হৈছিল।[7]
কৰ্মজীৱন
[সম্পাদনা কৰক]ৰামনাথ গোৱেংকাই ১৯২৬ চনৰ পৰা ১৯৩১ চনলৈকে মুৰলী প্ৰসাদ মোহন প্ৰসাদৰ অংশীদাৰিত্ব প্ৰতিষ্ঠানত থকা অংশীদাৰ ৰাজা মোহন প্ৰসাদৰ অধীনত ১৯২৬ চনৰ পৰা ১৯৩৬ চনলৈকে প্ৰতিমাহে ১০০ টকা দৰমহাত মেনেজিং পাৰ্টনাৰ হিচাপে কাম কৰিছিল। তাৰ পিছত ১৯৩১ চনৰ পৰা চুন্নীলাল মুৰ্লিপ্ৰসাদৰ অধীনত কাম কৰে, যি ভাৰতত সোণ, ৰূপ আৰু কপাহ আমদানি কৰা ব্ৰিটিছ ব্যৱসায়িক কোম্পানী এটাৰ কনচাইনী বিক্ৰী এজেণ্ট (দুবশীষ এজেণ্ট) আছিল। একে সময়তে তেওঁ ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ মাহে ৮০০ টকা দৰমহাত ব্ৰিটিছ ট্ৰেডিং কোম্পানীটোৰ মুখ্য বিক্ৰেতা হিচাপে চাকৰি গ্ৰহণ কৰে, ইয়াৰে ৫০০ টকা পাৰ্টনাৰশ্বিপ ফাৰ্মৰ। এই সাম্ৰাজ্য সম্পত্তিৰ লগতে ৰাজা মোহন প্ৰসাদৰ ট্ৰাষ্টৰ বাবে অধিগ্ৰহণ কৰা হৈছিল আৰু বৰ্তমানৰ আইনী উত্তৰাধিকাৰীসকলৰ আস্থাত আছে।
ভাৰতৰ জৰুৰীকালীন কালত ইন্দিৰা গান্ধী চৰকাৰৰ বিৰোধিতা কৰা কেইজনমান ব্যৱসায়ী আৰু সাংবাদিকৰ ভিতৰত ৰামনাথ গোৱেংকা অন্যতম। [8] তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়া অৰুণ শ্বৌৰীৰ সৈতে এটা দল গঠন কৰিছিল, যি দুৰ্নীতি আৰু চেঞ্চৰশ্বিপৰ কথা উদঙাই দিছিল।[9]
লোকসভাৰ সাংসদ
[সম্পাদনা কৰক]১৯৭১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনসংঘৰ প্ৰাৰ্থী হিচাপে বিদিশা লোকসভা সমষ্টিৰ পৰা গোৱেংকা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[10]
মৃত্যু
[সম্পাদনা কৰক]১৯৯১ চনৰ ৫ অক্টোবৰ তাৰিখে মুম্বাইত ৰামনাথ গোৱেঙ্কাৰ মৃত্যু হয়৷[1]
১৯৯৭ চনত ৰামনাথ গোৱেংকাৰ উত্তৰাধিকাৰীসকলৰ মাজত ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ বিভাজন হয় আৰু ইয়াৰ কাৰ্যব্যৱস্থা আৰু পৰিচালনা দুটা পৃথক গোটত বিভক্ত হয়। উত্তৰৰ অংশটো বিবেক গোৱেংকাৰ নিয়ন্ত্ৰণত ৰখা হৈছিল, আনহাতে দক্ষিণৰ অংশটো মনোজ সোণথালিয়াৰ পৰিয়াল শাখালৈ গৈছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "A doyen of Indian Journalism, Shri Goenka's greatest passion was the print media. He with the permission of his Capitalists partner Raja Mohan Prasad for whom he worked as a working partner on a salary of rs 100 per month from 1926 to 1936 acquired these properties and media empire from the partnership firm and gave a declaration of trust DTD 1-09-1936 making Raja Mohan Prasad as the beneficiary of this entire empire and he being a nominal trustee launched the Indian Express in 1932 which he did not fulfill. The Prasad family finally filed a suit for ownership in 1982 of the empire and properties and all investments along with undisputed marked 445 exhibits including current legal heirs admittance in sworn affidavit stating source of funds from partnership firm and Raja Mohan prasad." https://parliamentofindia.nic.in/ls/lsdeb/ls10/ses2/02201191.htm
- ↑ Naqvi, Saeed (2000). "THOUGHT & ACTION: The Baron". Indian Today. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924042427/http://www.india-today.com/itoday/millennium/100people/goenka.html। আহৰণ কৰা হৈছে: 28 July 2010.
