সমললৈ যাওক

ৰিচাৰ্ড ৰবছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিচাৰ্ড ৰবচন
জন্ম ০৪ জুন, ১৯৩৭ (৮৮ বছৰ)
গ্লুছবাৰ্ণ, ইংলেণ্ড, যুক্তৰাজ্য
ক্ষেত্ৰ অজৈৱ ৰসায়ন বিজ্ঞান
কৰ্মস্থান মেলবৰ্ণ বিশ্ববিদ্যালয়
জনা যায় সমন্বিত পলিমাৰ
ধাতু জৈৱ কাঠামো
উল্লেখনীয় বঁটা ৰসায়ন বিজ্ঞানৰ ন'বেল (২০২৫)

ৰিচাৰ্ড ৰবছন (ইংৰাজী: Richard Robson;জন্ম: ৪ জুন ১৯৩৭) এজন ব্ৰিটিছ আৰু অষ্ট্ৰেলিয়ান ৰসায়নবিদ আৰু মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক।[1] ৰবছনে সমন্বয় পলিমাৰ, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ বিশেষজ্ঞ।[2] তেওঁক "সংক্ৰমণ ধাতুৰ সৈতে জড়িত স্ফটিক অভিযান্ত্ৰিকীৰ অগ্ৰণী" বুলি বৰ্ণনা কৰা হৈছে।[3][4]২০২৫ চনত তেওঁক ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ বাবে চুছুমু কিটাগাৱা আৰু ওমৰ এম য়াঘীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।[5]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৩৭ চনৰ ৪ জুনত ইংলেণ্ডৰ পশ্চিম ইয়ৰ্কশ্বাৰৰ (বৰ্তমান নৰ্থ ইয়ৰ্কশ্বাৰ)[6] গ্লাছবাৰ্নত জন্মগ্ৰহণ কৰা ৰবছনে[7] অক্সফৰ্ডৰ ব্ৰাচেন’জ কলেজত ৰসায়ন বিজ্ঞান পঢ়ে, ১৯৫৯ চনত কলাৰ স্নাতক [6]পঢ়ি ১৯৬২ চনত ডক্তৰেট ডিগ্ৰী লাভ কৰে।[8] [9]ডাইছন পেৰিন্স লেবৰেটৰীৰ জে এ বাৰ্লট্ৰপৰ তত্বাৱধানত তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাত জৈৱিক অণুৰ আলোক ৰসায়ন বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।[10][11]

ৰিচাৰ্ড ৰবছনৰ যুগান্তকাৰী গৱেষণাই সমন্বয় পলিমাৰৰ ক্ষেত্ৰত মূল নীতিসমূহ প্ৰতিষ্ঠা কৰে, বিশেষকৈ অসীম পলিমেৰিক কাঠামোৰ বাবে—তাক পিছলৈ ধাতু–জৈৱিক কাঠামো (MOF) বুলি কোৱা হয়।[2][12] ১৯৭৪ চনত প্ৰথম বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ বক্তৃতাৰ বাবে স্ফটিকীয় গঠনৰ বৃহৎ কাঠৰ আৰ্হি নিৰ্মাণ কৰাৰ সময়তে এই ক্ষেত্ৰখনৰ প্ৰতি তেওঁৰ আগ্ৰহৰ সৃষ্টি হয়।[13]

১৯৯০ চনত ৰবছনে সমন্বয় পলিমাৰৰ এক নতুন শ্ৰেণী সৃষ্টি কৰে যিয়ে ৰসায়ন বিজ্ঞানৰ এক সমগ্ৰ আধুনিক ক্ষেত্ৰৰ আধাৰত থিয় দিছিল।[14] তেওঁৰ উদ্ভাৱনী পদ্ধতিত তাম(I) ব্যৱহাৰ কৰা হৈছিল, যি টেট্ৰাহেড্ৰেল জ্যামিতিৰ অনুকূল৷ তেওঁ নিজৰ ইচ্ছানুযায়ী ডিজাইন কৰা টেট্ৰানাইট্ৰাইল জৈৱিক লিংকাৰৰ সৈতে সংযুক্ত কৰে।[14] এই পদ্ধতিত হীৰা সদৃশ গঠনৰ স্ফটিকীয় scaffold-ৰ সৃষ্টি কৰা হৈছিল৷।[14]

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • ১৯৯৮ চনত ৰবছনে দ্য ৰয়েল অষ্ট্ৰেলিয়ান কেমিকেল ইনষ্টিটিউটৰ অজৈৱিক বিভাগৰ পৰা বাৰ'ছ বঁটা লাভ কৰে৷
  • ২০০০ চনত অষ্ট্ৰেলিয়ান একাডেমী অৱ চাইন্সৰ ফেলো নিৰ্বাচিত হয়।[15]
  • ২০২২ চনত তেওঁ ৰয়েল ছ'চাইটিৰ ফেলো নিৰ্বাচিত হয়।[16]
  • ২০২৫ চনত ৰসায়ন বিজ্ঞানত ন'বেল লাভ কৰে৷ তেওঁক ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ বাবে চুছুমু কিটাগাৱা আৰু ওমৰ এম য়াঘীৰ সৈতে এই বঁটা প্ৰদান কৰা হয়।

