ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
| ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী | |
|---|---|
২০১৫ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত বিজ্ঞান, প্ৰযুক্তি আৰু ভূবিজ্ঞান বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধন | |
| প্ৰতিষ্ঠা | ৫ মাৰ্চ ১৯৯৪[1] |
| অৱস্থিতি | জৱাহৰ নগৰ, খানাপাৰা, গুৱাহাটী |
| স্থানাংক | 26°07′14″N 91°48′58″E / 26.1206°N 91.8160°Eস্থানাংক: 26°07′14″N 91°48′58″E / 26.1206°N 91.8160°E |
| প্ৰকাৰ | বিজ্ঞান কেন্দ্ৰ, বিজ্ঞান উদ্যান |
| গৰাকী | ৰাষ্ট্ৰীয় বিজ্ঞান যাদুঘৰ পৰিষদ |
| ৱেবছাইট | www |
ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী (ইংৰাজী: National Science Centre, Guwahati) পূৰ্বতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী অসমৰ গুৱাহাটীত অৱস্থিত এখন বিজ্ঞান কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে হৈছিল। বিজ্ঞান যাদুঘৰ বা চাইন্স মিউজিয়াম হিচাপে বিখ্যাত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান যাদুঘৰ পৰিষদৰ অন্তৰ্ভুক্ত। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে বিজ্ঞান কেন্দ্ৰটোৰ চোৱা-চিতা কৰে।[1] অঞ্চলটোত বিজ্ঞানক জনপ্ৰিয়কৰণক মুখ্য উদ্দেশ্যৰে এই কেন্দ্ৰটি স্থাপন কৰা হৈছিল। ইয়াত বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ্যান, বিজ্ঞান প্ৰদৰ্শনী, জুৰাচিক পাৰ্ক, গণিত উদ্যান আদিৰ উপৰিও নিয়মীয়া বিশেষ কিছুমান অনুষ্ঠান দেখুৱাৰ ব্যৱস্থা আছে। ইয়াৰ লগতে বিজ্ঞান কেন্দ্ৰয়ে মাজে সময়ে বিজ্ঞান বিষয়ত বিভিন্ন শিক্ষামূলক অনুষ্ঠান যেনে আলোচনা চক্ৰ, কৰ্মশালা, প্ৰদৰ্শনী, বক্তৃতা অনুষ্ঠান ইত্যাদি অনুষ্ঠিত কৰে।[1]
ইয়াৰ সম্প্ৰসাৰিত পৰিসৰ আৰু আঞ্চলিক গুৰুত্বৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ ৭ জানুৱাৰীত প্ৰতিষ্ঠানটোৰ উন্নীতকৰণ কৰি ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী নামেৰে নামাকৰণ কৰা হয়। [2]
অৱস্থান
[সম্পাদনা কৰক]আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটী মহানগৰৰ খানাপাৰাৰ জৱাহৰ নগৰত অৱস্থিত। ই খানাপৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আৰু অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ নিচেই কাষত অৱস্থিত। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৮ কিঃমিঃ নিলগত। সেইদৰে ই গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ১১ কিঃমিঃ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৩২ কিঃমিঃ নিলগত।[1][3]
কাৰ্যসূচী
[সম্পাদনা কৰক]আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ কাৰ্যসূচী সমূহক ঘাইকৈ দুটা ভাগত ভগাব পাৰি, অন্তৰ্দ্বাৰ কাৰ্যসূচী আৰু বহিঃদ্বাৰ কাৰ্যসূচী।
অন্তৰ্দ্বাৰ কাৰ্যসূচী
[সম্পাদনা কৰক]- উদ্ভাৱন কেন্দ্ৰ
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীত বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় এটা উদ্ভাৱন কেন্দ্ৰ আছে। ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী সকলে এই কেন্দ্ৰৰ সদস্য হৈ সপ্তাহৰ শেষৰ দিনকেইটাত নানা উদ্ভাৱনমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তদুপৰি ইয়াত বছেৰেকীয়া উদ্ভাৱন উৎসৱ উদযাপন কৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।[4]
- ত্ৰিমাত্ৰিক অনুষ্ঠান
আঞ্চলিক বিজ্ঞান কেন্দ্ৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ষ্টেৰেক্সপিক ডিজিটেল ত্ৰিমাত্ৰিক চিনেমা প্ৰজেকচন সুবিধা আছে। ইয়াত ত্ৰিমাত্ৰিক ছবি কেনেকৈ নিৰ্মাণ কৰা হয় সেয়া দেখুৱাৰ লগতে ভিন্ন অনুষ্ঠান দেখুৱা হয়।
