ৰাম নাথ পুৰী
| ৰাম নাথ পুৰী | |
|---|---|
| জন্ম | ২১ ছেপ্টেম্বৰ, ১৮৮১ ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৯৭৪ লছ এঞ্জেলচ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ৰাষ্ট্ৰীয়তা | আমেৰিকান |
| জনা যায় | ভাৰতীয় বিপ্লৱী পত্ৰিকা চাৰ্কুলাৰ-ই-আজাদৰ সম্পাদক |
ৰাম নাথ পুৰী (ইংৰাজী: Ram Nath Puri বা Ramnath Puri) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান স্বাধীনতা-সংগ্ৰামী; যাক ভাৰতীয় বিপ্লৱী পত্ৰিকা চাৰ্কুলাৰ-ই-আজাদৰ সম্পাদক ৰূপে জনা যায়। এই আলোচনীখনে ব্ৰিটিছ ৰাজক সমালোচনা কৰিছিল আৰু ই গদাৰ পাৰ্টিৰ প্ৰাৰম্ভিক ইতিহাসৰ সৈতে জড়িত আছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৮৮১ চনৰ ২১ ছেপ্টেম্বৰ তাৰিখে[2][3][4]এটি পাঞ্জাৱী পৰিয়ালত[5]পুৰীৰ জন্ম হয়। তেওঁৰ দেউতাক জৱালা মুল পুৰী খেম কৰণৰ আছিল; এই অঞ্চলটো তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ লাহোৰৰ অন্তৰ্গত আছিল।[1]
পুৰীয়ে বেংকৰ কেৰাণী হিচাপে লাহোৰত তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।[1]সেই সময়ছোৱাতে তেওঁ ঔপনিৱেশবাদ বিৰোধী দুখন প্ৰচাৰপত্ৰ আৰু শিকলিৰে বন্ধা অৱস্থাত ভাৰত পিতা ("Father India")ৰ এটি ৰাজনৈতিক কাৰ্টুন প্ৰকাশ কৰিছিল।[6] ব্ৰিটিছ বাহিনীয়ে এই প্ৰচাৰপত্ৰ আৰু কাৰ্টুনক আপত্তিজনক তথা ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিছিল আৰু এইবোৰ প্ৰকাশ কৰি পুৰী তেওঁলোকৰ নজৰলৈ আহিছিল।[7]নজৰলৈ অহাৰ লগে লগে ব্ৰিটিছে তেওঁৰ প্ৰচাৰ পত্ৰিকাসমূহ জব্দ কৰাই নহয়, তেওঁৰ এজেণ্টসমূহক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁকো পোনপটীয়াকৈ হাৰাশাস্তি কৰিবলৈ ধৰে। অতীষ্ঠ হৈ পুৰীয়ে ভাৰত এৰিবলৈ সিদ্ধান্ত লয়।[6]
ইতিহাসবিদ বিপিন চন্দ্ৰৰ মতে,[8]১৯০৬ চনৰ শেষৰফালে,[5][9] পুৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। এয়া আছিল এক ৰাজনৈতিক নিৰ্বাসন।
আমেৰিকাত সক্ৰিয়তা
[সম্পাদনা কৰক]১৯০৭ চনত তেওঁ ‘হিন্দুস্তান এছ’চিয়েচন’ প্ৰতিষ্ঠা কৰে। তেওঁ নিজে চাৰ্কুলাৰ-ই-আজাদীত বৰ্ণনা কৰা অনুসৰি এই সংস্থাটো কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত আছিল আৰু ইয়াৰ শাখা আছিল অৰেগনৰ এষ্টোৰিয়া আৰু ব্ৰিটিছ কলম্বিয়াৰ ভেংকুৱাৰত।[7] ললকাৰৰ মতে, ‘হিন্দুস্তান এছ’চিয়েচন’ৰ সদস্যপদৰ প্ৰধান চৰ্ত আছিল যে, সদস্যসকলে নিজকে জাতি, ৰং আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি হোৱা পক্ষপাতিত্বৰ পৰা মুক্ত কৰিব।[5]
১৯০৭ চনৰ পৰা ১৯০৮ চনৰ ভিতৰত তেওঁ চাৰ্কুলাৰ-ই-আজাদী শীৰ্ষক এখন উৰ্দু ভাষাৰ পত্ৰিকা প্ৰকাশ কৰে। তিনিটা সংখ্যা প্ৰকাশ হোৱা এই পত্ৰিকাখনৰ উদ্দেশ্য আছিল - ভাৰতত ব্ৰিটিছ শাসনৰ সমালোচনা কৰা আৰু ৰাজনৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। পত্ৰিকাখন কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কো আৰু অকলেণ্ডৰ বাহিৰত প্ৰকাশ পাইছিল।[1][9][10]এই পত্ৰিকাৰ প্ৰথম সংস্কৰণটো লিথ’গ্ৰাফীত প্ৰকাশ হৈছিল।[11] ইতিহাসবিদ মাইয়া ৰামনাথে চাৰ্কুলাৰ-ই-আজাদীক -
