সমললৈ যাওক

ৰিধিমা ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিধিমা ঘোষ

২০১৭ চনত ৰিধিমা
জন্ম ১৮ জানুৱাৰী, ১৯৮৯ (৩৭ বছৰ)
কলকাতা, পশ্চিমবংগ, ভাৰত
অন্য নাম ৰিধি
শিক্ষানুষ্ঠান লৰেটো হাউচ
ভৱানীপুৰ এডুকেশ্যন ছচাইটি কলেজ
পেচা অভিনেত্ৰী
দূৰদৰ্শনৰ আঁতধৰোঁতা
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান
জনা যায় ৰং মিলান্তি
উল্লেখযোগ্য কৰ্ম লেপটপ
ব্যোমকেশ (টিভি ধাৰাবাহিক)
ৰাজকাহিনী
মহানায়ক
ব্যোমকেশ (ৱেব ধাৰাবাহিক)
দ্বিতীয় পুৰুষ
নিখোঁজ
দাম্পত্যসঙ্গী গৌৰৱ চক্ৰৱৰ্তী (বি. ২০১৭)
সন্তান ধীৰ
আত্মীয়-স্বজন সব্যসাচী চক্ৰৱৰ্তী (শহুৰেক)
মিঠু চক্ৰৱৰ্তী (শাহুৱেক)
অৰ্জুন চক্ৰৱৰ্তী (দেওৰেক)

ৰিধিমা ঘোষ এগৰাকী ভাৰতীয় বাংলা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।[1] তেওঁ ২০০৭ চনত সংঘমিত্ৰা চৌধুৰীৰ ছবি ৰাতপৰিৰ ৰূপকথাৰ জৰিয়তে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত ২০০৯ চনত বাংলা ধাৰাবাহিক বৌ কথা কওৰ জৰিয়তে তেওঁ দূৰদৰ্শনত ভূমুকি মাৰে। তেওঁ ২০১১ চনৰ অন্যতম প্ৰশংসিত ছবি কৌশিক গাংগুলীৰ ৰং মিলান্তিত কৰা অভিনয়ৰ বাবে জনাজাত। এফএফএচিই (FFACE) কেলেণ্ডাৰৰ প্ৰথম সংস্কৰণৰ বাবে ৰিধিমা প্ৰথমগৰাকী চেলিব্ৰিটি মডেল হিচাপেও নিৰ্বাচিত হৈছিল।

ঘোষে কলকাতাৰ লৰেটো হাউচত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।[2] পৰৱৰ্তী সময়ত তেওঁ ভৱানীপুৰ এডুকেশ্যন ছচাইটি কলেজৰপৰা ইংৰাজী সাহিত্যত ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
স্বামী গৌৰৱৰ সৈতে ৰিধিমা

১৯৮৯ চনৰ ১৮ জানুৱাৰীত ভাৰতৰ পশ্চিমবংগৰ কলকাতাত ৰিধিমাৰ জন্ম হৈছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।[3] ২০১৭ চনৰ ২৮ নৱেম্বৰত তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক তথা অভিনেতা গৌৰৱ চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১০ চনৰ ৫ ছেপ্টেম্বৰত ৰং মিলান্তিৰ চিত্ৰনাট্য পাঠৰ সময়ত তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল।[4][5] ৰিধিমা অভিনেতা সব্যসাচী চক্ৰৱৰ্তী আৰু অভিনেত্ৰী মিঠু চক্ৰৱৰ্তীৰ বোৱাৰী। তেওঁৰ দেওৰেক হ’ল অভিনেতা অৰ্জুন চক্ৰৱৰ্তী।[6] ২০২৩ চনৰ ১৬ ছেপ্টেম্বৰত তেওঁ ধীৰ নামৰ এটা পুত্ৰ সন্তান জন্ম দিয়ে।[7]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰিধিমাই ষ্টাৰ জলছাৰ মেগা ধাৰাবাহিক বৌ কথা কওৰ জৰিয়তে দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে। ২০০৭ চনত মুক্তি পোৱা সংঘমিত্ৰা চৌধুৰীৰদ্বাৰা পৰিচালিত ৰাতপৰিৰ ৰূপকথাৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়। তেওঁ ২০১১ চনৰ ছেপ্টেম্বৰত মুক্তি পোৱা কৌশিক গাংগুলীৰ ৰং মিলান্তিৰ অভিনয়ৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[8]

ঘোষে ২০১৪ চনত কালাৰ্ছ বাংলাত সম্প্ৰচাৰিত ব্যোমকেশ ধাৰাবাহিকৰ জৰিয়তে পুনৰ দূৰদৰ্শনলৈ উভতি আহে। এই ধাৰাবাহিকখনত সত্যৱতীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ মাজত যথেষ্ট সুপৰিচিত হৈ পৰে।

