সমললৈ যাওক

ৰিতু বাৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিতু বাৰ্মা

২০১৯ চনত ৰিতু
জন্ম ১০ মাৰ্চ, ১৯৯০ (৩৬ বছৰ)
হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, ভাৰত (বৰ্তমান তেলেংগানা, ভাৰত)
শিক্ষানুষ্ঠান মাল্লা ৰেড্ডী ইঞ্জিনিয়াৰিং কলেজ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৩–বৰ্তমান

ৰিতু বাৰ্মা (ইংৰাজী: Ritu Varma; জন্ম: ১০ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে। চুটি ছবি আৰু সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত, বাৰ্মাই তেলুগু ছবি পেল্লি ছুপুলুত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'নন্দী বঁটা' আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ (তেলেগু) 'ফিল্মফেয়াৰ ক্ৰিটিকছ বঁটা' লাভ কৰিছিল। তেওঁ য়েভেডে চুব্ৰামণিয়ম (২০১৫), কান্নুম কান্নুম কোল্লাইয়াদিথাল (২০২০), ওকে ওকা জীৱিথাম (২০২২) আৰু মাৰ্ক এণ্টনীৰ (২০২৩) দৰে কেইবাখনো ব্যাৱসায়িকভাৱে সফল ছবিত অভিনয় কৰিছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

ৰিতু বাৰ্মাৰ জন্ম আৰু লালন-পালন হায়দৰাবাদৰ এটা উত্তৰ ভাৰতীয় পৰিয়ালত হৈছিল।[2][3] তেওঁৰ পিতৃ মধ্যপ্ৰদেশৰ আৰু তেওঁলোকে ঘৰত হিন্দী ভাষা কয়। তেওঁ তেলুগু ভাষাতো পাৰ্গত আৰু নিজৰ তেলুগু ছবিবোৰৰ বাবে তেওঁ নিজেই ডাবিং কৰে।[3]

তেওঁ হায়দৰাবাদৰ ভিলা মেৰী ডিগ্ৰী কলেজৰপৰা ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে আৰু মাল্লা ৰেড্ডী ইঞ্জিনিয়াৰিং কলেজৰপৰা অভিযান্ত্ৰিক শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[4] স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ 'মিছ হায়দৰাবাদ' সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম ৰানাৰ্ছ-আপ ঘোষিত হৈছিল।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বাৰ্মাই তেলেগু চুটি ছবি অনুকোকুণ্ডাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১২ চনৰ '৪৮ এইচআৰ ফিল্ম প্ৰজেক্ট' প্ৰতিযোগিতাত এই চুটি ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাৰ লগতে বাৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।[6] পিছলৈ ২০১৩ চনত কান চলচ্চিত্ৰ মহোৎসৱৰ 'চুটি ছবি চুক'তো এই ছবিখন প্ৰদৰ্শিত হৈছিল।[7] তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল বাদশ্বাহ, য’ত তেওঁ পিংকী নামৰ এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰেম ইশ্ক কাধল ছবিত শ্ৰী বিষ্ণুৰ বিপৰীতে এগৰাকী কষ্টিউম ডিজাইনাৰ সমীৰাৰ চৰিত্ৰত অভিনয় কৰে।[8] পৰৱৰ্তী সময়ত তেওঁ না ৰাকুমাৰুডু (২০১৪) আৰু য়েভেডে চুব্ৰামণিয়ম (২০১৫) ছবিত অভিনয় কৰে।[9]

২০১৬ চনৰ ছবি পেল্লি ছুপুলুৰ জৰিয়তে বাৰ্মাই কেৰিয়াৰৰ আটাইতকেই ডাঙৰ সফলতা লাভ কৰে। বিজয় দেৱেৰাকোণ্ডাৰ বিপৰীতে ইয়াত তেওঁ চিত্ৰা নামৰ এগৰাকী উদ্যমী যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।[10] ছবিখন ব্যাৱসায়িকভাৱে সফল হোৱাৰ লগতে ই তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'নন্দী বঁটা' আৰু 'ফিল্মফেয়াৰ ক্ৰিটিকছ বঁটা' প্ৰদান কৰে।[11] ২০১৭ চনত তেওঁ নিখিল সিদ্ধাৰ্থৰ বিপৰীতে কেশৱত অভিনয় কৰে আৰু ভেলাইইল্লা পাট্টাধাৰী ২ত এটা কেমিঅ' চৰিত্ৰত ভূমুকি মাৰে।[12]