পশ্চিম উপকূলত প্ৰচাৰিত ঔপনিৱেশিক বিৰোধী ঢৌত অৰিহণা যোগোৱা প্ৰথমটি অন্যতম উল্লেখযোগ্য টুকুৰা
বুলি বৰ্ণনা কৰিছে।[7] ইয়াত মৌলিক লেখা প্ৰকাশ হোৱাৰ লগতে, গেলিক এমেৰিকান আৰু ৰাম নাথ পুৰীৰ মতে ইণ্ডিয়ান চছিয়লজিষ্ট আৰু বন্দে মাতৰম আদি কাকতৰপৰা তুলি অনা বিভিন্ন টুকুৰা প্ৰকাশ হৈছিল।[7]
চাৰ্কুলাৰ-ই-আজাদীয়ে ব্ৰিটিছৰ ফৌজদাৰী চোৰাংচোৱাৰ সঞ্চালকৰ দৃষ্টি আকৰ্ষণ কৰিছিল, আৰু ইয়াৰ বিদ্ৰোহী বিষয়বস্তুৰ বাবে ইয়াক ভাৰতলৈ প্ৰেৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ১৯০৮ চনৰ জানুৱাৰী মাহত অপৰাধমূলক চোৰাংচোৱাৰ সঞ্চালকৰ ভাৰতত প্ৰকাশ পোৱা প্ৰতিবেদন মতে, কাকতখনক অকপটে বিপ্লৱী আখ্যা দিয়া হৈছিল, যি নিয়োগৰ বাবে আমেৰিকালৈ যোৱা ভাৰতীয়সকলৰ মাজত এটা ভাৰতীয় জাতীয় দল গঠন কৰিবলৈ কাম কৰিছিল আৰু এটা বৃহৎ অভিসন্ধি কৰিবলৈ সক্ষম হৈছিল বুলি কোৱা হৈছিল।[7][9]
আমেৰিকাত পুৰীৰ জীৱন
[সম্পাদনা কৰক]আমেৰিকাত ৰামনাথ পুৰীয়ে চিকিৎসালয়ৰ চকীদাৰ, দোভাষী, মাইনিং কলেজৰ ছাত্ৰ, ফ্ৰুট পিকাৰ, ৱেটাৰ, উদ্যোগী তথা ডাক কৰ্মী আদি বিভিন্ন কাম কৰিছিল।[7][12]
কৰেন লিওনাৰ্ডোৰ মতে,
পত্নীক আনিবলৈ ১৯০৬ চনত পুৰী ঘূৰি গৈছিল আৰু তেওঁক চান ফ্ৰান্সিস্কোলৈ লৈ আনিছিল, য’ত তেওঁ আমেৰিকান নাগৰিকত্ব লাভ কৰিছিল। সেই শতিকাৰ প্ৰথম দুটা দশকতে পুৰীৰ তিনিটি সন্তানৰ জন্ম হৈছিল।[13]
১৯০৮ চনত আমেৰিকাৰপৰা প্ৰকাশ হোৱা ‘অভাৰলেণ্ড মান্থলি’ শীৰ্ষক সাহিত্যালোচনীখনে পুৰীক ইংৰাজী সাহিত্যৰ ছাত্ৰ বুলি লিখিছিল।[14] ১৯১০ চনত তেওঁ কেলিফৰ্ণিয়াৰ অকলেণ্ডত কিছু মাটি অধিগ্ৰহণ কৰে।[7]
১৯১৭ চনলৈকে তেওঁক আমেৰিকাৰ প্ৰাকৃতিক নাগৰিক, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, সুপৰিচিত লেখক আৰু দহ বছৰ ধৰি ছান ফ্ৰান্সিস্কো অঞ্চলৰ বাসিন্দা হিচাপে বৰ্ণনা কৰা হৈছিল।[15]
১৯১৭ চনত তেওঁ কেলিফৰ্ণিয়াৰ ষ্টকটনৰ পৰা ভাৰতীয় হিন্দু সম্প্ৰদায়ৰ বাবে ‘ৰফিক-ই-হিন্দ’ (বা ভাৰতৰ বন্ধু) শীৰ্ষক এটি নতুন প্ৰকাশন আৰম্ভ কৰে।[15]
১৯৪৭ চনত তেওঁ হাও টু কনকোৱেৰ পভাৰ্টি এণ্ড ফেমিন ইন ইণ্ডিয়া বাই আমেৰিকান মেথডচ প্ৰকাশ কৰে। ইয়াত তেওঁ আমেৰিকা এৰি যোৱাৰ তেওঁৰ পছন্দৰ লগতে তেওঁৰ কেলিফৰ্ণিয়াৰ পৰিয়ালৰ বিষয়ে বৰ্ণনা কৰিছে; তেওঁ উল্লেখ কৰিছে যে, তেওঁৰ এগৰাকী পুত্ৰ নিজৰ ব্যৱসায়ত জড়িত আৰু এগৰাকী কন্যা কেলিফৰ্ণিয়া ৰাজ্য চৰকাৰৰ অসামৰিক সেৱাত আছে।[16]
১৯৭৪ চনত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলচত ৰাম নাথ পুৰীৰ মৃত্যু হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Tatla, Darshan Singh (2003-01-01) (en ভাষাত). A guide to sources, Ghadar movement. Guru Nanak Dev University. পৃষ্ঠা. 98. ISBN 9788177700565. https://books.google.com/books?id=WfxtAAAAMAAJ.
- ↑ "United States World War I Draft Registration Cards, 1917-1918, database with images, FamilySearch". San Joaquin County, California, United States, NARA microfilm publication M1509 (Washington D.C.: National Archives and Records Administration, n.d.); FHL microfilm 1,544,322.. https://familysearch.org/ark:/61903/1:1:KZKQ-ZTV। আহৰণ কৰা হৈছে: 28 February 2016. "Ram Nath Puri, 1917-1918"
- ↑ "United States World War II Draft Registration Cards, 1942, database with images, FamilySearch". NARA microfilm publication M1936, M1937, M1939, M1951, M1962, M1964, M1986, M2090, and M2097 (Washington D.C.: National Archives and Records Administration, n.d.).. https://familysearch.org/ark:/61903/1:1:V48D-LVY। আহৰণ কৰা হৈছে: 28 February 2016. "Ram Nath Puri, 1942;"
- ↑ 4.0 4.1 "California Death Index, 1940-1997, database, FamilySearch". Department of Public Health Services, Sacramento.. https://familysearch.org/ark:/61903/1:1:VPHG-MHJ। আহৰণ কৰা হৈছে: 28 February 2016. "Ram N Puri, 21 Sep 1974;"
- ↑ 5.0 5.1 5.2 "100th Anniversary of the Ghadar movement – a salute to the forerunners of the Indian liberation struggle" (en-US ভাষাত). Lalkar. 2013-07-01. http://www.lalkar.org/article/215/100th-anniversary-of-the-ghadar-movement-a-salute-to-the-forerunners-of-the-indian-liberation-struggle। আহৰণ কৰা হৈছে: 2016-02-28.
- ↑ 6.0 6.1 Ganguly, Anil Baran (1980-01-01) (en ভাষাত). Ghadar Revolution in America. Metropolitan. পৃষ্ঠা. 31–32. https://books.google.com/books?id=ihg-AAAAMAAJ&q=%22ramnath+puri%22+OR+%22ram+nath+puri%22.
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 7.6 Ramnath, Maia (2011-12-01) (en ভাষাত). Haj to Utopia: How the Ghadar Movement Charted Global Radicalism and Attempted to Overthrow the British Empire. University of California Press. পৃষ্ঠা. 21. ISBN 9780520950399. https://books.google.com/books?id=lFOKArfI8RUC.
- ↑ Chandra, Bipan (2000-10-14). "World War I and Nationalism: The Ghadar" (en ভাষাত). India's Struggle for Independence. Penguin UK. পৃষ্ঠা. 176. ISBN 9788184751833. https://books.google.com/books?id=0q7xH06NrFkC.
- ↑ 9.0 9.1 9.2 Sohi, Seema (2014-01-01) (en ভাষাত). Echoes of Mutiny: Race, Surveillance, and Indian Anticolonialism in North America. Oxford University Press. পৃষ্ঠা. 51–52. ISBN 9780199376254. https://books.google.com/books?id=fCnnAwAAQBAJ.
- ↑ Singh, Inder (2013). "Gadar Centennial Commemoration 2013". Global Organization of People of Indian Origin. http://www.gopio.net/gadar_centennial/gadar_movement.pdf.
- ↑ Puri, Harish K. (1983-01-01) (en ভাষাত). Ghadar movement: ideology, organisation & strategy. Guru Nanak Dev University Press. পৃষ্ঠা. 40. ISBN 9780836411133. https://books.google.com/books?id=cF9uAAAAMAAJ.
- ↑ "Hindu Resigns From Service". The Union Postal Employee (Washington, DC). February 1918. https://books.google.com/books?id=IEg2AQAAMAAJ&pg=RA1-PA19.
- ↑ Leonard, Karen (2010-08-17). "Male and Female Networks" (en ভাষাত). Making Ethnic Choices: California's Punjabi Mexican Americans. Temple University Press. পৃষ্ঠা. 94. ISBN 9781439903643. https://books.google.com/books?id=_OixUUiSuLQC.
- ↑ Puri, Ram Nath (July 1908). "A New Light in India". Overland Monthly. https://books.google.com/books?id=SQINAQAAIAAJ&pg=PA26.
- ↑ 15.0 15.1 "Rafiq-i-Hind". The Hindustanee Student: 15. March 1917. https://books.google.com/books?id=RHsPAQAAIAAJ&pg=PA15.
- ↑ Puri, Ram Nath (1947-01-01) (en ভাষাত). How to conquer poverty & famine in India by American methods. Padmaja Publications. https://books.google.com/books?id=dCQYAAAAIAAJ.