ৰিমি নাৎছুকাৱা
ৰিমি নাটছুকাৱা (জাপানী: 夏川 りみ, ইংৰাজী: Rimi Natsukawa; জন্ম: ৯ অক্টোবৰ ১৯৭৩)[1] এগৰাকী জাপানী লোক-গায়িকা। ২০০১ চনত মুক্তি পোৱা তেওঁৰ একক গীত "নাডা ছ'ছ'"ৰ বাবে তেওঁ পৰিচিত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নাৎছুকাৱাৰ জন্ম হৈছিল য়ায়েয়ামা দ্বীপপুঞ্জ শৃংখলৰ আটাইতকৈ ডাঙৰ চহৰ ইছিগাকিত। সৰুৰে পৰাই তেওঁ গান গাই ভাল পাইছিল, আৰু দেউতাকক য়ায়েয়ামা লোকগীত, যেনে "চুকি নু কাইছা" (月ぬ美しゃ, চন্দ্ৰৰ সৌন্দৰ্য্য) আৰু "ডেনছা বুছি" (デンサー節, পৰম্পৰাগত গীত) গোৱা শুনি তেঁৱো গায়িকা হ'ব বিচাৰিছিল।[2][3] ৭ বছৰ বয়সৰ পৰাই এনকা সংগীতৰ গায়িকা হ’বলৈ তেওঁ দেউতাকৰ সৈতে প্ৰতিদিনে দুঘণ্টাকৈ অনুশীলন কৰিছিল। ৯ বছৰ বয়সত তেওঁ Chibikko Nodo Jiman Daikai নামৰ স্থানীয় সংগীত প্ৰতিযোগিতাত জয়ী হৈছিল। ইয়াৰ পিছত নাৎছুকাৱা বিভিন্ন প্ৰতিযোগিতাত জয়লাভ কৰে আৰু ১৯৮৪ চনত এমবিএছ টিভি অনুষ্ঠান শ্বিৰোটো মেইজি-কাই (素人名人会, এমেচাৰ মাষ্টাৰ মিট)ৰ চূড়ান্ত বঁটা লাভ কৰে। ১৯৮৬ চনত তেওঁ নাগাছাকি কায়োছাই (長崎歌謡祭, নাগাছাকি গীত উৎসৱ)ৰ চূড়ান্ত বঁটা লাভ কৰে আৰু তেওঁ সেই সময়ত এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি আছিল।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৯ চনৰ ১ জানুৱাৰীত নাৎছুকাৱাই পাৰ্কাচনিষ্ট মাছাকি তামাকি (玉木正昭, তামাকি মাছাকি)ক বিয়া কৰায়।[4] ২০১০ চনৰ ২০ আগষ্টত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "夏川 りみ | プロフィール | ビクターエンタテインメント" (ja ভাষাত). jvcmusic.co.jp. https://www.jvcmusic.co.jp/-/Profile/A013136.html। আহৰণ কৰা হৈছে: 2021-12-22.
- ↑ 2.0 2.1 "歌手 夏川 りみさん". Wendy. 2005. http://www.wendy-net.com/nw/person/200.html। আহৰণ কৰা হৈছে: 2010-02-02.
- ↑ "あっと九州/夏川 りみインタビュー". Atkyushu. July 2005. Archived from the original on 2009-01-05. https://web.archive.org/web/20090105185645/http://www.atkyushu.com/interview_15.jsp। আহৰণ কৰা হৈছে: 2010-02-02.
- ↑ 歌手の夏川りみさん、元日に結婚…パーカッション演奏家と (Singer Natsukawa Rimi will marry on New Year's... to percussionist). Yomiuri Shimbun. 28 December 2008. Accessed 30 December 2008.
- ↑ "Birth Announcement" (Japanese ভাষাত). Official website. Archived from the original on 2010-08-22. https://web.archive.org/web/20100822042144/http://www.rimirimi.jp/free/info.html?id=1282294557&select=NEWS। আহৰণ কৰা হৈছে: 2010-08-20.