সমললৈ যাওক

ৰাৱয়া আতেয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাৱয়া আতেয়া
A woman in her thirties dressed in military garb waves to a crowd of supporters.
১৯৫৭ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাৱিয়া আতেয়াই নিজৰ সামৰিক অভিজ্ঞতাক ৰাজনৈতিক সম্পদ হিচাপে ব্যৱহাৰ কৰিছিল, সেয়েহে ৰেলীত ইউনিফৰ্ম পিন্ধি দেখা দিছিল।
ব্যক্তিগত তথ্য
জন্ম
ৰাৱিয়া শ্বামছ এল ডাইনে আতেয়া

১৯ এপ্ৰিল, ১৯২৬
গীজা গৱৰ্ণাৰেট, ইজিপ্ত
মৃত্যু ৯ মে', ১৯৯৭ (৭১ বছৰ)
ৰাষ্ট্ৰীয়তা ইজিপ্ত
শিক্ষানুষ্ঠান কাইৰো বিশ্ববিদ্যালয়
জীৱিকা শিক্ষক, সাংবাদিক, ৰাজনীতিক

ৰাৱয়া আতেয়া[I] (ইংৰাজী: Rawya Ateya; ১৯ এপ্ৰিল ১৯২৬ – ৯ মে' ১৯৯৭) এগৰাকী ইজিপ্তৰ মহিলা যি ১৯৫৭ চনত আৰব বিশ্বৰ প্ৰথম মহিলা সংসদ সদস্য হিচাপে পৰিগণিত হয়।[1][2]

সামৰিক সেৱা

[সম্পাদনা কৰক]

১৯৫৬ চনত আতেয়া লিবাৰেচন আৰ্মীত বিষয়া হিচাপে কমিচন পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ছুৱেজ যুদ্ধত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল, য’ত ইজিপ্তক যুক্তৰাজ্য, ফ্ৰান্স আৰু ইজৰাইলে আক্ৰমণ কৰিছিল। যুদ্ধৰ মাজতে তেওঁ ৪,০০০ মহিলাক প্ৰাথমিক চিকিৎসা আৰু নাৰ্চিং প্ৰশিক্ষণত সহায় কৰিছিল।[1] আতেয়াই মহিলা কমাণ্ডো ইউনিটত অধিনায়কৰ পদবী লাভ কৰিছিল।[3]১৯৭৩ চনৰ অক্টোবৰ যুদ্ধৰ সময়ত তেওঁ ছ'চাইটি অৱ ফেমিলিজ অৱ মাৰটেয়াৰছ এণ্ড ছলজাৰছৰ অধ্যক্ষতা কৰে, যাৰ ফলত তেওঁ "শ্বহীদ যুঁজাৰুসকলৰ মাতৃ" বুলি নাম লাভ কৰে।[4] ইজিপ্ত ৰাষ্ট্ৰৰ পৰা তেওঁ কেইবাটাও সামৰিক বঁটা লাভ কৰে৷ তাৰে ভিতৰত তৃতীয় সেনাৰ বেজ, ৬ অক্টোবৰৰ পদক আৰু সশস্ত্ৰ বাহিনীৰ পদক উল্লেখনীয়।[1]

সংসদীয় জীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনৰ সংবিধান গ্ৰহণৰ জৰিয়তে ৰাষ্ট্ৰপতি গামাল আব্দেল নাছেৰে ইজিপ্তৰ মহিলাসকলক ভোটাধিকাৰ আৰু নিৰ্বাচিত পদৰ বাবে যোগ্যতা প্ৰদান কৰে। নতুন সংবিধানৰ অধীনত প্ৰথম নিৰ্বাচন পিছৰ বছৰ অৰ্থাৎ ১৯৫৭ চনৰ ৩ জুলাইত অনুষ্ঠিত হয়।২০০০ৰো অধিক প্ৰাৰ্থী থকা ক্ষেত্ৰখনত মাত্ৰ ১৬ গৰাকী মহিলা আছিল। সেই সময়ত কৰা মতামত সমীক্ষাত দেখা গৈছে যে ইজিপ্তৰ ৭০% পুৰুষে সংসদত মহিলাসকলে আসন গ্ৰহণ কৰাৰ ধাৰণাটোৰ বিৰোধিতা কৰিছিল।[5] তৎসত্ত্বেও আতেয়াই নিজৰ সমষ্টিত ১,১০,৮০৭ টা ভোট লাভ কৰে।[4] দ্বিতীয় ৰাউণ্ডত কায়ৰোৰ পৰা নিৰ্বাচিত হোৱা আতেয়াই সেই সময়ত সন্মুখীন হোৱা প্ৰবল পক্ষপাতিত্বৰ বিষয়ে এইদৰে কয়: "মই এগৰাকী নাৰী হোৱাৰ বাবে ক্ষোভৰ সন্মুখীন হৈছিলোঁ। তথাপিও মই তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁলোকে মতামত সলনি নকৰালৈকে নবীৰ পত্নী আৰু পৰিয়ালৰ কথা সোঁৱৰাই দিছিলোঁ।"[6] এনে ধৰ্মীয় যুক্তিৰ উপৰিও তেওঁ নিজৰ সামৰিক অভিজ্ঞতাক ৰাজনৈতিক সম্পদ হিচাপে ব্যৱহাৰ কৰিছিল।[3] আতেয়াৰ জয় আৰু অধিক তাৎপৰ্যপূৰ্ণ আছিল কাৰণ নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল ৰাষ্ট্ৰপতি নাছেৰৰ ব্যক্তিগত বন্ধু আৰু আশ্ৰয়দাতা কমিউনিষ্ট সমৰ্থক উকীল আৰু বেংকাৰ আহমেদ ফুৱাদ।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Goldschmidt 2000, p. 26
  2. Karam 1998, p. 44
  3. 3.0 3.1 Sullivan 1986, pp. 39–40
  4. 4.0 4.1 Magdi, Ne'maat (25 August 2009). "راوية عطية: أول نائبة مصرية بعد الثورة" (ar ভাষাত). Al Rai (11012): পৃষ্ঠা 7. Archived from the original on 2011-07-16. https://web.archive.org/web/20110716172803/http://www.alraimedia.com/alrai/Article.aspx?id=152068. 
  5. "Innovation for Egypt: Women Office Seekers Create Furor". The Spartanburg Herald খণ্ড 67 (133): 8. 6 June 1957. https://news.google.com/newspapers?id=NjIsAAAAIBAJ&sjid=Z8sEAAAAIBAJ&pg=5865,748457। আহৰণ কৰা হৈছে: 2010-02-08. 
  6. "Here's the Story of Rawya Ateya: First Woman Parliamentarian in the Arab World | Egyptian Streets" (en-US ভাষাত). 2020-10-16. https://egyptianstreets.com/2020/10/16/heres-the-story-of-rawya-ateya-first-woman-parliamentarian-in-the-arab-world/। আহৰণ কৰা হৈছে: 2023-06-03. 
  7. Zevi, Tullia (30 January 1959). "Gals Should Get More Than Equal Rights in Egypt". The Pittsburgh Press খণ্ড 75 (219): পৃষ্ঠা 13. https://news.google.com/newspapers?id=_AofAAAAIBAJ&sjid=95UEAAAAIBAJ&pg=7241,4072960.