সমললৈ যাওক

ৰিয়া মজুমদাৰ সিংঘাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিয়া মজুমদাৰ সিংঘাল
জন্ম ১৯৮২
মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ব্রিষ্টল, অক্সফর্ড আৰু হার্ভাৰ্ড বিশ্ববিদ্যালয়
পেচা ইকোৱেৰ ছলিউচনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া
জনা যায় নাৰি শক্তিপুৰস্কাৰ বঁটা লাভ কৰি যুৱ উদ্যমী

ৰিয়া মজুমদাৰ সিংঘাল (ইংৰাজী: : Rhea Mazumdar Singhal জন্ম ১৯৮২); হৈছে জৈৱ-বিঘ্নিত ডিচপ’জেবল সামগ্ৰী সৃষ্টি কৰা এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁৰ বঁটাসমূহৰ ভিতৰত নাৰী শক্তিপুৰস্কাৰ অন্তভুক্ত।

১৯৮২ চনত মুম্বাইত জন্মগ্ৰহণ কৰা সিংঘালে ব্রিষ্টল, অক্সফর্ড আৰু হার্ভাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। লণ্ডন আৰু ডুবাইত জীৱনৰ কিছু সময় কটায় আৰু ২০০৯ চনত ভাৰতলৈ উভতি আহে। ফাইজাৰ ফাৰ্মাচিউটিকেল কোম্পানীটোৰ লণ্ডনস্তিত কাৰ্যালয়ত বিক্ৰীৰ কাম কৰিছিল আৰু তাত পুনঃব্যৱহাৰৰ বাবে চিন্তা নকৰাকৈ এক বৃহৎ পৰিমানৰ প্লাষ্টিক পেলাই দিয়া দেখি তাই আচৰিত হৈছিল। ২০০৯ চনৰ মে' মাহত তেওঁ ভাৰতত জৈৱ-বিঘ্নিত সামগ্ৰী সৃষ্টিৰ বাবে ১ মিলিয়ন ডলাৰৰ এটা কোম্পানী আৰম্ভ কৰে।[1]

সিংঘালে ২০১৯ চনৰ মাৰ্চ মাহত নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল

তেওঁ ২০ জন কৰ্মচাৰীৰ সৈতে এই কোম্পানীটোৰ কাম অৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ সামগ্ৰী সমূহ বজাৰত বিক্ৰি কৰিবলৈ ওলাইছিল যদিও তেওঁ ভাল সমাদৰ লাভ কৰা নাছিল।[1] তেওঁৰ সামগ্ৰীসমূহ ৯০ দিনৰ ভিতৰত মাটিত জৈৱ-বিঘ্নিত হৈ মিলি যায়[1] Her products would biodegrade in soil in 90 days[1] আৰু ইয়াৰ তুলনাত সাধাৰণ প্লাষ্টিক মাটিৰ লগত পচি নাযায়, য'ত প্ৰতিজন মানুহে ব্যৱহাৰ কৰা প্ৰথম পেলনীয়া প্লাষ্টিক এতিয়াও নপচা কৈ কোনো ঠাইত অৱশিষ্ট হৈ আছে।[1]

তেওঁৰ কোম্পানীটোয়ে কাটলেৰী আৰু প্লেটৰ দৰে ডিচপ’জেবল সামগ্ৰীৰ বৃহৎ পৰিসৰ তৈয়াৰ কৰে। এই বোৰ শস্য উদ্যোগৰ আৱৰ্জনাৰে তৈয়াৰ কৰা হয়। তাই লাভ কৰা অন্যতম গুৰুত্বপূৰ্ণ গ্ৰাহক হৈছে ভাৰতীয় ৰেলৱে।[2]

২০১৯ চনত ভাৰতত "বহনক্ষম খাদ্য পেকেজিং উদ্যোগৰ পথ প্ৰদৰ্শক"ৰ বাবে তেওঁক 'মহিলা শক্তি বঁটা' (নাৰী ​​শক্তিপুৰস্কাৰ) প্ৰদান কৰা হয়। মনোনীত হোৱা ১০০০ৰো অধিক লোকৰ মাজৰ পৰা তেওঁক নিৰ্বাচিত কৰা হৈছিল।[3] নতুন দিল্লীৰ ৰাষ্ট্ৰপতি প্ৰসাদৰ ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰা হয়। বিশেষকৈ ভাৰতৰ মহিলাসকলৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা ৪০ গৰাকীৰো অধিক মহিলাৰ ভিতৰত তেওঁ অন্যতম। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰিছিল।[4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Sood, Kartik (2019-03-01). "This Entrepreneur Makes Tableware that Turn into Soil in 90 days" (en ভাষাত). Entrepreneur. https://www.entrepreneur.com/article/329270 আহৰণ কৰা হৈছে: 2020-05-23.[সংযোগবিহীন উৎস]
  2. WCD, Ministry of (2019-03-08). "Ms. Rhea Mazumdar Singhal - #NariShakti Puraskar 2018 Awardee in Individual category.pic.twitter.com/2lYJ26G3Vk" (en ভাষাত). @ministrywcd. https://twitter.com/ministrywcd/status/1104012922383200256 আহৰণ কৰা হৈছে: 2020-05-23.
  3. ecoideaz (2019-04-03). "Ecoware founder Rhea Mazumdar Singhal receives Nari Shakti Puraskar" (en-US ভাষাত). EcoIdeaz. https://www.ecoideaz.com/eco-news-india/ecoware-founder-rhea-mazumdar-singhal-receives-nari-shakti-puraskar আহৰণ কৰা হৈছে: 2020-05-23.
  4. "Snehlata Nath conferred with the Prestigious Nari Shakthi Puraskar Award" (en-US ভাষাত). Keystone Foundation. 2019-03-12. https://keystone-foundation.org/snehlata-nath-conferred-with-the-prestigious-nari-shakthi-puraskar-award/ আহৰণ কৰা হৈছে: 2020-04-27.
  5. 1 2 3 "Rhea Mazumdar Singhal" (en ভাষাত). World Economic Forum. https://www.weforum.org/people/rhea-mazumdar-singhal/ আহৰণ কৰা হৈছে: 2020-05-23.