সমললৈ যাওক

ৰিতা পাভোন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিতা পাভোন

১৯৬৫ চনত পাভোন
জন্ম ৰিতা ওৰি ফিলোমেনা পাভোন
২৩ আগষ্ট, ১৯৪৫ (৮০ বছৰ)
টুৰিন, পিডমণ্ট, ইটালী ৰাজ্য
নাগৰিকত্ব
পেচা
  • গায়িকা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬২–বৰ্তমান
দাম্পত্যসঙ্গী টেডি ৰেনো (বি. ১৯৬৮)
সন্তান
ৱেবছাইট
http://www.ritapavone.it

ৰিতা ওৰি ফিলোমেনা মাৰ্ক-পাভোন (ইংৰাজী: Rita Ori Filomena Merk-Pavone; জন্ম: ২৩ আগষ্ট ১৯৪৫)[1] এগৰাকী ইটালী-ছুইজাৰলেণ্ডৰ পপ গায়িকা, অভিনেত্ৰী আৰু শ্ব’গাৰ্ল, যিয়ে ১৯৬০ চনৰ দশকত জনপ্ৰিয়তা অৰ্জন কৰিছিল।

"টুৰিনৰ মহ" হিচাপে পৰিচিত পাভোনক তেওঁৰ চুলিৰ ৰঙা ৰঙৰ বাবে "কেৰট হেয়াৰ" (গাজৰ ৰঙী চুলি) বুলিও উপনাম দিয়া হৈছিল।[2] সমগ্ৰ বিশ্বতে ৫০ নিযুততকৈও অধিক ৰেকৰ্ড বিক্ৰী কৰা আৰু সাতটা ভিন্ন ভাষাত গীত বাণীবদ্ধ কৰা পাভোন যুক্তৰাজ্যৰ সংগীত তালিকাত স্থান লাভ কৰা আঠগৰাকী ইটালীৰ পপ গায়িকাৰ ভিতৰত এগৰাকী।[3][4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

পাভোনৰ জন্ম পিডমণ্টৰ টুৰিনত হৈছিল।[1] ১৯৬২ চনত তেওঁ অপেছাদাৰী শিল্পীসকলৰ বাবে আয়োজিত গীতৰ প্ৰতিযোগিতা 'ফেষ্টিভেল ডেগলি স্কোনিওচিটি'ত অংশগ্ৰহণ কৰি জয়লাভ কৰে।[1] ১৯৬৩ চনত মুক্তি পোৱা তেওঁৰ স্বনামধন্য এলবামটোৱে বিশেষকৈ "লা পাৰ্টিটা ডি পালোনে" শীৰ্ষক একক গীতটোৰ জৰিয়তে মাত্ৰ ১৭ বছৰ বয়সতে তেওঁক ইটালীত ব্যাপক স্বীকৃতি আৰু পিছলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি প্ৰদান কৰে। "লা পাৰ্টিটা ডি পালোনে" দহ লাখতকৈও অধিক কঁপি বিক্ৰী হৈছিল আৰু ই সোণালী ডিস্ক লাভ কৰিছিল।[5] ১৯৬৩ চনত তেওঁৰ "কুয়োৰে" গীতটোৰো দহ লাখ কঁপি বিক্ৰী হৈছিল আৰু ই ইটালীত একেৰাহে ন সপ্তাহ ধৰি শীৰ্ষ স্থানত আছিল।[5]

১৯৬৪ চনৰ ১৭ মে’ত পাভোনে 'দ্য এড ছালিভান শ্বো'ত প্ৰথমবাৰৰ বাবে ভূমুকি মাৰে আৰু ১৯৭০ চনলৈকে তেওঁ তাত এগৰাকী নিয়মীয়া সংগীত শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিল। ১৯৬৪ চনৰ গ্ৰীষ্মকালত তেওঁ উত্তৰ আমেৰিকাত ইংৰাজী গীত "ৰিমেম্বাৰ মি"ৰ জৰিয়তে সফলতা লাভ কৰে। এই গীতটোৱে আমেৰিকা যুক্তৰাজ্যৰ বিলবোৰ্ড হট ১০০ত ২৬ নম্বৰ স্থান আৰু কানাডাত ১৬ নম্বৰ স্থান লাভ কৰিছিল।[6]

স্পেইনৰ তৰুণ দৰ্শকৰ মাজতো তেওঁ অতি জনপ্ৰিয় হৈ পৰিছিল। আমেৰিকা যুক্তৰাজ্যত তেওঁ ডায়েনা ৰছ, এলা ফিৎজাৰাল্ড, টম জোনছ, ডিউক এলিনটন আৰু পল আংকাৰ দৰে শিল্পীৰ সৈতে একেলগে বিভিন্ন কাৰ্যসূচীত অংশ লৈছিল। তেওঁ নিউয়ৰ্ক চহৰৰ কাৰ্নেগী হলতো গীত পৰিৱেশন কৰিছিল।

ইটালীলৈ উভতি আহি পাভোনে পাঁচখন ছবিত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ 'ইল গিঅৰ্ণালিনো ডি জিয়ান বুৰাস্কা' (শিশুৰ টিভি অনুষ্ঠান) আৰু ভেৰাইটি শ্বো 'ষ্টুডিঅ' উনো' আদিত অংশগ্ৰহণ কৰিছিল।[7] পাভোনে ১৯৬০ চনৰ দশকত ছয়খন চিনামাত অভিনয় কৰিছিল, যাৰ ভিতৰত 'ৰিতা লা জানজাৰা' (১৯৬৬) আৰু 'লিটল ৰিতা নেল ৱেষ্ট' (১৯৬৭) অন্যতম।

