ৰাম গোপাল (লেখক)
ৰাম গোপাল (জন্ম ১০ জানুৱাৰী ১৯২৫) এগৰাকী ভাৰতীয় লেখক আৰু ইতিহাসবিদ।[1][2]
জীৱন আৰু কৰ্ম
[সম্পাদনা কৰক]ৰাম গোপালৰ জন্ম ১০ জানুৱাৰী ১৯২৫ চনত।[3][4] লোকমান্য তিলকৰ জীৱনীমূলক গ্ৰন্থখনক সংবাদ মাধ্যমে ‘এখন প্ৰশংসনীয় ইতিহাস আৰু প্ৰামাণিক তথা মানসম্পন্ন গ্ৰন্থ’ হিচাপে অভিহিত কৰিছিল। দ্য টাইমচ এ গ্ৰন্থখনৰ সমালোচনা কৰি কৈছিল যে ই ‘অত্যন্ত সুন্দৰভাৱে লিখা হৈছে’। তেওঁৰ ইণ্ডিয়ান মুছলিমছ্ – এ পলিটিকেল হিষ্টৰী(1858–1947) গ্ৰন্থখনেও উচ্চ প্ৰশংসা লাভ কৰিছিল। ইণ্টাৰনেচনেল এফেয়াৰ্ছ গ্ৰন্থখনৰ সমালোচনা কৰি ৰাছব্ৰুক উইলিয়ামছএ কৈছিল যে লেখকে নিৰপেক্ষতা বজাই ৰখাৰ বাবে সৰ্বাধিক যত্ন লৈছে আৰু তেওঁৰ গ্ৰন্থখন পৰিশ্ৰমী গৱেষণাৰ ফল, লগতে ই অত্যন্ত সুন্দৰভাৱে লিখা হৈছে।
তেওঁ পৌৰনীতি আৰু ৰাজনীতি বিষয়ক কেইবাখনো গ্ৰন্থৰো লেখক আছিল। কিছুসময়ৰ বাবে তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসৰ ব'ৰ্ডত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ হৈ গৱেষণাৰ কাম কৰিছিল।
গোপালক ১৯৪২ চনৰ আগষ্ট মাহৰ ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি লক্ষ্ণৌ কেন্দ্ৰীয় কাৰাগাৰত আটক কৰি ৰখা হৈছিল।[5]
কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ উত্তৰ প্ৰদেশৰ এলাহাবাদৰপৰা প্ৰকাশিত এখন প্ৰসিদ্ধ ইংৰাজী ভাষাৰ বাতৰি কাকতত সম্পাদকীয় পদত কাম কৰিছিল। তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদৰ সদস্যও আছিল।
গ্ৰন্থাৱলী
[সম্পাদনা কৰক]ইংৰাজী গ্ৰন্থ
[সম্পাদনা কৰক]
- (Lokmanya Tilak—A Biography ) লোকমান্য তিলক এ বায়'গ্ৰাফী
- (Indian Muslims—A Political Study (1858–1947)) ইণ্ডিয়ান মুছলিমছ এ পলিটিকেল ষ্টাডী (১৮৫৮–১৯৪৭)
- (British Rule in India—An Assessment) ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এন এছেছমেণ্ট
- Trails of Nehru — ট্ৰেইলছ অৱ নেহৰু
- (How the British Occupied Bengal) হাউ দ্য ব্ৰিটিছ অকুপাইড বেংগল
- (Linguistic Affairs of India ) লিংগুইষ্টিক এফেয়াৰ্ছ অৱ ইণ্ডিয়া
- (Indo-Pakistan War and Peace ) ইণ্ডো-পাকিস্তান ৱাৰ এণ্ড পীচ
- (How India Struggled for Freedom) হাউ ইণ্ডিয়া ষ্ট্ৰাগল্ড ফৰ ফ্ৰিডম
- (Man and Reason) মেন এণ্ড ৰিজন
- (Spotlight on Democracy in India) স্পটলাইট অন ডেম'ক্ৰেচী ইন ইণ্ডিয়া
- (India Under Indra) ইণ্ডিয়া আণ্ডাৰ ইন্দিৰা
- (Eight Leading Lights) এইট লিডিং লাইটছ
- (Indian Freedom Rhetorics & Realities) ইণ্ডিয়ান ফ্ৰিডম ৰেটৰিকছ এণ্ড ৰিয়েলিটিজ
- (Kalidasa: His Art and Culture) কালিদাস: হিজ আৰ্ট এণ্ড কালচাৰ
- Hindu culture during and after Muslim rule: survival and subsequent challenges. M.D. Publications Pvt. Ltd.. 1994. ISBN 978-81-85880-26-6. https://books.google.com/books?id=wVr_f_gXOX4C&q=Ram+Gopal+-ver.হিন্দু কালচাৰ ডিউৰিং এণ্ড আফটাৰ মুছলিম ৰুল: ছাৰ্ভাইভেল এণ্ড ছাবছিকুৱেণ্ট চেলেঞ্জেছ
হিন্দী গ্ৰন্থ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Chopra, P. N.; Gopal, Ram. "Century of Indian National Congress". D K Publishers Distributors (INDIA)www.dkpd.com. Archived from the original on 2011-07-10. https://web.archive.org/web/20110710141125/http://www.dkpd.com/servlet/dkGetBiblio?bno=067576। আহৰণ কৰা হৈছে: 2026-10-05.
- ↑ "Quit India movement : A challenge to the British power in India /". http://www.dkagencies.com/doc/from/1063/to/1123/bkId/DK645523321337675037760231371/details.html.
- ↑ Kalidasa: his art and culture. Concept Publishing Company. 1984. https://books.google.com/books?id=HwHk-Y9S9UMC&q=Ram+Gopal+-ver.
- ↑ "Vaidika Vyakarana". HathiTrust. https://catalog.hathitrust.org/Record/010012565। আহৰণ কৰা হৈছে: 8 July 2026.
- ↑ "Archived copy". Archived from the original on 2010-06-07. https://web.archive.org/web/20100607131715/http://uparchives.up.nic.in/oral_history.htm। আহৰণ কৰা হৈছে: 2010-12-22.
- ↑ https://catalog.loc.gov/vwebv/holdingsInfo?searchId=1972&recCount=25&recPointer=87&bibId=8937110