ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ (এন আই চি)
| ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ | |
|---|---|
| চমু নাম | NIC |
| প্ৰতিষ্ঠা | ১৯৭৬ |
| ধৰণ | ডিজিটেল তথ্য |
| প্ৰধান কাৰ্যালয় | নতুন দিল্লী |
| অঞ্চল | Pan India |
| সেৱা ক্ষেত্ৰ | ভাৰত |
| আনুষ্ঠানিক ভাষা | ইংৰাজী আৰু হিন্দী |
| Director General | Abhishek Singh[1] |
| বাজেট | ₹১১.৫ শ কোটি (১৬১.২৩ মিলিয়ন ডলাৰ)[2] |
| কৰ্মচাৰী | 3500 (April 2023)[3] |
| ৱেবছাইট | www |
ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ (ইংৰাজী: National Infomatic Centre)বা চমুকৈ এন আই চি হৈছে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয় (MeitY)ৰ অধীনত থকা এটা বিভাগ। [4][5][6]
এই কন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ৰাজ্য চৰকাৰসমূহক তথ্য প্ৰযুক্তি ব্যৱস্থাৰ স্থাপত্য, ডিজাইন, বিকাশ আৰু ৰূপায়ণকে ধৰি আন্তঃগাঁথনি, আই টি পৰামৰ্শ আৰু আই টি সেৱা প্ৰদান কৰে আৰু ডিজিটেল ইণ্ডিয়াৰ ডিজিটেলাইজেচন পদক্ষেপসমূহ ৰূপায়ণ কৰাত সহায় কৰে।
সংস্থাটোৱে তথ্য-প্ৰযুক্তি ক্ষেত্ৰতো গৱেষণা কৰি বিভিন্ন বিজ্ঞানী আৰু বৈজ্ঞানিক/কাৰিকৰী সহায়ক নিযুক্তি দিয়ে। সংস্থাটোৰ প্ৰধান কাম হৈছে শাসনৰ সকলো স্তৰতে আইচিটিৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু নাগৰিকসকলৰ বাবে চৰকাৰী সেৱাসমূহৰ ডিজিটেল প্ৰৱেশৰ সুবিধা প্ৰদান কৰা।
ইতিহাস
[সম্পাদনা কৰক]১৯৭৬ চনত ভাৰতীয় ইলেক্ট্ৰনিকছ আয়োগৰ অধীনত নৰসিংহায় শেশাগিৰিৰদ্বাৰা ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ (NIC) প্ৰতিষ্ঠা কৰা হয় আৰু পৰৱৰ্তী সময়ত ভাৰতৰ পৰিকল্পনা আয়োগলৈ বদলি কৰা হয়, তাৰ পিছত ই ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয় (MeitY; Hindi: Ministry of Electronics and Information Technology)ৰ অধীনলৈ আহে। অতিৰিক্ত সম্পাদক নৰসীমা সেশাগিৰি ভাৰতত NICNET নামৰ নেটৱৰ্ক ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰথমজন ব্যক্তি আছিল।[7][8] সংস্থাটোৱে বিভিন্ন চৰকাৰী সংস্থাৰ বাবে আই টি ব্যৱস্থাৰ ডিজাইন আৰু বিকাশ কৰে, যিয়ে দেশৰ বিশ্বায়নৰ যুগত তেওঁলোকৰ পৰিচালনা আৰু প্ৰশাসনিক প্ৰক্ৰিয়াক আধুনিকীকৰণ কৰাত সহায় কৰে। এই সংস্থাটোৱে নাগৰিকসকলক বিভিন্ন চৰকাৰী সেৱাৰ ডিজিটেল প্ৰৱেশৰ সুবিধা প্ৰদান কৰে।
২০১৮-১৯ বৰ্ষৰ বাবে ইয়াৰ বাৰ্ষিক বাজেট আছিল ₹১১.৫ বিলিয়ন (১৪ কোটি মাৰ্কিন ডলাৰ)।[2] ইয়াৰে অধিকাংশই বিভিন্ন চৰকাৰী বিভাগক বিনামূলীয়া সেৱা প্ৰদানৰ বাবে ব্যয় কৰা হয়।
আন্তঃগাঁথনি আৰু সেৱা
[সম্পাদনা কৰক]- ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ সেৱাসমূহৰ ভিতৰত আছে:[9]
- ডিজিটেল চৰকাৰী গৱেষণা কেন্দ্ৰ (ডিজিআৰচি)
- চৰকাৰী স্থানীয় এলেকা নেটৱৰ্ক (LAN)
- ভিডিঅ' কনফাৰেন্সিং
- ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (NKN)
- মোবাইল সক্ষমতা কেন্দ্ৰ
- ইমেইল আৰু বাৰ্তা প্ৰেৰণ
- টেলিকমিউনিকেচন আৰু ভৌগোলিক তথ্য ব্যৱস্থা (জিআইএছ)
- ৱেবকাষ্ট
- ডমেইন পঞ্জীয়ন
- ৰাষ্ট্ৰীয় ক্লাউড
- আদেশ আৰু নিয়ন্ত্ৰণ
- নিকনেট
- ডাটা চেণ্টাৰ
- সুৰক্ষা
- ব্লকচেইন প্ৰযুক্তি
এনআইচিৰ নেটৱৰ্ক, "নিকনেট"[10] সমগ্ৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰ্যালয়/বিভাগ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ[11] সৈতে প্ৰতিষ্ঠানিক সংযোগৰ সুবিধা প্ৰদান কৰে। এন আই চি হৈছে ই-গভৰ্ণমেণ্ট এপ্লিকেচনৰ প্ৰধান বিকাশক। ইয়াৰ উপৰি ই ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক পৰিচালনা কৰে।
