ৰিতিকা সিং
| ৰিতিকা সিং | |
|---|---|
২০১৮ বৰ্ষত ৰিতিকা সিং | |
| জন্ম | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী, সমৰ কলাবিদ |
| সক্ৰিয় হৈ থকা সময় | ২০১৬—বৰ্তমান |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা – তামিল |
ৰিতিকা মোহন সিং (ইংৰাজী: Ritika Mohan Singh; জন্ম: ১৬ ডিচেম্বৰ ১৯৯৪) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ সুধা কোংগৰা প্ৰসাদৰ তামিল ছবি ইৰুধী চুট্ৰু (একে সময়তে হিন্দীত চালা খাডুছ নামেৰে নিৰ্মাণ কৰা হৈছিল)ত আৰ. মাধৱনৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[1] তেওঁ একেটা চৰিত্ৰৰ বাবে তিনিটা ভিন্ন ভাষাৰ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল: তামিল (ইৰুধী চুট্ৰু), হিন্দী (চালা খাডুছ) আৰু তেলেগু (গুৰু)। তেওঁ এটা ৰাষ্ট্ৰীয় বঁটা, এটা ছিমা বঁটা, এটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বিশেষ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
কেৰিয়াৰ
[সম্পাদনা কৰক]মিশ্ৰ সমৰ কলা
[সম্পাদনা কৰক]সিঙক তেওঁৰ পিতৃয়ে কিকবক্সিং আৰু মিশ্ৰ সমৰ কলা (এমএমএ)ৰ প্ৰশিক্ষণ দিছিল। ২০০৯ চনত তেওঁ ২০০৯ চনৰ এছিয়ান ইনড’ৰ গেমছত কিকবক্সিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০১২ চনত তেওঁ ছুপাৰ ফাইট লীগৰ প্ৰথম সংস্কৰণত মিশ্ৰ সমৰ কলাত অংশগ্ৰহণ কৰিছিল।[2][3]
অভিনয় জীৱন
[সম্পাদনা কৰক]ৰিতিকা সিঙে ২০১৩ চনত নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। পৰিচালক সুধা কোংগৰা প্ৰসাদে ছুপাৰ ফাইট লীগৰ এটা বিজ্ঞাপনত তেওঁক প্ৰত্যক্ষ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ দ্বিভাষিক ছবি ইৰুধী চুট্ৰু (২০১৬), যাৰ হিন্দী নাম আছিল চালা খাডুছ, তাৰ মুখ্য চৰিত্ৰৰ বাবে অডিচন দিছিল। প্ৰতিযোগিতাখনৰ অধ্যক্ষ ৰাজ কুন্দ্ৰাৰ জৰিয়তে নিৰ্মাতাসকলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল।[4] চেন্নাইৰ বস্তিত ডাঙৰ-দীঘল হোৱা মাৰোৱাৰী ছোৱালী মধিৰ চৰিত্ৰত অভিনয় কৰিবলৈ সিঙক চুক্তিবদ্ধ কৰা হৈছিল কাৰণ নিৰ্মাতাসকলে এগৰাকী অভিনেত্ৰীয়ে বক্সাৰৰ অভিনয় কৰাতকৈ এগৰাকী পেছাদাৰী বক্সাৰকহে অভিনয় কৰাটো বিচাৰিছিল। তামিল সংস্কৰণ ইৰুধী চুট্ৰুৰ বাবে সিঙে হিন্দীত সংলাপবোৰ লিখি লৈ তামিল ভাষাৰ উচ্চাৰণ শিকিছিল। ছবিখনৰ মুখ্য অভিনেতা আৰ. মাধৱন আৰু ৰাজকুমাৰ হিৰাণীৰ সহ-প্ৰযোজনাত নিৰ্মিত এই ছবিখন ২০১৬ চনত মুক্তি পাইছিল।[5] ৰিতিকাই তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছিল; Sify.com-এ উল্লেখ কৰিছিল যে "তেওঁ এক আশ্চৰ্যজনক আৱিষ্কাৰ" আৰু "তেওঁৰ লিপ চিংক, শৰীৰৰ ভাষা আৰু খোজ-কাটল ছবিখনৰ প্ৰধান আকৰ্ষণ।" [6] ইৰুধী চুট্ৰুত কৰা অভিনয়ৰ বাবে ৰিতিকাই ৬৩সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ উল্লেখ (Special Mention) বঁটা লাভ কৰে আৰু নিজৰ চৰিত্ৰৰ বাবে ডাবিং নকৰাকৈ ৰাষ্ট্ৰীয় বঁটাত স্বীকৃতি লাভ কৰা প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হয়।[7] ইয়াৰ পিছত সিঙক মণিকন্দনৰ ছবি আন্দাৱন কাট্টালাইত দেখা গৈছিল, যিখন ২০১৬ চনত মুক্তি পাইছিল।[8] তেওঁৰ পৰৱৰ্তী ছবি আছিল ২০১৭ চনৰ তেলেগু ছবি গুৰু, যিখন আছিল ইৰুধী চুট্ৰুৰ পুনৰ্নিৰ্মাণ।[9] পিছলৈ তেওঁ পি. বাসুৰ হৰৰ কমেডী ছবি শিৱলিংগ (২০১৭) আৰু তেলেগু ছবি নীভেভাৰো (২০১৮)ত অভিনয় কৰে।[10]
তেওঁ অশোক চেলভানৰ সৈতে ৰোমাণ্টিক ফেণ্টাচী ছবি অ’ মাই কাডাভুলে (২০২০)ত মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[11]
২০২৩ চনত তেওঁ ইনকাৰ নামৰ এখন হিন্দী চাৰ্ভাইভেলিষ্ট-থ্ৰিলাৰ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।[12] পিছলৈ তেওঁ ষ্ট্ৰীমিং ধাৰাবাহিক ষ্টৰী অৱ থিংছ (২০২৩) আৰু বেঞ্চ লাইফ (২০২৪)ত অভিনয় কৰে।[13][14] ৰিতিকাই ভেট্টায়ান (২০২৪) ছবিত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে, য’ত তেওঁ ৰজনীকান্তৰ চৰিত্ৰটোৰ নেতৃত্বত থকা এটা অনুসন্ধানকাৰী দলৰ অংশ।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ritika Singh wants to stay grounded". The Indian Express. 14 January 2016. http://indianexpress.com/article/entertainment/bollywood/ritika-singh-wants-to-stay-grounded/.
