সমললৈ যাওক

ৰাৰা ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাৰা ৰাষ্ট্ৰীয় উদ্যান
Nepali: रारा राष्ट्रिय निकुञ्ज
ৰাৰা হ্ৰদ
ৰাৰা হ্ৰদ
অৱস্থান নেপাল
নিকটতম চহৰ জুমলা
মাটিকালি ১০৬ বৰ্গ কি.মি. (10,60,00,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৭৬
কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ

ৰাৰা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Rara National Park) নেপালৰ হিমালয়ৰ এক সংৰক্ষিত অঞ্চল আৰু ১৯৭৬ চনত প্ৰতিষ্ঠা কৰা হয়। মুগু আৰু জুমলা জিলাত ১০৬ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গমাইল) অঞ্চল সামৰি এই ৰাষ্ট্ৰীয় উদ্যান, ই দেশখনৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান।[1] ইয়াৰ মূল বৈশিষ্ট্য হৈছে ২,৯৯০ মিটাৰ (৯,৮১০ ফুট) উচ্চতাত থকা ৰাৰা হ্ৰদ।[2] নেপালৰ হুমলা–জুমলা অঞ্চলৰ অনন্য উদ্ভিদ আৰু প্ৰাণীক সুৰক্ষাৰ বাবে এই উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল।

ৰাৰা হ্ৰদৰ দক্ষিণ দিশৰ চুচেমাৰা শৃংগত এই উদ্যানখনৰ উচ্চতা ২,৮০০ মিটাৰ (৯,২০০ ফুট)ৰ পৰা ৪,০৩৯ মিটাৰ (১৩,২৫১ ফুট)লৈকে। উত্তৰ দিশত ৰুমা কাণ্ড আৰু মালিকা কাণ্ডৰ শৃংগবোৰে আলপাইন মিঠা পানীৰ হ্ৰদটো সৃষ্টি কৰিছে‍, যিটো নেপালৰ আটাইতকৈ ডাঙৰ হ্ৰদ যাৰ পৃষ্ঠভাগ ১০.৮ কিলোমিটাৰ (৪.২ বৰ্গমাইল) আৰু সৰ্বোচ্চ গভীৰতা ১৬৭ মিটাৰ (৫৪৮ ফুট)। ই ডিম্বাকাৰ আকৃতিৰ আৰু ইয়াৰ পূব–পশ্চিম অক্ষৰ দৈৰ্ঘ্য ৫ কিলোমিটাৰ (৩.১ মাইল) আৰু প্ৰস্থ ৩ কিলোমিটাৰ (১.৯ মাইল) আৰু ইয়াৰ পানী নিজাৰ খোলা হৈ মুগু-কৰ্ণালী নদীলৈ যায়।[2]

ৰাৰা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ দ্বাৰা পৰিচালিত আৰু নেপাল সেনাৰ সহায়ত সুৰক্ষিত৷

জলবায়ু

[সম্পাদনা কৰক]
পুৱাৰ ভাগত ৰাৰা হ্ৰদৰ উত্তৰ কোণৰ দৃশ্য

ৰাৰা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু গৰমৰ দিনত সুখদায়ক, কিন্তু উচ্চতাৰ বাবে শীতকালত অতি ঠাণ্ডা হৈ পৰে৷ উদ্যানখন চোৱাৰ উত্তম সময় ছেপ্টেম্বৰ, অক্টোবৰ, এপ্ৰিল আৰু মে’ মাহ। শীতকালত উষ্ণতা মাইনাচৰ তললৈ নামি যায় আৰু বহুতো উচ্চ পথ বৰফেৰে বন্ধ হৈ পৰে।[3] গ্ৰীষ্মকাল উষ্ণ, কিন্তু জুন মাহৰ পৰা আগষ্টলৈকে বাৰিষাৰ বতৰ, যাৰ বাবে ৰাৰা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰাটো কঠিন হৈ পৰে।[4]

