ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়
| ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড় | |
|---|---|
ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়, আন্তৰ্জাতিক উৎকৃষ্ট কেন্দ্ৰ | |
| স্থাপিত | ১৯৮২ |
| ধৰণ | গৱেষণা প্ৰতিষ্ঠান |
| মূল প্ৰতিষ্ঠান | ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) |
| সঞ্চালক | ডঃ কানৱাৰ নাৰেইন |
| স্থান | |
| চৌহদ | চহৰীয়া |
| চমু নাম | RMRC |
| ৱেবছাইট | rmrcne |
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড় (ইংৰাজী: National Institute of Health Research, Dibrugarh ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ পূবত তথা বকুল তিনিআলিৰ পৰা ২ কিঃমিঃ নিলগত লাহোৱালত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অৱস্থিত। পূৰ্বতে ইয়াৰ নম আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চল আছিল। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উমৈহতীয়া আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই এই অঞ্চলত জীৱ-চিকিৎসা (Biomedical) বিষয়ত গৱেষণা কৰা হয়। ১৯৮২ চনত এই কেন্দ্ৰ স্থাপন কৰা হৈছিল। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু বিভিন্ন প্ৰকল্পৰ বাবে বিভিন্ন উৎসৰ পৰা এই কেন্দ্ৰই অনুদান লাভ কৰে।
এই উল্লেখযোগ্য চিকিৎসা গৱেষণা কেন্দ্ৰ বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (National Institute of Health) আৰু আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক উৎকৃষ্ট কেন্দ্ৰ (International Centre of Excellence) স্বীকৃতি লাভ কৰিছে।
এই কেন্দ্ৰই পূণেৰ উচ্চ গণনা উন্নয়ন কেন্দ্ৰ(Centre for Development of Advance Computing)ৰ লগত সহযোগত "MoSQuIT – mBillionth SAARC Countries Award 2013" লাভ কৰে। মবাইল প্লেটফৰ্মত মেলেৰিয়া প্ৰতিৰোধ কৰিবলৈ কৰা উদ্ভাৱনৰ বাবে mBillionth Award South Asia দ্বাৰা স্বীকৃত এই বঁটা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চলক প্ৰদান কৰা হয়।[1]
গৱেষণা প্ৰকল্প
[সম্পাদনা কৰক]- ভাৰতৰ উত্তৰ-পূব অঞ্চলত বনৰীয়া মেলেৰিয়াৰ প্ৰধান ভেক্টৰ এনোফিলিছ ডাইৰাছৰ জৈৱবিজ্ঞানৰ ওপৰত অধ্যয়ন।
- অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কিছু অঞ্চলত মেলেৰিয়া সম্পৰ্কে মহামাৰী বিজ্ঞানৰ পৰ্যবেক্ষণ
- অসম আৰু অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলত মেলেৰিয়ামেট্ৰিক অধ্যয়ন
- বিশেষকৈ উত্তৰ-পূব ভাৰতৰ মহ প্ৰাজাতিৰ প্ৰাণীকে ধৰি চিকিৎসাগতভাৱে গুৰুত্বপূৰ্ণ ভেক্টৰসমূহৰ অধ্যয়ন
- উত্তৰ-পূব ভাৰতত দ্ৰব্য ব্যৱহাৰৰ প্ৰাদুৰ্ভাৱ আৰু আৰ্হিৰ ওপৰত এক অধ্যয়ন।
- অসমৰ একাংশ চাহ বাগিচাৰ জনসংখ্যাত ফাইলেৰিয়াচিছৰ প্ৰাদুৰ্ভাৱৰ ওপৰত অধ্যয়ন
- অসমৰ ডিব্ৰুগড় জিলাৰ পৰা জাপানীজ এনকেফেলাইটিছৰ ভেক্টৰ মানছনিয়া এনুলিফেৰাৰ বিশেষ উল্লেখ কৰি ডিব্ৰুগড় জিলাৰ মহ প্ৰাজাতিৰ প্ৰাণীৰ অধ্যয়ন
- উজনি অসমৰ ধাননি পথাৰত শ্ৰমিকৰ ধাননি পথাৰ ছালৰ ৰোগ (পানীকাঁইট)ৰ ওপৰত অধ্যয়ন
- খাদ্যজনিত পৰজীৱী জুন’ছিছঃ অসমৰ মাছৰ মেটাচাৰ্কেৰিয়াল সংক্ৰমণৰ অৱস্থা অধ্যয়ন
- ক'ৰ'নাৰী হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ ওপৰত অধ্যয়ন (উজনি অসমৰ চাহ বাগিচা, অসম আৰু মিজোৰাম)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-09-24. https://web.archive.org/web/20150924101228/http://www.sentinelassam.com/state1/story.php?sec=2&subsec=2&id=169419&dtP=2013-10-23&ppr=1#169419। আহৰণ কৰা হৈছে: 2016-08-07.