সমললৈ যাওক

ৰীতা বহুগুণা যোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীতা বহুগুণা যোশী
সংসদ সদস্য, লোকসভা
কাৰ্যকাল
২৩ মে' ২০১৯ – ৪ জুন ২০২৪
পূৰ্বসূৰী শ্যামা চৰণ গুপ্তা
উত্তৰসূৰী উজ্জ্বল ৰমন সিং
সমষ্টি এলাহাবাদ
মহিলা কল্যাণ, পৰিয়াল কল্যাণ, প্ৰসূতি আৰু শিশু কল্যাণ আৰু পৰ্যটন মন্ত্ৰী উত্তৰ প্ৰদেশ চৰকাৰ
কাৰ্যকাল
১৬ মে' ২০১৭ – ২৩ মে' ২০১৯
বিধানসভাৰ সদস্য, উত্তৰ প্ৰদেশ
কাৰ্যকাল
৭ মাৰ্চ ২০১২ – ২৩ মে' ২০১৯
পূৰ্বসূৰী সুৰেশ চন্দ্ৰ তিৱাৰী
উত্তৰসূৰী সুৰেশ চন্দ্ৰ তিৱাৰী
সমষ্টি লক্ষ্ণৌ কেণ্ট
উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিসভাপতি
কাৰ্যকাল
১২ ছেপ্টেম্বৰ ২০০৭ – ২৯ আগষ্ট ২০১২
পূৰ্বসূৰী ছলমান খুৰশ্বিদ
উত্তৰসূৰী নিৰ্মল খাত্ৰী
ব্যক্তিগত তথ্য
জন্ম ২২ জুলাই, ১৯৪৯ (৭৬ বছৰ)
এলাহাবাদ, সংযুক্ত প্ৰদেশ, ভাৰত
ৰাজনৈতিক দল Bharatiya Janata Party (২০১৬–)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯২-২০১৬)
দাম্পত্যসঙ্গী পুৰাণ চন্দ্ৰ যোশী (মৃত্যু ১৯৭৬)
সমন্ধ হেমৱতী নন্দন বহুগুণা (পিতৃ)
কমলা বহুগুণা (মাতৃ)
বিজয় বহুগুণা (ককায়েক)
সন্তান মায়ংক যোশী
বাসস্থান লক্ষ্ণৌ
ৱেবছাইট ritabjoshi.in

ৰীতা বহুগুণা যোশী (ইংৰাজী: Rita Bahuguna Joshi; জন্মঃ ২২ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এসময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈকে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমৱতী নন্দন বহুগুণাৰ তেওঁ কন্যা। ২০১৬ চনৰ ২০ অক্টোবৰত ভাৰতীয় জনতা পাৰ্টিত তেওঁ যোগদান কৰিছিল। ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ পৰা ভাৰতীয় জনতা পাৰ্টি সদস্য হিচাপে তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰীতা বহুগুনা যোশী ইউ.পি.ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত এইচ এন বহুগুণাৰ কন্যা। তেওঁৰ মাতৃ প্ৰয়াত কমলা বহুগুণা এগৰাকী প্ৰাক্তন সাংসদ আছিল। ইতিহাসত এম এ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰা যোশী এলাহাবাদ বিশ্ববিদ্যালয়ৰ মধ্যযুগীয় আৰু আধুনিক ইতিহাসৰ অধ্যাপিকা আছিল। তেখেতে "দক্ষিণ এছিয়াৰ আটাইতকৈ বিশিষ্ট মহিলা মেয়ৰ" হিচাপে ৰাষ্ট্ৰসংঘৰ উৎকৃষ্টতাৰ বঁটাও লাভ কৰিছে।[3] ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ দুখন ইতিহাসৰ গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ মধ্যযুগীয় আৰু আধুনিক ইতিহাসৰ অধ্যাপিকাও আছিল।[4]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

ৰীতা বহুগুণা ১৯৯৫ চনৰ পৰা ২০০০ চনলৈ এলাহাবাদৰ মেয়ৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ প্ৰাক্তন উপ-সভানেত্ৰী, ২০০৩ চনৰ পৰা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ আৰু ২০০৭ চনৰ ছেপ্টেম্বৰৰ পৰা উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আছিল। তেওঁ দুবাৰকৈ লোকসভাৰ নিৰ্বাচনত বিফল হৈছিল। ২০১২ চনৰ ৰাজ্যিক নিৰ্বাচনত লক্ষ্ণৌ ছাউনীৰ পৰা তেওঁ বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লক্ষ্ণৌৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু পৰাস্ত হৈছিল।[5]

