ৰিড এলং
| বিকাশক | গুগল |
|---|---|
| প্ৰথম মুক্তি | ৬ মাৰ্চ ২০১৯ |
| স্থিৰ মুক্তি | ০.৫.৬০৭৩১৭৮৬০ (এণ্ড্ৰইড)[1] / ১৯ ফেব্ৰুৱাৰী ২০২৪ |
| প্লেটফৰ্ম | এণ্ড্ৰইড, এণ্ড্ৰইড টিভি |
| প্ৰকাৰ | ডিজিটেল প্লেটফৰ্ম, প্লে ষ্ট’ৰ, ৱেব এপ |
| ৱেবছাইট | readalong |
ৰিড এলং (পূৰ্বতে বলো নামে পৰিচিত) হৈছে শিশুসকলৰ বাবে এটা এণ্ড্ৰইড ভাষা-শিক্ষণ এপ, যাক গুগলে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ বাবে উন্নয়ন কৰিছে। এই এপ্লিকেশ্যনটো প্লে ষ্ট’ৰত ৭ মাৰ্চ ২০১৯ তাৰিখে মুক্তি পায়।[2][3][4]
এই এপত দিয়া নামৰ এটা চৰিত্ৰ থাকে, যিয়ে চিত্ৰসহ কাহিনীৰ জৰিয়তে শিশুসকলক পঢ়িবলৈ শিকোৱাত সহায় কৰে। ইয়াত ইংৰাজীৰ লগতে ভাৰতৰ মুখ্য ভাষাসমূহ যেনে হিন্দী, বাংলা, তামিল, তেলুগু, মাৰাঠী আৰু উৰ্দু ভাষা সমৰ্থন কৰে। ইয়াৰ উপৰিও স্পেনিছ, পৰ্তুগীজ আৰু আৰবী ভাষাও উপলব্ধ।
প্ৰযুক্তি
[সম্পাদনা কৰক]এই এপটোৱে টেক্সট-টু-স্পিচ প্ৰযুক্তি ব্যৱহাৰ কৰে, যাৰ জৰিয়তে দিয়া নামৰ চৰিত্ৰটোৱে কাহিনী পঢ়ি শুনায়। লগতে ইয়াত স্পিচ-টু-টেক্সট প্ৰযুক্তিও ব্যৱহৃত হয়, যিয়ে ব্যৱহাৰকাৰীৰ পঢ়ন আৰু মূল পাঠ্যৰ মাজৰ মিল যান্ত্ৰিকভাৱে চিনাক্ত কৰে।
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ছোটা ভীম আৰু কথাকিড্ছৰ কাহিনী এপত সংযোজন কৰা হয়।[5]
২০২০ চনৰ এপ্ৰিল মাহত এপটোৰ এটা নতুন সংস্কৰণ মুক্তি পায়।[6] ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ইয়াত আৰবী ভাষা সংযোজন কৰা হয়।[7]
২০২২ চনৰ আগষ্ট মাহত ৰিড এলঙৰ এটা ৱেব সংস্কৰণো আৰম্ভ কৰা হয়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Read Along by Google APKs" (en ভাষাত). APKMirror. https://www.apkmirror.com/apk/google-inc/bolo-learn-to-read-with-google/। আহৰণ কৰা হৈছে: April 10, 2024.
- ↑ "'Google Read Along' to help 10 million UP school kids improve pronunciations" (en ভাষাত). হিন্দুস্তান টাইমছ. 8 August 2020. https://www.hindustantimes.com/education/google-bolo-to-help-10-million-up-school-kids-improve-pronunciations/story-dQy0BnOKDAR5YoEwMYbD3K.html.
- ↑ "'Google Bolo' to teach UP kids how to pronounce" (en ভাষাত). ফ্ৰী প্ৰেছ জাৰ্নেল. 13 August 2020. Archived from the original on 2 November 2020. https://web.archive.org/web/20201102121827/https://www.freepressjournal.in/technology/google-bolo-to-teach-up-kids-how-to-pronounce.
- ↑ "Google introduces educational app Bolo to improve children's literacy in India". টেকক্ৰাঞ্চ. 6 March 2019. https://techcrunch.com/2019/03/06/google-introduces-educational-app-bolo-to-improve-childrens-literacy-rates-in-india/.
- ↑ "Google Lens, Bolo App Get Additional Indic Language Support" (en ভাষাত). এনডিটিভি গেজেটছ ৩৬০. 19 September 2019. https://gadgets.ndtv.com/apps/news/google-lens-bolo-app-indic-language-support-added-google-for-india-2019-2103627.
- ↑ "Google Bolo Goes Global as 'Read Along' to Help Kids Learn Reading" (en ভাষাত). এনডিটিভি গেজেটছ ৩৬০. 8 May 2020. https://gadgets.ndtv.com/apps/news/google-read-along-bolo-learn-reading-2225584.
- ↑ "Google adds Arabic to Read Along app to improve children's reading" (en ভাষাত). দা নেচনেল. 8 September 2020. https://www.thenationalnews.com/business/technology/google-adds-arabic-to-read-along-app-to-improve-children-s-reading-1.1074690.
- ↑ Chin, Monica (August 9, 2022). "Google launches new website for kids learning to read". দা ভাৰ্জ. https://www.theverge.com/2022/8/9/23297565/google-read-along-diya-pc-beta-release। আহৰণ কৰা হৈছে: August 10, 2022.