ৰিজিয়া ৰহমান
| ৰিজিয়া ৰহমান | |
|---|---|
| জন্ম | ২৮ ডিচেম্বৰ, ১৯৩৯ ভৱানীপুৰ, কলকাতা, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৬ আগষ্ট, ২০১৯ (৭৯ বছৰ) ঢাকা, বাংলাদেশ |
| পেচা | ঔপন্যাসিক |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
ৰিজিয়া ৰহমান (২৮ ডিচেম্বৰ ১৯৩৯ – ১৬ আগষ্ট ২০১৯)[1] আছিল এগৰাকী বাংলাদেশী ঔপন্যাসিক।[2] তেওঁ অসংখ্য উপন্যাস আৰু চুটি গল্প ৰচনা কৰে। তেওঁৰ সাহিত্যকৰ্ম সকলো ধৰণৰ বিষয়-বস্তু সামৰি লৈছিল। তেওঁ বিশেষকৈ বং থেকে বাংলা নামৰ উপন্যাসখনৰ বাবে অধিক পৰিচিত।[3] তেওঁ বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮) লাভ কৰে।[4] ২০১৮ চনলৈকে তেওঁ নিজৰ দীঘলীয়া সাহিত্য জীৱনত ৫০ খনৰো অধিক উপন্যাস আৰু গল্প সংকলন প্ৰকাশ কৰিছিল।[5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰিজিয়া ৰহমান ২৮ ডিচেম্বৰ ১৯৩৯ চনত ভৱানীপুৰ, কলকাতাত জন্মগ্ৰহণ কৰে।[5] ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পাছত তেওঁৰ পৰিয়াল পূব বংগ (বৰ্তমান বাংলাদেশ)লৈ স্থানান্তৰিত হয়।[5] তেওঁ ৮ বছৰ বয়সতে গল্প লিখা আৰম্ভ কৰে আৰু ১২ বছৰ বয়সত প্ৰথম প্ৰকাশিত হয়।[6] তেওঁৰ গল্প আৰু কবিতা সত্যযুগ আৰু সংবাদ আদি সংবাদপত্ৰত প্ৰকাশ পাইছিল।[7] তেওঁ ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি অৰ্থনীতিত সমাজবিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[7]
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়নৰ সময়ছোৱাতেই তেওঁ প্ৰথম গল্প সংকলন অগ্নি শক্কৰা প্ৰকাশ কৰে।[7] ১৯৭৮ চনত প্ৰকাশিত তেওঁৰ উপন্যাস বঙৰপৰা বাংলা সমালোচকৰ প্ৰশংসা লাভ কৰে, য’ত বাংলাদেশৰ জাতীয়তা আৰু ভাষাৰ বিকাশ আলোচনা কৰা হৈছে।[5] তেওঁৰ চতুৰ্থ উপন্যাস ৰক্তেৰ অক্ষৰ বিচিত্ৰাত প্ৰকাশিত "ঢাকাৰ যৌনকৰ্মীসকল" শীৰ্ষক এখন প্ৰবন্ধৰপৰা প্ৰেৰণা লৈ লিখা হৈছিল।[8] গৱেষণাৰ বাবে তেওঁ নিজে পতিতালয়লৈ যাব নোৱাৰি, এজন পুৰুষ সাংবাদিকৰ সাপ্তাহিক প্ৰতিৱেদনসমূহৰ ওপৰত নিৰ্ভৰ কৰিছিল।[8] প্ৰকাশৰ পাছত উপন্যাসখন বাংলাদেশত ব্যাপক আলোড়ন সৃষ্টি কৰে। ২০১৬ চনত লেটাৰ্ছ অৱ ব্লাড নামৰে ইংৰাজী অনুবাদ প্ৰকাশ পায়।[7] এই বিষয়ে তেওঁ কৈছিল, “মই গ্ৰন্থখনৰ বাবে বহুত প্ৰশংসা লাভ কৰিছিলোঁ, কিন্তু সমান পৰিমাণৰ সমালোচনাও সহ্য কৰিবলগীয়া হৈছিল।”[8]
ৰচনা
[সম্পাদনা কৰক]- উপন্যাসসমূহ
- উত্তৰ-পুৰুষ (১৯৭৭)
- ৰক্তেৰ অক্ষৰ (১৯৭৮)
- বং থেকে বাংলা (১৯৭৮)
- অলিখিত উপাখ্যান (১৯৮০)
- সূৰ্য সবুজ ৰক্ত (১৯৮০)
- শিলায় শিলায় আগুন (১৯৮০)
- অৰণ্যেৰ কাছে (১৯৮০)
- ধবল জ্যোৎস্না (১৯৮০)
- ঘৰ-ভাঙা-ঘৰ (১৯৮৪)
- একাল চিৰকাল (১৯৮৪)
- প্ৰেম আমাৰ প্ৰেম (১৯৮৫)
- ঝড়েৰ মুখোমুখি (১৯৮৬)
- একটি ফুলেৰ জন্য (১৯৮৬)
- শুধু তোমাদেৰ জন্য (১৯৮৮)
- হে মানৱ মানবী (১৯৮৯)
- হাৰুন ফেৰেনি (১৯৯৪)
- নদী নিৰবধি (২০১১)
ইংৰাজীলৈ অনূদিত উপন্যাস
[সম্পাদনা কৰক]- লেটাৰ্ছ অৱ ব্লাড (২০১৬)
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮)
- যশোৰ সাহিত্য পৰিষদ পুৰস্কাৰ (১৯৮৪)
