ৰাসাম্মাহ ভূপালন
ৰাসাম্মাহ ভূপালন (ইংৰাজী: Rasammah Bhupalan; জন্ম: ১ মে' ১৯২৭) ৰসম্মাহ নাওমি নৱৰেদনাম বা এফ আৰ ভূপালন নামেৰেও পৰিচিত৷ তেওঁ তামিল মূলৰ এগৰাকী মালয়েছিয়াৰ স্বাধীনতা আৰু সমাজ কৰ্মী।
ভূপালনে ড্ৰাগছ সেৱন বিৰোধী আন্দোলন, মহিলাৰ অধিকাৰ, শিক্ষা আৰু সামাজিক ন্যায়ৰ কাৰ্য্যত ভূমিকা লৈছে৷
প্ৰাক্-স্বাধীনতাৰ সময়ত
[সম্পাদনা কৰক]মালয়েছিয়াৰ (তেতিয়াৰ মালয়) স্বাধীনতাৰ যুঁজত জড়িত আদিম মহিলাসকলৰ ভিতৰত ৰাসাম্মাহ ভূপালন অন্যতম আছিল৷ ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ মহিলা শাখা ৰাণী অৱ ঝান্সী ৰেজিমেণ্টত[1] যোগদান কৰে।[2] দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাত সেৱা আগবঢ়াইছিল৷
মহিলাৰ অধিকাৰ
[সম্পাদনা কৰক]মহিলা শিক্ষক সংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে তেওঁ মহিলা শিক্ষকৰ সমান দৰমহাৰ বাবে যুঁজিছিল আৰু পৃথক পৃথক শিক্ষক সংঘক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল৷ নেচনেল কাউন্সিল অৱ ৱমেন অৰ্গেনাইজেচন (এন চি ডব্লিউ অ’) আৰু পেমাডামতো তেওঁ অতি সক্ৰিয় আছিল।
স্বীকৃতি
[সম্পাদনা কৰক]১৯৫৯ চনৰ পৰা ১৯৬৪ চনলৈকে মেথডিষ্ট বয়ছ স্কুল কুৱালালামপুৰৰ (এম বি এছ কে এল) শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ভূপালনে ১৯৬৯ চনৰ পৰা ১৯৮২ চনত অৱসৰ লোৱালৈকে ১৪ বছৰ ধৰি মেথডিষ্ট গাৰ্লছ স্কুল কুৱালালামপুৰৰ অধ্যক্ষ আছিল। ২০০৭ চনৰ ১১ নৱেম্বৰত শ্ৰীমতী ভূপালনে সন্মানিত হোৱা কেইজনমান প্ৰবীণ শিক্ষকৰ ভিতৰত আছিল৷ ২০০৬ চনৰ ২১ নৱেম্বৰত সহযোগী অধ্যাপক ড০ অৰুণা গোপীনাথৰ ৰচনা কৰা Footprints on The Sands of Time, Rasammah Bhupalan: A Life of Purpose শীৰ্ষক এখন গ্ৰন্থ সাংস্কৃতিক, কলা আৰু পৰ্যটন মন্ত্ৰী দটুক ড০ ৰাইছ যতীমে উন্মোচন কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://www.hindustantimes.com/india/a-life-at-the-frontlines/story-sXak8QPjoxpK1K2DGasoEO.html
- ↑ Looking East to Look West: Lee Kuan Yew's Mission India By Sunanda K. Datta-Ray, p.71
- ↑ https://books.google.co.in/books/about/Rasammah_Bhupalan.html?id=KOjxQwAACAAJ&redir_esc=y
- Ministry in search of remarkable Malaysians, The Star, 22 November 2006
- Mothers of substance, The Star, 20 August 2007.
- They dared to take up public office, The Star, 20 August 2007.