নিৰ্বাচিত গ্ৰন্থপুঞ্জী

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Robson, Richard – Biographical entry – Encyclopedia of Australian Science". http://www.eoas.info/biogs/P003792b.htm. 
  2. 2.0 2.1 Hoskins, Bernard F.; Robson, Richard (1989). "Infinite polymeric frameworks consisting of three dimensionally linked rod-like segments" (EN ভাষাত). Journal of the American Chemical Society খণ্ড 111 (15): 5962–5964. doi:10.1021/ja00197a079. 
  3. Wise, Donald (27 March 1998). Electrical and Optical Polymer Systems: Fundamentals: Methods, and Applications. CRC Press. পৃষ্ঠা. 872. ISBN 978-0-8247-0118-5. https://books.google.com/books?id=zHSO2GUV9ucC&pg=PA872. 
  4. Stuart R. Batten; Suzanne M. Neville; David R. Turner (2009). Coordination Polymers: Design, Analysis and Application. Royal Society of Chemistry. পৃষ্ঠা. 19. ISBN 978-0-85404-837-3. https://books.google.com/books?id=iuixgwRs2eQC&pg=PA19. 
  5. "Nobel Prize in Chemistry 2025 Summary". The Nobel Prize. 8 October 2025. https://www.nobelprize.org/prizes/chemistry/2025/summary/। আহৰণ কৰা হৈছে: 8 October 2025. 
  6. 6.0 6.1 "Press release". NobelPrize.Org. https://www.nobelprize.org/prizes/chemistry/2025/press-release/। আহৰণ কৰা হৈছে: 8 October 2025. 
  7. "Nobel Prize in Chemistry 2025". NobelPrize.org. https://www.nobelprize.org/prizes/chemistry/2025/robson/facts/। আহৰণ কৰা হৈছে: 8 October 2025. 
  8. "Professor Richard Robson – Nobel Prize Winner". bnc.ox.ac.uk. 8 October 2025. https://www.bnc.ox.ac.uk/about-brasenose/news/2953-professor-richard-robson-nobel-prize-winner. 
  9. "Richard Robson FRS". RoyalSociety.Org. https://royalsociety.org/people/richard-robson-35839/। আহৰণ কৰা হৈছে: 8 October 2025. 
  10. Williams, R. J. P.; Rowlinson, John S.; Chapman, Allan (2008). Chemistry at Oxford: A History from 1600 To 2005. Royal Society of Chemistry. পৃষ্ঠা. 242. ISBN 978-1-84755-885-5. 
  11. Barltrop, J.A.; Robson, R. (1963). "The photochemistry of some charge-transfer complexes of cyclohexene". Tetrahedron Letters খণ্ড 4 (9): 597–600. doi:10.1016/S0040-4039(01)90680-X. https://linkinghub.elsevier.com/retrieve/pii/S004040390190680X। আহৰণ কৰা হৈছে: 8 October 2025. 
  12. Bruin, Tyler (2023-11-24). "Professor Richard Robson elected Fellow of the Royal Society" (en ভাষাত). About us. https://about.unimelb.edu.au/news-resources/awards-and-achievements/awards-and-prizes/professor-richard-robson-elected-fellow-of-the-royal-society। আহৰণ কৰা হৈছে: 2024-11-25. 
  13. Robson, Richard (2024). "The Historical Development of the Concepts Underlying the Design and Construction of Targeted Coordination Polymers/MOFs: A Personal Account". The Chemical Letter খণ্ড 24 (5). doi:10.1002/tcr.202400038. PMID 38775251. https://doi.org/10.1002/tcr.202400038. 
  14. 14.0 14.1 14.2 "The man who built a whole new field of chemistry" (en ভাষাত). Pursuit. https://pursuit.unimelb.edu.au/articles/the-man-who-built-a-whole-new-field-of-chemistry। আহৰণ কৰা হৈছে: 2024-11-25. 
  15. Sharma, Deepanshu (8 October 2025). "Who is Richard Robson? Australian Chemist Who Won The Nobel Prize in Chemistry 2025". The Daily Guardian. https://thedailyguardian.com/world/australia/who-is-richard-robson-australian-chemist-who-won-the-nobel-prize-in-chemistry-2025-669544/। আহৰণ কৰা হৈছে: 8 October 2025. 
  16. "Outstanding Academy Fellows elected to Royal Society" (en ভাষাত). Australian Academy of Science. https://www.science.org.au/news-and-events/news-and-media-releases/outstanding-academy-fellows-elected-royal-society। আহৰণ কৰা হৈছে: 2022-05-10. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

উৎস: https://www.nobelprize.org/prizes/about/prize-announcement-dates/