২০২০ চনত বাৰ্মাই দুলকুৱেৰ ছালমানৰ বিপৰীতে কান্নুম কান্নুম কোল্লাইয়াদিথালত মধু নামৰ এগৰাকী প্ৰৱঞ্চকৰ চৰিত্ৰত অভিনয় কৰে, যিখন ব্যাৱসায়িকভাৱে যথেষ্ট সফল হয়।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "On Ninnila Ninnila star Ritu Varma's birthday, fans pour love and special wishes". Zoom Entertainment. 10 March 2021. https://www.zoomtventertainment.com/telugu-cinema/article/on-ninnila-ninnila-star-ritu-varmas-birthday-fans-pour-love-and-special-wishes/730604 আহৰণ কৰা হৈছে: 19 March 2021.
  2. Kavirayani, Suresh (2016-08-06). "Rituaj Varma: A star in the making" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/060816/a-star-in-the-making.html আহৰণ কৰা হৈছে: 2019-07-29.
  3. 1 2 (en ভাষাত) Ritu Varma Special Interview | Diwali Special | Telugu News | TV5 News, 30 October 2016, https://www.youtube.com/watch?v=HHcOYzcA52A&t=441s, আহৰণ কৰা হৈছে: 2020-02-18
  4. "I got caught when i bunked: Ritu Varma". The New Indian Express. https://www.newindianexpress.com/education/edex/2016/oct/02/i-got-caught-when-i-bunked-ritu-varma-1518490.html আহৰণ কৰা হৈছে: 29 July 2019.
  5. "The hunt for go-getting Hyderabadi girls is on". The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2017/sep/07/the-hunt-for-go-getting-hyderabadi-girls-is-on-1653424.html আহৰণ কৰা হৈছে: 29 July 2019.
  6. "'Anukokunda' wins best 48-Hour Film award". The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2012/apr/15/anukokunda-wins-best-48-hour-film-award-358661.html আহৰণ কৰা হৈছে: 29 July 2019.
  7. Kavirayani, Suresh (17 August 2016). "Pellichoopulu director Tharun yet to make up his mind" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/170816/pellichoopulu-director-tharun-yet-to-make-up-his-mind.html আহৰণ কৰা হৈছে: 29 July 2019.
  8. "Prema Ishq Kadhal to be aired on TV soon". The Times of India. 6 November 2014. http://timesofindia.indiatimes.com/tv/news/telugu/Prema-Ishq-Kadhal-to-be-aired-on-TV-soon/articleshow/45059197.cms.
  9. "Ritu Varma to romance Nani". 15 January 2017. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Ritu-Varma-to-romance-Nani/articleshow/44837976.cms/.
  10. "Pelli Choopulu bags two national awards; is 'best film' in Telugu" (en ভাষাত). 8 April 2017. https://timesofindia.indiatimes.com/entertainment/telugu/movies/pelli-choopulu-bags-two-national-awards-is-best-film-in-telugu/articleshow/58066962.cms.
  11. Vasireddy, Amrutha (15 November 2017). "Nandi awards: Nandi Awards Winners List: AP government announces Nandi awards for 2014–2016" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/hyderabad/13-nandi-awards-for-baahubali/articleshow/61655551.cms আহৰণ কৰা হৈছে: 29 July 2019.
  12. "VIP 2 Review: Velaiilla Pattadhari 2 Theatrical Response & Rating". QuintDaily. 11 August 2017. http://quintdaily.com/2017/08/vip-2-review-velai-illa-pattathari-2-theatrical-response-rating/ আহৰণ কৰা হৈছে: 11 August 2017.
  13. "[VIDEOKannum Kannum Kollaiyadithal trailer out! Dulquer Salmaan as the lover boy will instantly win you over!"]. Times Now News. https://www.timesnownews.com/entertainment/south-gossip/article/videokannum-kannum-kollaiyadithal-trailer-out-dulquer-salmaan-as-the-lover-boy-will-instantly-win-you-over/460354.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]