ৰাৰা হ্ৰদৰ স্বচ্ছ পানীত দেখা পোৱা মাছ

ৰাৰা ৰাষ্ট্ৰীয় উদ্যান উদ্ভিদ আৰু প্ৰাণীৰে‍ সমৃদ্ধ, উদ্যানখনত ১০৭০বিধ উদ্ভিদ প্ৰজাতি পোৱা যায়। উদ্ভিদ সাধাৰণতে নাতিশীতোষ্ণ আৰু উপ-আলপাইন আৰু উচ্চতাৰ ওপৰত নিৰ্ভৰশীল।[2] ৩,২০০ মিটাৰ (১০,৫০০ ফুট) তলত এই উদ্ভিদ মূলতঃ নীলা পাইন (Pinus excelsa), ৰ’ড’ডেণ্ড্ৰন (Rhododendron arboretum), পশ্চিম হিমালয়ৰ স্প্ৰুচ, ক’লা জুনিপাৰ আৰু হিমালয়ৰ চাইপ্ৰেছৰে গঠিত। ৩,২০০ মিটাৰ (১০,৫০০ ফুট)ৰ ওপৰত গছ-গছনি সলনি হৈ দেৱদাৰুজাতীয় চিৰসেউজ, স্প্ৰুচ আৰু পাইনৰ মিশ্ৰণেৰে গঠিত সৰল বৰ্গীয় অৰণ্যলৈ পৰিণত হয়।

উদ্যানখনত কস্তুৰী হৰিণ, হিমালয়ৰ ক’লা ভালুক, ভাৰতীয় নাহৰফুটুকী, নাহৰফুটুকী বাঘ, হিমালয়ৰ তাহৰ, হালধীয়া ডিঙিৰ মাৰ্টেন, উদ, ৰাং কুকুৰ, ধূসৰ লেংগুৰ, মলুৱা বান্দৰ আৰু ৰঙা পাণ্ডাকে ধৰি ৫১বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী বাস কৰে।[2]

ইয়াত ৪৯বিধ প্ৰজাতিৰ জলচৰ পখীকে ধৰি‍ ২৪১টা প্ৰজাতিৰ চৰাইৰ নথীভুক্ত কৰা হৈছে‍। ১৯৭৯ চনত ৰাৰা হ্ৰদত তিনিটা স্থানীয় স্নোট্ৰাউট প্ৰজাতি সংগ্ৰহ কৰি নতুন প্ৰজাতি হিচাপে বৰ্ণনা কৰা হয়: নেপালী স্নোট্ৰাউট (Schizothorax nepalensis), ৰাৰা স্নোট্ৰাউট আৰু নেপালী স্নোট্ৰাউট।[5] ১৯৭৯ চনত ভেকুলী প্ৰজাতি Paa raricaক প্ৰথমবাৰৰ বাবে এই হ্ৰদটোৰ স্থানীয় প্ৰাণী বুলি লিপিৱদ্ধ কৰা হৈছিল।[6]

পৰিৱেশৰ সমস্যা

[সম্পাদনা কৰক]

অতিমাত্ৰা চৰণীয়া পথাৰ আৰু মলত্যাগৰ ফলত ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণ বিষয়াসকলে হ্ৰদটো সংৰক্ষণৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। স্থানীয় লোকে কাঠৰ বাবে‍ আৰু ইন্ধনৰ বাবে গছ কাটি থকা দেখা যায়, যিটো ৰাৰা সংৰক্ষণৰ বাবে এক সমস্যা। লগতে উৎসৱৰ সময়ত দৰ্শনাৰ্থী আৰু স্থানীয় লোকে বহু পৰিমানে জাৱৰ-জোথৰ সৃষ্টি কৰাৰ ফলত পানী প্ৰদূষিত হৈছে৷[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Rara". Protected Planet. https://www.protectedplanet.net/806 আহৰণ কৰা হৈছে: 5 January 2022.
  2. 1 2 3 4 Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. প্ৰকাশক Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. ISBN 978-92-9115-033-5. http://lib.icimod.org/record/7560/files/Nepal%20Biodiversity%20Resource%20Book.pdf.
  3. Khadka, M. (n.d.). Study of Himalayan Lakes in Nepal. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304000730/http://rcse.edu.shiga-u.ac.jp/gov-pro/plan/2010list/10/nepal_himalayan_lakes/study_of_himalayan_lakes_in_nepal.pdf আহৰণ কৰা হৈছে: 2022-07-27.
  4. "Rara National Park". Archived from the original on 2017-02-18. https://web.archive.org/web/20170218055001/http://www.nepaltourismdirectory.com/itinerary/84/nepal-rara-national-park.html আহৰণ কৰা হৈছে: 2022-07-27.
  5. Terashima, A. (1984) Three new species of the Cyprinid genus Schizothorax from Lake Rara, Northwestern Nepal. Japanese Journal of Ichthyology Vol. 31, No. 2: 122–135
  6. Dubois, A., Matsui, M. (1983). A new species of frog (Genus Rana, Subgenus Paa) from western Nepal (Amphibia: Anura). Copeia: 895–901.
  7. Upadhyay, S.; Chalise, L.; Paudel, R. P. (2009). "High Altitude Ramsar Sites of Nepal". The Initiation: 135–148. https://www.academia.edu/1091677.