তথ্য কেন্দ্ৰ আৰু কাৰ্যালয়
[সম্পাদনা কৰক]২০১৮ চনত এন আই চিয়ে ভুৱনেশ্বৰত চতুৰ্থটো ডাটা চেণ্টাৰ মুকলি কৰে, যিয়ে নতুন দিল্লী, হায়দৰাবাদ আৰু পুনেত [12] থকা ইয়াৰ বৰ্তমানৰ ডাটা চেণ্টাৰসমূহৰ পৰিপূৰক হিচাপে কাম কৰে। ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰৰ উপৰি এন আই চিৰ কাৰ্যালয়সমূহে নতুন দিল্লীৰ মুখ্য কাৰ্যালয় আৰু ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যিক কেন্দ্ৰসমূহ অন্তৰ্ভুক্ত কৰে।[13][14] ইয়াৰ পৰিপূৰক হিচাপে ৭৪১টা জিলা কাৰ্যালয় আছে।
ৰাষ্ট্ৰীয় ক্লাউড
[সম্পাদনা কৰক]
নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰে মেঘৰাজ নামৰ জি আই ক্লাউড এটা প্ৰস্তুত কৰিছিল। এই প্ৰকল্পটো ভাৰত চৰকাৰে ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত ক্লাউড কম্পিউটিঙৰ বাবে আৰম্ভ কৰিছিল।[15][16] মেঘৰাজ ক্লাউডে বিভিন্ন সেৱা মডেল যেনে প্লেটফৰ্ম এজ এ চাৰ্ভিচ (PaaS), ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ চাৰ্ভিচ (IaaS), চফ্টৱেৰ এজ এ চাৰ্ভিচ (SaaS), ভাৰ্চুৱেল চাৰ্ভাৰ, কুবাৰ্নেটছ কণ্টেইনাৰ, ডেভ'পছ আদি প্ৰদান কৰে। ২০২৩ চনৰ এপ্ৰিল মাহত জিঅ' প্লেটফৰ্মে দিল্লী, পুনে আৰু ভুৱনেশ্বৰত অৱস্থিত বিভিন্ন ডাটা চেণ্টাৰত অনছাইট মেইণ্টেনেন্সৰ বাবে নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰৰ (এনআইচি) ক্লাউড সেৱা পৰিচালনা আৰু উন্নত কৰাৰ বাবে ৩.৫ বিলিয়ন ₹ (৪১ মিলিয়ন মাৰ্কিন ডলাৰ) মূল্যৰ পাঁচবছৰীয়া চুক্তি লাভ কৰে। [17][18]
চেণ্টাৰ অৱ এক্সেলেন্স
[সম্পাদনা কৰক]তলত উল্লেখ কৰা উৎকৃষ্টতা কেন্দ্ৰ (CoE) স্থাপন কৰা হৈছে:
- কৃত্ৰিম বুদ্ধিমত্তা
- ব্লকচেইন প্ৰযুক্তি
- মাইক্ৰ’চাৰ্ভিচ
- তথ্য বিশ্লেষণ
- এপ্লিকেচন সুৰক্ষা
শাসন ব্যৱস্থাত এআই প্ৰয়োগৰ বাবে অধিক সুযোগ বিচাৰিবলৈ এনআইচিয়ে ২০১৯ চনত এটা চেণ্টাৰ ফৰ আৰ্টিফিচিয়েল ইনটেলিজেন্স আৰম্ভ কৰিছিল। Established a Centre of Excellence in. ২০২০ চনত কেন্দ্ৰীয় চৰকাৰ আৰু এনআইচিয়ে বেংগালুৰুত ব্লকচেইন প্ৰযুক্তিৰ চেণ্টাৰ অৱ এক্সেলেন্স (CoE) আৰম্ভ কৰে।
ভাৰত মেপছ
[সম্পাদনা কৰক]ভাৰত মেপছ হৈছে ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰদ্বাৰা পৰিচালিত এটা ৱেব মেপিং সেৱা।[19] ২০০৪–০৯ চনৰ পাঁচবছৰীয়া চক্ৰত এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছিল আৰু এই তথ্য ভাৰতৰ জৰীপ, ভাৰতৰ মহাপঞ্জীয়ক আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰপৰা আহৰণ কৰা হৈছে। এই মানচিত্ৰসমূহ বিভিন্ন চৰকাৰী বিভাগে চৰকাৰী কামত ব্যৱহাৰ কৰে আৰু গ্ৰাহকৰ ব্যৱহাৰৰ বাবেও উপলব্ধ।[20]
ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্টেল
[সম্পাদনা কৰক]এন আই চিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্টেল ৰক্ষণাবেক্ষণ কৰে। এই পৰ্টেলত ভাৰতৰ সংবিধান আছে,[21] আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সেৱাসমূহ লাভ কৰিবলৈ এটা বিন্দুলৈকে ডিজাইনৰ উদ্দেশ্য আছে।[8]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Network, Elets News (21 April 2025). "Abhishek Singh Takes Charge as Director General of National Informatics Centre". https://egov.eletsonline.com/2025/04/abhishek-singh-takes-charge-as-director-general-of-national-informatics-centre.