- ↑ Sunaina Kumar (22 June 2013). "Not Your Usual Punching Bags". Tehelka. Archived from the original on 3 September 2017. https://web.archive.org/web/20170903163000/http://www.tehelka.com/2013/06/not-your-usual-punching-bags/। আহৰণ কৰা হৈছে: 25 September 2016.
- ↑ "Ritika Singh MMA Stats, Pictures, News, Videos, Biography". Sherdog. http://www.sherdog.com/fighter/Ritika-Singh-116827। আহৰণ কৰা হৈছে: 25 September 2016.
- ↑ "Never thought of acting in Bollywood: boxer Ritika Singh". The Indian Express. 12 January 2016. http://indianexpress.com/article/entertainment/bollywood/never-thought-of-acting-in-bollywood-boxer-ritika-singh/.
- ↑ "Saala Khadoos: Ritika Singh not the only real-life boxer in the Rajkumar Hirani movie!". India.com. http://www.india.com/showbiz/saala-khadoos-ritika-singh-not-the-only-real-life-boxer-in-the-rajkumar-hirani-movie-890567/। আহৰণ কৰা হৈছে: 25 September 2016.
- ↑ "Review : Irudhi Suttru review". Sify. http://www.sify.com/movies/irudhi-suttru-review-tamil-qb3kkffigibjj.html। আহৰণ কৰা হৈছে: 25 September 2016.
- ↑ "It's like winning an Oscar: Ritika Singh on National Award". The Indian Express. 28 March 2016. http://indianexpress.com/article/entertainment/regional/its-like-winning-an-oscar-ritika-singh-on-national-award/.
- ↑ "Aandavan Kattalai: Overwhelming positive response from audiences!". Sify. http://www.sify.com/movies/aandavan-kattalai-overwhelming-positive-response-from-audiences-news-tamil-qjyrmtfjhagdb.html। আহৰণ কৰা হৈছে: 26 September 2016.
- ↑ "Guru movie review: Venkatesh and Ritika Singh battle egos in this intense sports drama". 30 March 2017. https://www.firstpost.com/entertainment/guru-movie-review-venkatesh-and-ritika-singh-battle-egos-in-this-intense-sports-drama-3360140.html.
- ↑ "Neevevaro Movie Review {3/5}: A promising plot, but is too cluttered to make any impact". https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/neevevaro/movie-review/65525405.cms.
- ↑ "Oh My Kadavule Movie Review : It is this sensitivity that makes Oh My Kadavule refreshing". https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/oh-my-kadavule/movie-review/74104692.cms.
- ↑ "'I'm a martial artist, but still feel unsafe at night', says 'InCar' actress Ritika Singh". https://www.newindianexpress.com/entertainment/hindi/2023/Mar/01/im-a-martial-artist-but-still-feel-unsafeat-night-says-incar-actress-ritika-singh-2551807.html.
- ↑ "Story of Things Review: A satisfying ride into a strange world of quirk and mystery". https://www.cinemaexpress.com/tamil/review/2023/Jan/06/story-of-things-anthology-reviewa-satisfying-ride-into-a-strange-world-of-quirkand-mystery-38482.html.
- ↑ "'Bench Life' web series review: A breezy comedy-drama about redemption and reconciliation". https://www.newindianexpress.com/entertainment/review/2024/Sep/14/bench-life-web-series-review-a-breezy-comedy-drama-about-redemption-and-reconciliation.
- ↑ "Ritika Singh on her Vettaiyan co-star Rajinikanth: "There is never going to be another human who is as legendary as him"". https://www.cinemaexpress.com/tamil/news/2024/Oct/11/ritika-singh-on-her-vettaiyan-co-star-rajinikanth-there-is-never-going-to-be-another-human-who-is-as-legendary-as-him.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰিতিকা সিং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰিতিকা সিং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰিতিকা সিং সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য