ৰিপুনাথ বুঢ়াগোহাঞি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিপুনাথ বুঢ়াগোহাঞি
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

ৰিপুনাথ বুঢ়াগোহাঞি (ইংৰাজী: RIPUNATH BURAGOHAIN) আছিল এগৰাকী অসমীয়া লেখক৷ ১৯২৪ চনত শিৱসাগৰত অনুষ্ঠিত ‌অসম সাহিত্যি সভাৰ বাষিৰ্ক অধিবেশনত তেখেতে এজন‌ স্বেচ্ছা সেৱক হিচাপে‌ যোগদান কৰিছিল । তেওঁ পূৰ্বাঞ্চল তাই সাহিত্যিসভাৰ এগৰাকী উপদেষ্টা স্বৰূপ কৰ্মী আছিল তথা ডিব্ৰুগড় জিলা তাই সাহিত্যি সভাৰ মূল সংগঠনৰ গুৰি ধৰোতা আছিল ।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

ৰিপুনাথ বুঢ়াগোহাঞিৰ জন্ম হয় শিৱসাগৰ জিলাত। তেওঁৰ পিতৃৰ নাম মুক্তানাথ বুঢ়াগোহাঞি আৰু মাতৃৰ নাম লীলাৱতী আইদেউ।[1]

শিক্ষা[সম্পাদনা কৰক]

  1. শিৱসাগৰৰ জয়া পাৰাৰ এল,পি,স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি ৰিপুনাথ বুঢ়াগোহাঞিয়ে শিৱসাগৰৰ চৰকাৰী হাইস্কুলত ভৰ্তি হয় ।
  2. ১৯৩০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
  3. ১৯৩৩ চনৰ পৰা ১৯৩৭ চনলৈ প্ৰায় ৩ বছৰ কাল তেখেতে আসাম টেস্কটাইল ইনষ্টিটিউত প্ৰশিক্ষণ লয়।[2]

চাকৰি জীৱন[সম্পাদনা কৰক]

  1. ১৯৪৩ চনত বুঢ়াগোহাঞিয়ে শিৱসাগৰৰ কাছাৰীত পেস্কাৰ হিচাপে চাকৰি জীৱনৰ পাতনি মেলে ।
  2. ১৯৪৬ চনত ৰেছম আৰু বয়ন বিভাগত পৰিদৰ্শক চাকৰিত যোগদান কৰে ।[3]

সাহিত্যৰাজি[সম্পাদনা কৰক]

কবিতা পুথি

  1. এপাহী ফুল
  2. সন্ধিয়াৰ সুৰধ্বনি
  3. পৰাধীনতাৰ কৰুণ কাহিনী
  4. এনাজৰী [4]

নাটক

  1. অজাত শক্ৰ
  2. তেজৰ আহুতি
  3. সমাধান
  4. বীৰ নুমলী গোহাঁই
  5. ৰাণী চন্দ্ৰপ্ৰভা
  6. ধৰ্মৰ মাহাত্ম্য
  7. লাও খোলা
  8. পূণানন্দ বুঢ়াগোহাঁই
  9. মোমাই তামুলি বৰবৰা
  10. ঘনশ্যাম ৰাজখনিকৰ
  11. ৰহঘৰা
  12. ডাৱৰে ঢকা জোন
  13. লৰাই পানী পেলায় বৰ পিচলি পৰে
  14. সতী ৰূপৱতী
  15. কুম্বী কুমাৰ‌
  16. ঘৰ জুই
  17. লক্ষণ বৰ্জন
  18. শেষ পৰিচয়
  19. বোকা গাঁৱৰ সভা
  20. যেন কুকুৰ তেন টাঙোন [5]

উপন্যাস

  1. জোনাকৰ জেউতি
  2. ৰঙা তেজৰ বগা নৈ
  3. মৰহা ফুলৰ জীয়া পাপৰি
  4. হেৰুৱা সুৰৰ সেই ধ্বনি
  5. বসন্ত বা লাগি
  6. পুনৰ মিলন
  7. ৰূপৱতী
  8. সাগৰ সাঁতুৰী
  9. সৰ্বহাৰা [6]

জীৱনী পুথি

  1. মুক্তানাথ বুঢ়াগোঁহাঞি ডাঙৰীয়া
  2. সৰুকণ চুতীয়া
  3. ৰুচীনাথ বুঢ়াগোহাঞি [7]

গীতৰ পুথি

  1. গীত ফুল
  2. গীত মাধুৰী
  3. বৰগীত
  4. বিহুগীত
  5. দেহ বিচাৰৰ গীত [8]

বুৰঞ্জীমূলক পুথি

  1. ৰঙা আৰোৱান
  2. বুৰঞ্জী সম্ভাৰ
  3. ৰজাঘৰীয়া বুৰঞ্জী
  4. বুৰঞ্জী আৰু আমি
  5. সিদিনাৰ কথা [9]

অন্যান্য পুথি

  1. মানুহৰ লক্ষণ বিচাৰি
  2. মহাভাৰতৰ মোহনীয় কথা
  3. পীৰিতি সাগৰ
  4. স্বৰ্গদেউ ছ্যুকাফা
  5. কথামালা [10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং : ১৩৭
  2. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং : ১৩৭
  3. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং : ১৩৭
  4. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং: ১৩৮
  5. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং : ১৩৮
  6. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং: ‌১৩৮
  7. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং: ১৩৮
  8. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং: ১৩৮
  9. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং: ১৩৮
  10. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, পৃষ্ঠা নং: ১৩৯