ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী (ইংৰাজী: National Register of Indian Citizens) (চমূকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) (ইংৰাজী: National Register of Citizens) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ( Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003) ৰ নিয়ম(২)(ট)ত সংজ্ঞাবদ্ধ হৈছে আৰু সেইমতে এইখন এনে এখন পঞ্জী য'ত ভাৰত আৰু ভাৰতৰ বাহিৰত থকা ভাৰতীয় নাগৰিক সকলৰ বিষদ বিৱৰণ সন্নিবিষ্ট থাকিব।[1]

অসমত ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী তৈয়াৰ আৰু উন্নীতকৰণৰ বাবে নাগৰিকত্ব আইন-১৯৫৫ আৰু নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ত কিছু সালসলনি কৰা হৈছিল যাৰ ফলত অসমত বসবাস কৰা ভাৰতীয় নাগৰিক আৰু অন্যান্য ৰাজ্যত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সংজ্ঞাত প্ৰভেদ আছে। [2]

ভাৰতীয় নাগৰিক মানে ভাৰতৰ সংবিধান আৰু নাগৰিকত্ব আইন-১৯৫৫ ৰ অধীনত সংজ্ঞাবদ্ধ ভাৰতীয় নাগৰিক সকলকে বুজোৱা হয়।

গঠন আৰু উপভাগ[সম্পাদনা কৰক]

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীত তলৰ চাৰিটা উপভাগ থাকিব

১। ভাৰতীয় নাগৰিকৰ ৰাজ্যিক পঞ্জী (State Register of Indian Citizens)

২। ভাৰতীয় নাগৰিকৰ জিলা পঞ্জী (District Register of Indian Citizens)

৩। ভাৰতীয় নাগৰিকৰ উপ-জিলা (মহকুমা)পঞ্জী (Sub-district Register of Indian Citizens)

৪। ভাৰতীয় নাগৰিকৰ স্থানীয় পঞ্জী (Local Register of Indian Citizens)


নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ৰ নিয়ম(২)(ছ)ত সংজ্ঞাবদ্ধ ভাৰতীয় নাগৰিকৰ স্থানীয় পঞ্জী এনে এখন পঞ্জী য'ত কোনো এখন গাওঁ বা গ্ৰামাঞ্চল বা নগৰ বা মহলা অথবা নগৰ বা নগৰাঞ্চলৰ তেনে কোনো মহলাৰ অন্তৰ্গত (নাগৰিক পঞ্জীকৰণৰ মহাপঞ্জীয়কৰ দ্বাৰা) সীমাবদ্ধ নিদিষ্ট পৰিসীমাত সাধাৰণতে বসবাস কৰা ভাৰতীয় নাগৰিক সকলৰ বিষদ বিৱৰণ সন্নিবিষ্ট থাকিব। ৰাজ্যিক চৰকাৰ সমূহে এনে গাওঁ বা গ্ৰামাঞ্চল বা নগৰ বা মহলা অথবা নগৰ বা নগৰাঞ্চলৰ তেনে কোনো মহলাৰ অন্তৰ্গত (নাগৰিক পঞ্জীকৰণৰ মহাপঞ্জীয়কৰ দ্বাৰা) সীমাবদ্ধ ক্ষুদ্ৰতম ভৌগোলিক পৰিসীমাৰ বাবে একোজনকৈ স্থানীয় বিষয়া বা ৰাজহ বিষয়াক নাগৰিক পঞ্জীকৰণৰ স্থানীয় পঞ্জীয়ক (Local Registrar of Citizen Registration) (LRCR) হিচাপে নিযুক্তি দিব যি সেই অঞ্চলৰ ভাৰতীয় নাগৰিক সকলৰ স্থানীয় পঞ্জী প্ৰস্তুতকৰণৰ বাবে স্থানীয় পঞ্জীয়ক হিচাপে কাম কৰিব।

নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ৰ নিয়ম(২)(ঠ)ত সংজ্ঞাবদ্ধ জনসংখ্যা পঞ্জী (Population Register) আৰু ভাৰতীয় নাগৰিকৰ স্থানীয় পঞ্জী (Local Register of Indian Citizens)ৰ মাজত সামান্য প্ৰভেদ এয়ে যে জনসংখ্যা পঞ্জীত গাওঁ বা গ্ৰামাঞ্চল বা নগৰ বা মহলা অথবা নগৰ বা নগৰাঞ্চলৰ তেনে কোনো মহলাৰ অন্তৰ্গত (নাগৰিক পঞ্জীকৰণৰ মহাপঞ্জীয়কৰ দ্বাৰা) সীমাবদ্ধ নিদিষ্ট পৰিসীমাত সাধাৰণতে বসবাস কৰা সকলো লোকৰে বিষদ বিৱৰণ সন্নিবিষ্ট থাকে আৰু এই পঞ্জীখন দহবছৰৰ মূৰে মূৰে লোকপিয়লৰ দ্বাৰা প্ৰস্তুত কৰা হয়।

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীত সন্নিবিষ্ট তথ্য[সম্পাদনা কৰক]

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীত ভাৰতীয় নাগৰিকৰ তলত দিয়া তথ্যবোৰ সন্নিবিষ্ট থাকে

১। নাম

২। পিতৃৰ নাম

৩। মাতৃৰ নাম

৪। লিংগ

৫। জন্মৰ তাৰিখ

৬। জন্মৰ স্থান

৭। বাসস্থানৰ ঠিকনা (বৰ্তমান আৰু স্থায়ী )

৮। বৈবাহিক স্থিতি ( যদি কেতিয়াবা বিবাহিত তেন্তে দাম্পত্য-সংগীৰ নাম)

৯। স্পষ্ট (শাৰীৰিক)পৰিচয় দাগ বা চিহ্ন

১০। পঞ্জীকৰণৰ তাৰিখ

১১। পঞ্জীকৰণৰ ক্ৰমিক নম্বৰ

১২। ৰাষ্ট্ৰীয় পৰিচয় নম্বৰ

ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ আৰু ৰাষ্ট্ৰীয় পৰিচয় নম্বৰ[সম্পাদনা কৰক]

নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ৰ নিয়ম(১৩) উল্লেখ থকা মতে উপৰোক্ত তথ্যসমূহ সুমুৱাই ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীত পঞ্জীভুক্ত হোৱা সকলো নাগৰিককে নাগৰিক পঞ্জীকৰণৰ মহাপঞ্জীয়ক (Registrar General of Citizen Registration) অথবা তেওঁৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ তৰফৰ পৰা একোখন ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (National Identity Card) দিয়া হ'ব য'ত নাগৰিক জনৰ ৰাষ্ট্ৰীয় পৰিচয় নম্বৰ (National Identity Number)টো উল্লিখিত থাকিব।

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীৰ পৰা নাম কৰ্তন[সম্পাদনা কৰক]

নাগৰিক পঞ্জীকৰণৰ মহাপঞ্জীয়ক অথবা তেওঁৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ আদেশত নিম্নোক্ত কাৰণসমূহত ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীৰ পৰা কোনো নাগৰিকৰ নাম কটা যাব পাৰে

১। নাগৰিক জনৰ মৃত্যু হ'লে

২। নাগৰিকত্ব আইন-১৯৫৫ ৰ ধাৰা ৮ ৰ অধীনত লোকজনৰ ভাৰতীয় নাগৰিকত্ব নোহোৱা হ'লে

৩। নাগৰিকত্ব আইন-১৯৫৫ ৰ ধাৰা ৯ ৰ অধীনত নাগৰিকত্ব বাতিল হ'লে

৪। কোনো লোক বা পৰিয়ালে যোগান ধৰা তথ্যসমূহ ভুল বুলি ধৰা পৰিলে যাৰ ফলত তেওঁৰ নাগৰিকত্বৰ স্থিতি প্ৰভাৱিত হ'লে

নিৰন্তৰ উন্নীতকৰণ[সম্পাদনা কৰক]

জন্ম আৰু মৃত্যু পঞ্জীকৰণ আইন-১৯৬৯ ত উল্লিখিত বিভিন্ন পঞ্জীসমূহৰ আধাৰত ভবিষ্যতে ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীখনৰ নিৰন্তৰ উন্নীতকৰণ হৈ থাকিব।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]