ৰাস্না ৱাৰাহ
| ৰাস্না ৱাৰাহ | |
|---|---|
| জন্ম | ১৯৬২ |
| মৃত্যু | ১১ জানুৱাৰী, ২০২৫ কেনিয়া |
| নাগৰিকত্ব | কেনিয়ান |
| শিক্ষা | মনোবিজ্ঞান আৰু মহিলা অধ্যয়নত স্নাতক, যোগাযোগ বিষয়ত স্নাতকোত্তৰ |
| শিক্ষানুষ্ঠান | চাফোক বিশ্ববিদ্যালয়, মালমো বিশ্ববিদ্যালয় |
| পেচা | লেখিকা, সাংবাদিক, সম্পাদিকা |
ৰাস্না ৱাৰাহ (ইংৰাজী: Rasna Warah; ১৯৬২ – ১১ জানুৱাৰী, ২০২৫) এগৰাকী কেনিয়ান লেখিকা, সাংবাদিক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে আনচাইলেঞ্চড: আনমাস্কিং দ্য ইউনাইটেড নেচনছ কালচাৰ অৱ কভাৰ-আপচ, কৰপচন এণ্ড ইমপিউনিটি, ইয়েষ্টাৰডে ইট ৱাজ এছিয়ানছ, টুডে ইট ইজ ছোমালিচ, টুমৰো ইট কুড বি ইউ আৰু ৱাৰ ক্ৰাইমছ: হাউ ৱাৰলৰ্ডছ, পলিটিচিয়ানছ, ফৰেন গভৰ্ণমেণ্টছ এণ্ড এইড এজেন্সীজ কনচপায়াৰ্ড টু ক্ৰিয়েট এ ফেইলড ষ্টেট ইন ছোমালিয়া।[1][2][3]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৱাৰাহৰ জন্ম ১৯৬২ চনত নাইৰোবিত হৈছিল। তেওঁ উত্তৰ ভাৰতৰ নৈনিতালৰ এখন বোৰ্ডিং স্কুলত অধ্যয়ন কৰিছিল।[1] তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অৱস্থিত চাফোক বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান আৰু মহিলা অধ্যয়ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ চুইডেনৰ মালমো বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ বসতি কাৰ্যসূচীত (UN-Habitat) এগৰাকী সম্পাদিকা হিচাপে কাম কৰিছিল। ৱাৰাহে ১২ বছৰ ধৰি 'দ্য ডেইলী নেচন'ত সাপ্তাহিক প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰিও তেওঁ 'দ্য এলিফ্যান্ট', 'মেইল এণ্ড গাৰ্ডিয়ান', 'দ্য গাৰ্ডিয়ান' আৰু 'দ্য ইষ্ট আফ্ৰিকান'ৰ দৰে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।[4][5]
মৃত্যু
[সম্পাদনা কৰক]২০২৫ চনৰ ১১ জানুৱাৰীত কেনিয়াত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ৰাস্না ৱাৰাহৰ মৃত্যু হয়।[3][6] তেওঁৰ মৃত্যুৰ পিছত বহুতো বিশিষ্ট ব্যক্তিয়ে তেওঁৰ তীক্ষ্ণ লিখনশৈলী আৰু সামাজিক ন্যায়, নাৰীবাদ তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাৰ শলাগ লয়।
নিৰ্বাচিত ৰচনাৱলী
[সম্পাদনা কৰক]- আনচাইলেঞ্চড: আনমাস্কিং দ্য ইউনাইটেড নেচনছ কালচাৰ অৱ কভাৰ-আপচ, কৰপচন এণ্ড ইমপিউনিটি (২০১৬)
- ইয়েষ্টাৰডে ইট ৱাজ এছিয়ানছ, টুডে ইট ইজ ছোমালিচ, টুমৰো ইট কুড বি ইউ (২০১৪)
- ৱাৰ ক্ৰাইমছ: হাউ ৱাৰলৰ্ডছ, পলিটিচিয়ানছ, ফৰেন গভৰ্ণমেণ্টছ এণ্ড এইড এজেন্সীজ কনচপায়াৰ্ড টু ক্ৰিয়েট এ ফেইলড ষ্টেট ইন ছোমালিয়া (২০১৪)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Rasna Warah, Columnist and Writer" (en ভাষাত). Lost in Nairobi. 21 August 2014. https://lostinnairobi.wordpress.com/conversations-with-nairobians-nairobians-by-proxy-and-nairobian-wannabes/rasna-warah-columnist-and-writer/। আহৰণ কৰা হৈছে: 8 July 2025.
- ↑ Mengesha, Ras (17 January 2025). "Who Was Rasna Warah?". Debunk Media. https://debunk.media/who-was-rasna-warah/। আহৰণ কৰা হৈছে: 8 July 2025.
- 1 2 Makokha, Kwamchetsi (13 January 2025). "Rasna Warah: A warrior of truth hangs up her sword" (en ভাষাত). Daily Nation. https://nation.africa/kenya/news/rasna-warah-a-warrior-of-truth-hangs-up-her-sword-4888080.
- 1 2 "Rasna Warah, Author at Debunk Media". Debunk Media. 22 January 2025. https://debunk.media/author/rasna-warah/.
- ↑ "Rasna Warah". Africa Is a Countryafricasacountry.com. 20 June 2024. https://africasacountry.com/author/rasna-warah। আহৰণ কৰা হৈছে: 8 July 2025.
- ↑ Warah, Rasna (13 January 2025). "Cancer: The Enemy Within – Adios Rasna Warah" (en ভাষাত). Daily Nation. https://nation.africa/kenya/news/cancer-the-enemy-within-adios-rasna-warah-4886818.