- ↑ "Ramnath Goenka Awards, Journalism Awards, Journalism Awards for Excellence 2015" (en ভাষাত). expressindia.indianexpress.com. Archived from the original on 2018-05-10. https://web.archive.org/web/20180510180047/http://expressindia.indianexpress.com/ramnath-goenka-foundation/। আহৰণ কৰা হৈছে: 2018-05-03.
- ↑ ":: Award ::" (en ভাষাত). cij.co.in. http://cij.co.in/Award.php। আহৰণ কৰা হৈছে: 2018-05-03.
- ↑ "The Wire's Sangeeta Barooah Pisharoty Wins Ramnath Goenka Award for Feature Writing - The Wire". The Wire. https://thewire.in/culture/wires-sangeeta-barooah-pisharoty-wins-ramnath-goenka-award-feature-writing। আহৰণ কৰা হৈছে: 2018-05-03.
- ↑ "Glowing tributes to Ramnath Goenka". The Hindu. 22 April 2004. http://www.hindu.com/2004/04/23/stories/2004042306051100.htm.
- ↑ Reed, Stanley (1950). The Indian And Pakistan Year Book And Who's Who 1950. Bennett Coleman and Co. Ltd.. পৃষ্ঠা. 679. https://archive.org/details/in.ernet.dli.2015.15206। আহৰণ কৰা হৈছে: 20 February 2018.
- ↑ Vishwamitra Sharma (2012). Famous Indians of the 20th Century. V & S Publishers. পৃষ্ঠা. 82. ISBN 9789350572412. OCLC 800734508. https://books.google.com/books?id=0Y43DwAAQBAJ&pg=PA82.
- ↑ Paranjape, Makarand R. (20 September 2020). "Arun Shourie, crusader against corruption faces corruption charge". ThePrint. https://theprint.in/opinion/being-indian/arun-shourie-crusader-against-corruption-charged-with-corruption-it-happens-only-in-india/506475/। আহৰণ কৰা হৈছে: 1 August 2025.
- ↑ "Members : Lok Sabha". Parliament of Indialoksabhaph.nic.in. http://loksabhaph.nic.in/members/partyardetail.aspx?party_code=62&lsno=5। আহৰণ কৰা হৈছে: 2 August 2022.
- ↑ Robin Jeffrey (2000). India's Newspaper Revolution: Capitalism, Politics and the Indian-language Press, 1977-99. C. Hurst & Co. Publishers. পৃষ্ঠা. 109. ISBN 9781850654346. OCLC 246163109. https://books.google.com/books?id=D2H7ByahsJ0C&pg=PA109.
অধিক পঢ়ক
[সম্পাদনা কৰক]- George, T. J. S. (2006). The Goenka Letters: Behind the scenes in The Indian Express. প্ৰকাশক Madras: East West Books. ISBN 978-81-88661-50-3.
- Verghese, B. G. (2005). Warrior of the Fourth Estate. Penguin India. ISBN 0-670-05842-4. – official biography
- Goenka, Ananya (2005). Ramnath Goenka: A life in Black and White. – a privately published book written by his daughter-in-law
- Jeffrey, Robin (2000). India's Newspaper Revolution: Capitalism, Politics and the Indian-Language Press, 1977–99. C. Hurst & Co.. ISBN 9781850654346. https://books.google.com/books?id=D2H7ByahsJ0C.
- Verghese, B. G. (2010). First Draft: Witness to the Making of Modern India. Westland Ltd./HOV Services. ISBN 9789380283760. https://books.google.com/books?id=lrIYE7V6nzUC.
- McDonald, Hamish (2010). Mahabharata in Polyester. UNSW Press. ISBN 9781742240114. https://books.google.com/books?id=prFa4kbotqoC.
- Aggarwal, S. K. (1989). Media Credibility. Mittal Publications. ISBN 9788170991571. https://books.google.com/books?id=hDmn6LI_ZDEC.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰামনাথ গোৱেঙ্কা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |