ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস
নতুন দিল্লীত “ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস”ৰ দিনপঞ্জী উন্মোচন
সম্পূৰ্ণ নাম ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস
পালন কৰে ভাৰত
প্ৰকাৰ ৰাষ্ট্ৰীয়
মহত্ব শিক্ষা, পুষ্টি, বাল্য বিবাহ, অধিকাৰ, আৰু স্বাস্থ্য, সুৰক্ষা, সন্মান ইত্যাদি বিষয়ত ভাৰতৰ কন্যা শিশুয়ে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে সজাগতা সৃষ্টি।
তাৰিখ ২৪ জানুৱাৰী
সংঘটন বাৰ্ষিক

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (ইংৰাজী : National Girl Child Day) হৈছে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ২৪ জানুৱাৰীত পালন কৰা এটা ৰাষ্ট্ৰীয় দিৱস। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ভাৰতীয় সমাজত নাৰীৰ প্ৰতি থকা ভেদাভেদ আৰু লিংগ বৈষম্য বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই দিৱসটো আৰম্ভ কৰিছিল।[1]বেটি বচাও, বেটি পঢ়াও”, শিশু যৌন অনুপাতকে ধৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আৰু মহিলাসকলৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ বাবে সজাগতা অভিযানৰ জৰিয়তে এই দিৱস উদযাপন কৰা হয়। সমগ্ৰ দেশতে লিংগ সজাগতা শিবিৰ আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়, য'ত কন্যা শিশুৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয় আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উপস্থাপন কৰা হয়।[2][3][4][5] ২০১৯ চনত “উজ্জ্বল ভৱিষ্যতৰ বাবে মহিলাৰ সবলীকৰণ” ('Empowering Girls for a Brighter Tomorrow') বিষয়ক লৈ এই দিৱস পালন কৰা হৈছিল।[6][3]

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ এটি দৃশ্য

উদ্দেশ্য[সম্পাদনা কৰক]

  • দেশৰ মহিলাসকলে যাতে কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন নহয় তাৰ বাবে জনসাধাৰণক সজাগ কৰা।[7]
  • কন্যা সন্তানৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।
  • মহিলাসকলক শিক্ষা দিয়া আৰু তেওঁলোকক স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা।[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Goyal, Sikha (January 24, 2019). "National Girl Child Day 2019: History, Theme, Objectives and Significance". Dainik Jagran. Jagranjosh. https://www.jagranjosh.com/general-knowledge/national-girl-child-day-1548245605-1. 
  2. Nair, Arun (January 24, 2019). "National Girl Child Day 2019: All You Need To Know". NDTV. https://www.ndtv.com/india-news/national-girl-child-day-2019-all-you-need-to-know-1982575. 
  3. 3.0 3.1 ""Empowering Girls for a Brighter Tomorrow" – National Girl Child Day 2019". The Economic Times. January 24, 2019. https://economictimes.indiatimes.com/news/politics-and-nation/empowering-girls-for-a-brighter-tomorrow-national-girl-child-day-2019/a-day-to-observe-femininity/slideshow/67672109.cms. 
  4. "Significance of National Girl Child Day". The Morung Express. January 24, 2018. http://morungexpress.com/significance-national-girl-child-day/. 
  5. Carvalho, Nirmala (January 24, 2010). "'National Girl Child Day' against selective abortions and female infanticide". AsiaNews. http://www.asianews.it/news-en/%E2%80%98National-Girl-Child-Day%E2%80%99-against-selective-abortions-and-female-infanticide-23784.html. 
  6. "National girl child day being observed with theme 'Empowering Girls for a Brighter Tomorrow'". DD News. January 24, 2019. http://ddnews.gov.in/people/national-girl-child-day-being-observed-today-theme-empowering-girls-brighter-tomorrow. 
  7. "National Girl Child Day (NGCD) 2022: How the World Can Be Made Better for Girls?" (en-US ভাষাত). SA News Channel. January 21, 2022. https://news.jagatgururampalji.org/national-girl-child-day-special/। আহৰণ কৰা হৈছে: January 21, 2022. 
  8. "National Girl Child Day: Theme, importance, significance" (en ভাষাত). Hindustan Times. January 24, 2021. https://www.hindustantimes.com/india-news/national-girl-child-day-theme-importance-significance-101611460859722.html। আহৰণ কৰা হৈছে: January 23, 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]