কংগ্ৰেছত ২৪ বছৰ কটোৱাৰ পিছত ২০ অক্টোবৰ, ২০১৬-ত তেওঁ বিজেপিৰ সভাপতি অমিত শ্বাহৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

পেট্ৰিচ লুমুম্বা বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰ পি চি যোশীৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়; মায়ংক যোশী তেওেঁলাকৰ পুত্ৰ। তেওঁৰ দুজন ভাতৃৰ ভিতৰৰ বিজয় বহুগুণ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আছিল আৰু শেখৰ বহুগুণাই ২০১২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ফাফামাউ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিফল হৈছিল।

ৰীতা বহুগুণাই ২০০৩ চনৰ পৰা ২০০৮ চনলৈকে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ভাৰতীয় মহিলাৰ পক্ষত কাম কৰি আহিছে। তৃণমূল পৰ্যায়ত নাৰী আন্দোলনৰ লগত জড়িত হৈ তেওঁ মহিলাসকলৰ বাবে কেইবাখনো আলোচনা চক্ৰ, বিক্ষোভ আদিৰ আয়োজন কৰিছিল। ১৯৯১–৯২ চনৰ উত্তৰ প্ৰদেশৰ স্থানীয় সংস্থাত মহিলাৰ বাবে সংৰক্ষণ আন্দোলনত তেওঁ সক্ৰিয় নেতৃত্ব দিছিল। নাৰীৰ ওপৰত হোৱা অন্যায় আৰু উত্তৰ প্ৰদেশৰ ঘটা ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে‍ ২০০৯ চনত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ মহিলাসকলক দুৰ্দশাৰ পৰা মুক্তি দিয়াৰ বাবে কৰা তেওঁৰ প্ৰচেষ্টাৰ বাবে তেওঁক ২০০১ চনৰ জুন মাহত থাইলেণ্ডৰ ফিটছানুলোকত "দক্ষিণ এছিয়াৰ আটাইতকৈ বিশিষ্ট মহিলা মেয়ৰ" হিচাপে ৰাষ্ট্ৰসংঘৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰা হয়।

ৰীতা বহুগুণা যোশী ব্যক্তিগত ট্ৰেজেডীত ভুগিছিল, ২০২০ চনৰ দীপাৱলী উৎসৱৰ সময়ত তেওঁৰ পুত্ৰ মায়ংকৰ কন্যা তথা ছবছৰীয়া নাতিনী কিয়া যোশীৰ সৈতে খেলি থাকোঁতে জুইত পোৰাৰ ফলত প্ৰয়াগৰাজত তেওঁৰ মৃত্যু হয়।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rajiv Mani (23 May 2019). "BJP record win in both seats of Allahabad". The Times of India. https://timesofindia.indiatimes.com/india/bjp-record-win-in-both-seats-of-allahabad/articleshow/69468228.cms। আহৰণ কৰা হৈছে: 25 March 2020. 
  2. Rajiv Mani (25 May 2019). "Allahabad, Phulpur's wait for woman MP finally ends". The Times of India. https://timesofindia.indiatimes.com/city/allahabad/allahabad-phulpurs-wait-for-woman-mp-finally-ends/articleshow/69488412.cms। আহৰণ কৰা হৈছে: 25 March 2020. 
  3. "Uttar Pradesh Congress Committee". Uttarpradeshcongress.com. Archived from the original on 2016-10-18. https://web.archive.org/web/20161018112639/http://www.uttarpradeshcongress.com/upcc_president.php। আহৰণ কৰা হৈছে: 2016-10-20. 
  4. "Rita Bahuguna Joshi: Age, Biography, Education, Husband, Caste, Net Worth & More" (en ভাষাত). Oneindia. https://www.oneindia.com/politicians/rita-bahuguna-joshi-40088.html। আহৰণ কৰা হৈছে: 2020-11-18. 
  5. "Election LIVE: BJP's third candidate list out, Ram Kripal to contest from Patliputra against Lalu's daughter". The Indian Express. 2014-03-14. http://indianexpress.com/article/india/politics/election-live-2014-march-13/. 
  6. "Setback for Congress, Rita Bahuguna Joshi joins BJP". The Times of India. 20 October 2016. http://timesofindia.indiatimes.com/india/Big-setback-for-Congress-Rita-Bahuguna-Joshi-joins-BJP/articleshow/54956504.cms. 
  7. "Rita Bahuguna Joshi Granddaughter: Granddaughter of BJP MP Rita Bahuguna Joshi dies of burns in Prayagraj". 17 November 2020. https://timesofindia.indiatimes.com/city/allahabad/granddaughter-of-bjp-mp-rita-bahuguna-joshi-dies-of-burns-in-prayagraj/articleshow/79256936.cms.