হইচৈ ৱেব ধাৰাবাহিক ব্যোমকেশৰ (ছিজন ১–৮) জৰিয়তে তেওঁ অ’টিটি (OTT) জগতত ভৰি দিয়ে। ইয়াত তেওঁ কৰা সত্যৱতীৰ চৰিত্ৰটো দৰ্শক আৰু সমালোচক উভয়ৰেদ্বাৰা প্ৰশংসিত হৈছিল। ইয়াৰ পিছত তেওঁ আৰু কেইবাখনো ৱেব ধাৰাবাহিকত অভিনয় কৰে।[9]

২০২৪ চনত ঘোষে পুনৰ দূৰদৰ্শনলৈ উভতি আহে আৰু স্বামী অভিনেতা গৌৰৱ চক্ৰৱৰ্তীৰ সৈতে জি বাংলাৰ অনুষ্ঠান ৰন্ধনে বন্ধনৰ আঁত ধৰে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Ridhima Ghosh: Movies, Photos, Videos, News, Biography & Birthday | eTimes" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/topic/Ridhima-Ghosh আহৰণ কৰা হৈছে: 24 May 2024.
  2. Shohoj Katha (2025-03-07). Shohoj Katha | Episode 15 | Ridhima Ghosh | Rahul Arunoday Banerjee. Retrieved 2025-07-05 via YouTube.
  3. আনন্দ, ওয়েব ডেস্ক, এবিপি. "'এই জন্মদিনটা তোমাৰ জন্য কঠিন হ’লেও ভালো ৰাখাৰ চেষ্টা কৰব', ৰিধিমাকে গৌৰব" (bn ভাষাত). ABP Bengali. https://bengali.abplive.com/entertainment/riddhima-ghosh-birthday-actor-gaurav-chakrabarty-shares-an-adorable-post-on-riddhima-ghosh-s-birthday-860755 আহৰণ কৰা হৈছে: 6 February 2022.
  4. "Gaurav Chakrabarty Ridhima Ghosh Anniversary Kiss: গৌৰবেৰ ঠোঁটে ঠোঁট ৰেখে ভালোবাসা এঁকে দিলেন ৰিধিমা, কেন জানেন?" (bn ভাষাত). News18 Bengali. 24 November 2021. https://bengali.news18.com/news/entertainment/gaurav-chakrabarty-and-ridhima-ghosh-share-adorable-photo-on-wedding-anniversary-rc-694685.html আহৰণ কৰা হৈছে: 13 January 2022.[সংযোগবিহীন উৎস]
  5. "TIme to say I do!". The Telegraph (India). https://www.telegraphindia.com/entertainment/time-to-say-i-do/cid/1425551 আহৰণ কৰা হৈছে: 13 January 2022.
  6. সংবাদদাতা, নিজা. "Ridhima Ghosh-Arjun Chakrabarty: অৰ্জুন আমাকে 'বৌদি' বলে ডাকলে খুব ৰেগে যায়, কিন্তু আমাৰ বাৰণ শোনে না: ৰিধিমা". anandabazar.com. https://www.anandabazar.com/entertainment/riddhima-ghosh-shares-her-chemistry-with-her-brother-in-law-arjun-chakrabarty-dgtl/cid/1299735 আহৰণ কৰা হৈছে: 6 February 2022.
  7. "Ridhima Ghosh: 'মাতৃত্বেৰ উপহাৰ', ছেলে ধীৰেৰ সঙ্গে Mother's Day পালন, পোষ্ট ৰিধিমাৰ" (bn ভাষাত). Aaj Tak বাংলা. https://bangla.aajtak.in/cinema-and-tv-serial-news/story/tollywood-actress-ridhima-ghosh-share-her-picture-with-son-dheer-celebrate-mothers-day-she-share-a-picture-on-social-media-gaurav-and-ridhima-son-dheer-tollywood-entertainment-sum-1004722-2024-05-12 আহৰণ কৰা হৈছে: 6 June 2024.
  8. "Rang Milanti: 'ৰং মিলান্তি' টিমেৰ 'ৰিইউনিয়ন'! নষ্ট্যালজিয়ায় ডুব পাঁচ বন্ধুৰ" (bn ভাষাত). Hindustantimes Bangla. 23 February 2022. Archived from the original on 23 April 2024. https://web.archive.org/web/20240423040637/https://bangla.hindustantimes.com/entertainment/rang-milant-cast-reunion-shared-pics-gaurav-chakrabarty-on-instagram-31645592348621.html আহৰণ কৰা হৈছে: 13 June 2024.
  9. "Byomkesh’s OTT debut on Hoichoi gets hotter with the central characters’ First Look reveal" (en-US ভাষাত). 2017-09-02. https://www.medianews4u.com/byomkeshs-ott-debut-on-hoichoi-gets-hotter-with-the-central-characters-first-look-reveal/ আহৰণ কৰা হৈছে: 2025-03-31.
  10. "Gaurav and Ridhima are set to host ‘Randhane Bandhan’ together; Share their food preferences". The Times of India. 2024-05-18. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/bengali/gaurav-and-ridhima-are-set-to-host-randhane-bandhan-together-share-their-food-preferences/articleshow/110232777.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]