১৯৬৬ আৰু ১৯৬৭ চনত পাভোন যুক্তৰাজ্যতো জনপ্ৰিয় আছিল। আৰ.চি.এ. ভিক্টৰে মুক্তি দিয়া তেওঁৰ দুটা একক গীত "হাৰ্ট" আৰু "ইউ অনলি ইউ" যুক্তৰাজ্যৰ একক সংগীত তালিকাত ক্ৰমে ২৭ আৰু ২১ নম্বৰ স্থান পাইছিল।[8] এই সময়ছোৱাত তেওঁ লণ্ডন পেলাডিয়াম আদিকে ধৰি বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰিছিল।

১৯৬৮ চনত পাভোনে ছুইজাৰলেণ্ডত টেডি ৰেনোৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰেনো আছিল তেওঁৰ টেলেণ্ট স্কাউট আৰু তেওঁ জিকা প্ৰথমখন প্ৰতিযোগিতাৰ উদ্যোক্তা। তেওঁলোকৰ বিবাহে ইটালীত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল কাৰণ সেই সময়ত ৰেনো আইনগতভাৱে বিবাহিত আছিল আৰু ১৯৭০ চনলৈকে তাত বিবাহ বিচ্ছেদৰ অনুমতি নাছিল। ১৯৭১ চনত তেওঁলোকে পুনৰ ইটালীত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ আলেন্দ্ৰো (জন্ম ১৯৬৯) আৰু জৰ্জিঅ’ (জন্ম ১৯৭৪) নামৰ দুজন পুত্ৰ সন্তান আছে।

১৯৯০ চনত পাভোন পুনৰ আমেৰিকা যুক্তৰাজ্যলৈ যায় আৰু নিউ জাৰ্চীৰ এটলাণ্টিক চিটীত হুইটনী হিউষ্টন, ফ্ৰেংক চিনাট্ৰা আৰু চেৰৰ দৰে শিল্পীৰ সৈতে এটা কনচাৰ্টত গীত গায়। ইয়াৰ পিছত তেওঁ থিয়েটাৰ অভিনয়ৰফালে ঢাল খায় আৰু উইলিয়াম শ্বেইক্সপীয়েৰৰ নাটকত অংশগ্ৰহণ কৰে।

আৰ্জেণ্টিনাৰ ছবি 'নাইন কুইন্স'ৰ মুখ্য চৰিত্ৰটোৱে কাহিনীটোৰ মাজে মাজে ৰিতা পাভোনৰ এটা গীতৰ সুৰ মনত পেলাবলৈ চেষ্টা কৰা দেখা যায়। ২০০৬ চনৰ ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁ চিনেটৰ প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০২০ চনত তেওঁ "নিয়েণ্টে (ৰেচিলিয়েঞ্জা ৭৪)" গীতটোৰে চানৰেমো সংগীত উৎসৱত অংশগ্ৰহণ কৰিছিল।[9]

পাভোন আৰু তেওঁৰ স্বামী ৰেনো বৰ্তমান ছুইজাৰলেণ্ডৰ টিকিনোত বাস কৰে। তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ এজন ৰেডিঅ’ অনুষ্ঠানৰ পৰিচালক আৰু কনিষ্ঠ পুত্ৰ এজন ৰক গায়ক।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Colin Larkin, ed (1992). The Guinness Encyclopedia of Popular Music (First সম্পাদনা). Guinness Publishing. পৃষ্ঠা. 1922. ISBN 0-85112-939-0.
  2. "Rita Pavone e Patty Pravo, tornano le regine del pop". Corriere della Sera. https://archivio-corriere-it.translate.goog/Archivio/interface/landing.html আহৰণ কৰা হৈছে: 28 June 2024.[সংযোগবিহীন উৎস]
  3. "La voce delle donne". La voce delle donne. Archived from the original on September 30, 2015. https://web.archive.org/web/20150930001055/http://www.lavocedelledonne.it/cantante.aspx?ID_cantante=159 আহৰণ কৰা হৈছে: June 28, 2024.
  4. "RITA PAVONE | Songs and Albums | full Official Charts history". Official Charts. http://www.officialcharts.com/artist/12772/rita-pavone/ আহৰণ কৰা হৈছে: June 28, 2024.
  5. 1 2 Murrells, Joseph (1978). The Book of Golden Discs (2nd সম্পাদনা). প্ৰকাশক London: Barrie and Jenkins Ltd.. পৃষ্ঠা. 164. ISBN 978-0-214-20512-5. https://archive.org.
  6. "RPM Top 40-5s - July 13, 1964". Archived from the original on April 3, 2017. https://web.archive.org/web/20170403043541/http://www.collectionscanada.gc.ca/ আহৰণ কৰা হৈছে: March 31, 2026.
  7. Brioni, Cecilia (2017). "Between Two Stages: Rita Pavone and i Giovani on Studio Uno (1961–1966)". Italian Studies খণ্ড 72 (4): 414–427. doi:10.1080/00751634.2017.1370895. https://tandfonline.com.
  8. Roberts, David (2006). British Hit Singles & Albums (19th সম্পাদনা). প্ৰকাশক London: Guinness World Records Limited. পৃষ্ঠা. 421. ISBN 978-1-904994-10-7.
  9. Scarpone, Cristian (6 January 2020). "Sanremo 2020: colpo di scena di Amadeus, due Big in più in gara" (it ভাষাত). eurofestivalnews.com.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]