- ↑ Government of India (2019), পৃষ্ঠা. 324.
- ↑ https://economictimes.indiatimes.com/tech/internet/nic-launches-fourth-data-centre-in-bhubaneswar/articleshow/64353894.cms
- ↑ Rituraj (2018), পৃষ্ঠা. 2.
- ↑ Prabhu (2012), পৃষ্ঠা. 45–47.
- ↑ Malwad (1996), পৃষ্ঠা. 36–39.
- ↑ Staff (29 May 2013). "Padma Bhushan N. Seshagiri, founder director-general of NIC, dies at 73". India Today. https://www.indiatoday.in/india/south/story/padma-bhushan-n-seshagiri-founder-director-general-of-nic-dead-164733-2013-05-29.
- ↑ 8.0 8.1 "About us — National Portal of India". www.india.gov.in. https://www.india.gov.in/about-portal। আহৰণ কৰা হৈছে: 6 November 2019.
- ↑ "NIC SERVICES | National Informatics Centre". www.nic.in. https://www.nic.in/services-main-page/। আহৰণ কৰা হৈছে: 2023-06-22.
- ↑ Bhagavan (1997), পৃষ্ঠা. 112.
- ↑ "NICNET | National Informatics Centre". www.nic.in. https://www.nic.in/servicecontents/nicnet/। আহৰণ কৰা হৈছে: 2023-06-22.
- ↑ Agarwal, Surabhi (28 May 2018). "NIC launches fourth data centre in Bhubaneswar". The Economic Times. https://economictimes.indiatimes.com/tech/internet/nic-launches-fourth-data-centre-in-bhubaneswar/articleshow/64353894.cms.
- ↑ Staff (14 January 2019). "Ravi Shankar Prasad inaugurates NIC Command & Control Centre to support cloud, data infra". Express Computer. https://www.expresscomputer.in/artificial-intelligence-ai/ravi-shankar-prasad-inaugurates-nic-command-control-centre-to-support-cloud-data-infra/31640/.
- ↑ "District Offices". National Informatics Centre. https://www.nic.in/district-office/। আহৰণ কৰা হৈছে: 8 November 2018.
- ↑ "Shri Kapil Sibal Launches 'National Cloud' Under 'MeghRaj'". https://pib.gov.in/newsite/PrintRelease.aspx?relid=102979.
- ↑ "Kapil Sibal suggests NIC forms cloud service JV with private firms". The Economic Times. 4 February 2014. https://economictimes.indiatimes.com/tech/ites/kapil-sibal-suggests-nic-forms-cloud-service-jv-with-private-firms/articleshow/29869238.cms?from=mdr.
- ↑ https://economictimes.indiatimes.com/tech/technology/jio-platforms-bags-rs-350-crore-deal-to-run-national-informatics-centres-cloud-services/articleshow/99362491.cms?from=mdr
- ↑ "Jio Platforms gets Rs 350 crore deal to run NIC's cloud services for 5 yrs". https://www.business-standard.com/companies/news/jio-platforms-gets-rs-350-crore-deal-to-run-nic-s-cloud-services-for-5-yrs-123041000176_1.html.
- ↑ "About Bharat Maps". Government of India. Archived from the original on 19 January 2024. https://web.archive.org/web/20240119084034/https://bharatmaps.gov.in/bharatmaps/#about। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ Bharat Maps (Report). Government of India. https://informatics.nic.in/article/593। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ "National Informatics Centre portal". Thomson Reuters Practical Law. https://uk.practicallaw.thomsonreuters.com/1-604-1225। আহৰণ কৰা হৈছে: 6 November 2019.