- বাংলাদেশ লেখক সংঘ সাহিত্য পদক (১৯৮৫)
- কামাৰ মুস্তাৰি সাহিত্য পদক (১৯৯০)[9]
- আনন্য সাহিত্য পুৰস্কাৰ (১৯৯৫)
- হুমায়ূন কাদিৰ স্মৃতি পুৰস্কাৰ
- জসীমউদ্দীন স্বৰ্ণ পদক
- শওগাত স্বৰ্ণ পদক
- একুশে পদক (২০১৯)[10]
মৃত্যু
[সম্পাদনা কৰক]ৰিজিয়া ৰহমান ১৬ আগষ্ট ২০১৯ চনত মৃত্যুবৰণ কৰে।[11][12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Novelist Rizia Rahman passes away" (en-GB ভাষাত). UNB. http://unb.com.bd/category/Bangladesh/novelist-rizia-rahman-passes-away/26096.
- ↑ "Through The Eyes of Rizia Rahman" (en ভাষাত). The Daily Star. 2018-05-19. https://www.thedailystar.net/showbiz/through-the-eyes/through-the-eyes-rizia-rahman-1578286.
- ↑ "Rizia Rahman's Rokter Okshor". Bangladeshi Novels. 23 January 2015. http://en.bdnovels.org/rizia-rahmans-rokter-okshor-2/.
- ↑ "bn:পুৰস্কাৰপ্ৰাপ্তদেৰ তালিকা [Winners list]" (bn ভাষাত). Bangla Academy. http://banglaacademy.org.bd/?page_id=1315। আহৰণ কৰা হৈছে: 23 August 2017.
- ↑ 5.0 5.1 5.2 5.3 "bn:ৰিজিয়া ৰহমান (Rizia Rahman) - Portfolio of Bengali Author Rizia Rahman on authors.com.bd". authors.com.bd. http://authors.com.bd/2018/About। আহৰণ কৰা হৈছে: 2019-03-07.
- ↑ "Through the Eyes of Rizia Rahman" (en ভাষাত). The Daily Star. 2018-05-19. https://www.thedailystar.net/showbiz/through-the-eyes/through-the-eyes-rizia-rahman-1578286.
- ↑ 7.0 7.1 7.2 7.3 "Library of Bangladesh Presents". bengallights.com. http://bengallights.com/blood.php। আহৰণ কৰা হৈছে: 2019-03-07.
- ↑ 8.0 8.1 8.2 Rahman, Rizia (2018). Letters of Blood. প্ৰকাশক Kolkata: Seagull Books. পৃষ্ঠা. xi. ISBN 9780857424990.
- ↑ "Rizia Rahman". Bangladeshi Novels. 24 September 2014. http://en.bdnovels.org/rizia-rahman/.
- ↑ "PM: Protect and practice country's rich culture, language". Dhaka Tribune. 2019-02-20. https://www.dhakatribune.com/bangladesh/2019/02/20/pm-hasina-to-confer-ekushey-padak-in-afternoon.
- ↑ (bn ভাষাত)Bangladesh Pratidin. 16 August 2019. https://www.bd-pratidin.com/country/2019/08/16/448637। আহৰণ কৰা হৈছে: 16 August 2019.
- ↑ (bn ভাষাত)Prothom Alo. 16 August 2019. https://m.prothomalo.com/bangladesh/article/1609491/একুশে-পদকপ্ৰাপ্ত-কথাসাহিত্যিক-ৰিজিয়া-ৰহমানেৰ। আহৰণ কৰা হৈছে: 16 August 2019.[সংযোগবিহীন উৎস]
- ↑ (bn ভাষাত)Jugantor. 16 August 2019. https://www.jugantor.com/national/210165/%E0%A6%94%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%95-%E0%A6%B0%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B0%E0%A6%B9%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%86%E0%A6%B0-%E0%A6%A8%E0%A7%87%E0%A6%87। আহৰণ কৰা হৈছে: 16 August 2019.