- ডিজিটেল তাৰকাগৃহ
ইয়াত মহাকাশ পৰ্যবেক্ষণৰ বাবে এটা ডিজিটেল তাৰকাগৃহ আছে।
- বিজ্ঞান প্ৰদৰ্শনীমূলক বক্তৃতা
আঞ্চলিক বিজ্ঞান কেন্দ্ৰত "ডাইন'চৰ" আৰু "আচৰিত পদাৰ্থ" নামেৰে দুটা বিজ্ঞান প্ৰদৰ্শনীমূলক বক্তৃতা দেখুৱা হয়।
- বিজ্ঞান অনুষ্ঠান
ইয়াত জুলীয়া নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি অতি শীতল অনুষ্ঠান আৰু বিজ্ঞানৰ পৰীক্ষাৰ যাদু দেখুৱাৰ ব্যৱস্থা আছে।
- আকাশ পৰ্যবেক্ষণ
ইয়াত আকাশ পৰ্যবেক্ষণৰ ব্যৱস্থা আছে। বিভিন্ন মহাজাগতিক ঘটনা আৰু গ্ৰহণৰ সময়ত ইয়াত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ বাবে আকাশ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয়।
- গোলকীয় বিজ্ঞান
ইয়াত পৃথিৱীৰ আৰ্হি আৰু গোলকীয় পৰিৱেশ অনুষ্ঠান দেখুৱা হয়।[5]
- অন্যান্য
ইয়াৰ উপৰিও আঞ্চলিক বিজ্ঞান কেন্দ্ৰত হবি কেম্প, ৰাজ্যিক পৰ্যায়ৰ মেলা, আলোচনা চক্ৰ, বিজ্ঞান নাটক আদি সময়ে সময়ে অনুষ্ঠিত হয়।[6]
বহিঃদ্বাৰ কাৰ্যসূচী
[সম্পাদনা কৰক]আঞ্চলিক বিজ্ঞান কেন্দ্ৰয়ে ভ্ৰাম্যমাণ বাহনৰ যোগেদি বিজ্ঞান প্ৰদৰ্শনী দূৰ-দূৰণিৰ ঠাইত দেখুৱায়। ইয়াৰ লগতে ই শিক্ষকৰ প্ৰশিক্ষণ আৰু কম্পিউটাৰ শিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে।
সুবিধা সমূহ
[সম্পাদনা কৰক]আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ ভিতৰত প্ৰেক্ষাগৃহ, কনফেৰেন্স হ'ল, পুথিভঁৰাল, কেফেটেৰিয়া আদিৰ সুবিধা আছে। ইয়াত লগতে ইয়াত পিকনিক কৰাৰো সুবিধা আছে।[7]
টিকট
[সম্পাদনা কৰক]ইয়াত বিভিন্ন কাৰ্যসূচীৰ সুকীয়া সুকীয়া টিকটৰ নিৰীখ আছে। ই হোলী আৰু দেৱালীৰ বাহিৰে বছৰৰ সকলো দিনতে পুৱা ৯:৩০ বজাৰ পৰা আবেলি ৬ বজালৈ খোলা থাকে। টিকেটৰ নিৰীখ সমূহ টিকেট গৃহ বা চৰকাৰী ৱেবচাইটত উপলব্ধ।[1]
তথ্য উৎস
[সম্পাদনা কৰক]- 1 2 3 4 5 "About Us". rscguwahati.gov.in. Archived from the original on 2019-11-21. https://web.archive.org/web/20191121012129/http://www.rscguwahati.gov.in/about.htm। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ "National Science Centre opens Tilted Dome Theatre". The Sentinel. 2025-12-12. https://www.sentinelassam.com/cities/guwahati-city/guwahati-national-science-centre-opens-tilted-dome-theatre.
- ↑ "Contact Us". rscguwahati.gov.in. Archived from the original on 2019-12-22. https://web.archive.org/web/20191222142231/http://www.rscguwahati.gov.in/contact.htm। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ "আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ উদ্ভাৱন উৎসৱ". nefocus.com. 2019-01-19. http://www.nefocus.com/আঞ্চলিক-বিজ্ঞান-কেন্দ্ৰ/। আহৰণ কৰা হৈছে: 2019-11-28.[সংযোগবিহীন উৎস]
- ↑ "আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অত্যাধুনিক ‘ছায়েন্স অন এ স্ফেয়াৰ’ নামৰ যন্ত্ৰ স্থাপন". assam.nenow.in. 2018-03-15. https://assam.nenow.in/আঞ্চলিক-বিজ্ঞান-কেন্দ্ৰত/। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ "Regional Science Centre, Guwahati Organizes Summer Camp". sentinelassam.com. https://www.sentinelassam.com/news/regional-science-centre-guwahati-organizes-summer-camp/। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ "REGIONAL SCIENCE CENTER". india.com. https://www.india.com/travel/guwahati/things-to-do/cultural-regional-science-center/। আহৰণ কৰা হৈছে: 2019-11-28.