সমললৈ যাওক

ৰামেশ্বৰী নেহৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামেশ্বৰী নেহৰু

১৯৮৭ ৰ এটা ডাকটিকটত ৰামেশ্বৰী নেহৰু p
জন্ম ৰামেশ্বৰী ৰাইনা
১০ ডিচেম্বৰ, ১৮৮৬
মৃত্যু ৮ নৱেম্বৰ, ১৯৬৬ (৭৯ বছৰ)
নাগৰিকত্ব বৃটিছ ভাৰতীয় (১৮৮৬-১৯৪৭)
ভাৰতীয় (১৯৪৭-১৯৬৬)
পেচা সমাজকৰ্মী
দাম্পত্যসঙ্গী ব্ৰিজলাল নেহৰু
সন্তান ব্ৰজ কুমাৰ নেহৰু
আত্মীয়-স্বজন নেহৰু-গান্ধী পৰিয়াল
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্ম-ভূষণ (১৯৫৫)
লেনিন শানতি বঁটা (১৯৬১)

ৰামেশ্বৰী নেহৰু, জন্ম: ১০ ডিচেম্বৰ ১৮৮৬ চন – মৃত্যু: ৮ নৱেম্বৰ ১৯৬৬ চন; ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেত্ৰী আছিল। তেওঁ সমাজৰ দৰিদ্ৰ শ্ৰেণী মানুহ আৰু মহিলাসকলৰ উত্থানৰ বাবে কাম কৰিছিল। তেওঁৰ জন্ম নাম আছিল ৰামেশ্বৰী ৰাইনা।

কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ ১৯০৯ চনৰপৰা ১৯২৪ চনলৈ মহিলাৰ বাবে প্ৰকাশিত হিন্দী মাহেকীয়া আলোচনী স্ত্ৰী দৰ্পন সম্পাদনা কৰিছিল। তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ (AIWC)[1] অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ১৯৪২ চনত তেওঁ ইয়াৰ সভানেত্ৰী নিৰ্বাচিত হয়।[2] তেওঁ কোপেনহেগেনত অনুষ্ঠিত হোৱা বিশ্ব মহিলা কংগ্ৰেছ আৰু কাইৰোত অনুষ্ঠিত হোৱা প্ৰথম আফ্ৰিকান-এছিয়ান মহিলা সন্মিলন (১৯৬১)ত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে।[3]

বিশ্ব সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ বাবে চুক্তি আহ্বান কৰাৰ চুক্তিখনৰ স্বাক্ষৰকাৰীসকলৰ ভিতৰত তেওঁ আছিল এক অন্যতম সদস্য।[4][4][5] এই চুক্তিৰ ফলত মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে, বিশ্ব শান্তিৰ হকে এখন বিশ্ব সংবিধানসভা পৃথিৱীৰ ফেডাৰেচনৰ বাবে সংবিধানৰ খচৰা আৰু গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯০২ চনত তেওঁ মতিলাল নেহৰুৰ ভতিজা আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভাগিনীয়েক ব্ৰিজলাল নেহৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ পুত্ৰ ব্ৰজ কুমাৰ নেহৰু ভাৰতীয় চৰকাৰী কৰ্মচাৰী আছিল আৰু তেওঁ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ৰামেশ্বৰী নেহৰুক তেওঁৰ সামাজিক কামৰ বাবে ভাৰত চৰকাৰে ১৯৫৫ চনত ভাৰতৰ সৰ্বোচ্চ অসমাৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে,[7] আৰু ১৯৬১ চনত তেওঁ লেনিন শান্তি বঁটা লাভ কৰে।[8] ১৯৮৭ চনত তেওঁৰ স্মৃতিত ভাৰতৰ ডাকসেৱা বিভাগে তেওঁৰ চিত্ৰ সম্বলিত ডাক টিকট প্ৰৱৰ্তন কৰে।

অধিক পঢ়ক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sonia Gandhi, ed (2004). Two Alone, Two Together: Letters Between Indira Gandhi and Jawaharlal Nehru 1922–1964. Penguin Books India. পৃষ্ঠা. xxii. ISBN 9780143032458. https://books.google.com/books?id=cwB7ebB8TK8C&pg=PR22.
  2. "Past Presidents". AIWC: All India Women's Conference. Archived from the original on 19 March 2014. https://web.archive.org/web/20140319132613/http://www.aiwc.org.in/past-presidents.html আহৰণ কৰা হৈছে: 19 March 2014.
  3. Sharma, d n (1969). Afro-asian Group In The U.n. http://archive.org/details/in.ernet.dli.2015.130233.
  4. "Letters from Thane Read asking Helen Keller to sign the World Constitution for world peace. 1961". American Foundation for the BlindHelen Keller Archive. https://www.afb.org/HelenKellerArchive?a=d&d=A-HK01-07-B149-F04-022.1.8 আহৰণ কৰা হৈছে: 2023-07-01.
  5. "Letter from World Constitution Coordinating Committee to Helen, enclosing current materials". American Foundation for the BlindHelen Keller Archive. https://www.afb.org/HelenKellerArchive?a=d&d=A-HK01-07-B154-F05-028.1.6 আহৰণ কৰা হৈছে: 2023-07-03.
  6. "Preparing earth constitution". Global Strategies & Solutions - The Encyclopedia of World ProblemsThe Encyclopedia of World Problems - Union of International Associations (UIA). Archived from the original on 2023-07-19. https://web.archive.org/web/20230719215501/http://encyclopedia.uia.org/en/strategy/193465 আহৰণ কৰা হৈছে: 2023-07-15.
  7. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs. Archived from the original on 2017-10-19. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 2026-02-28.
  8. Vijay Prashad (2008) The Darker Nations: A People's History of the Third World. New Pres. p, 53. আই.এচ.বি.এন. 9781595583420