ৰীতা ভাদুৰী
ৰীতা ভাদুৰী | |
---|---|
![]() ২০১২ত ভাদুৰী | |
জন্ম | ০৪ নৱেম্বৰ, ১৯৫৫ ইন্দোৰ, মধ্যপ্ৰদেশ, ভাৰত |
মৃত্যু | ১৭ জুলাই, ২০১৮ (৬২ বছৰ)[1][2] মুম্বাই, মহাৰাষ্ট্ৰ |
পেচা | চলচ্চিত্ৰ আৰু টেলিভিচন অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬৮-২০১৮ |
ৰীতা ভাদুৰী (ইংৰাজী: Rita Bhaduri; ৪ নৱেম্বৰ ১৯৫৫ – ১৭ জুলাই ২০১৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ গুজৰাটী চিনেমাতো কাম কৰিছে।[3] তেওঁক কেতিয়াবা অভিনেত্ৰী জয়া বচ্চনৰ ভগ্নী আৰু অভিনেতা ৰাজীৱ বাৰ্মাৰ পত্নী ৰীতা ভাদুৰী বুলি ভুল কৰা হয়।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭০, ১৯৮০ আৰু ১৯৯০ৰ দশকত মূলতঃ বলীউডৰ বিভিন্ন ছবিত সহযোগী অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। ১৯৭৩ চনত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট (FTII), পুনে শিক্ষাৰ্থী আছিল। অভিনেত্ৰী জাৰিনা ৱাহাব তেওঁৰ বেচ্চৰে আছিল।[4]
“জুলী” (১৯৭৫) ছবিখনত জুলীৰ বান্ধৱীৰ ৰূপত অভিনয় কৰিছিল, য'ত তেওঁৰ ওপৰত "য়ে ৰাতেঁ নয়ী পুৰাণী" গীতটো চিত্ৰিত কৰা হৈছিল। কমল হাছানৰ সৈতে মালয়ালম ছবি কন্যাকুমাৰীত তেওঁৰ ভূমিকাক মাইলৰ খুটি হিচাপে বিবেচনা কৰা হয়।
১৯৭৬ চনত গুজৰাটী ছবি “লাখো ফুলানী”ত তেওঁ কৰা অভিনয় হিট হৈছিল আৰু পৰৱৰ্তী ৮ বছৰ গুজৰাটী চলচ্চিত্ৰত কাম কৰি গৈছিল আৰু গুজৰাটী চলচ্চিত্ৰৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল।[5]
১৯৭৯ চনৰ ৰাজশ্ৰী প্ৰডাকচনৰ এখন ছবি “সাৱন কো আনে দো” আৰু “ৰাজা” (১৯৯৫)ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।[6] পিছলৈ তেওঁৰ ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে সম্প্ৰচাৰ হোৱা টিভি ধাৰাবাহিক “গৃহলক্ষ্মী কা জীন” জনপ্ৰিয় হৈছিল। ১৯৯৬ চনত তেওঁ নবীন নিচল আৰু ৰাজ মহম্মদৰ সৈতে “প্যাৰ জিন্দেগী হ্যায়”ত কাম কৰে। এই ছবিখনৰ শ্বুটিং হায়দৰাবাদত হৈছিল।
ৰীতা ভাদুৰীয়ে ধাৰাবাহিক “নিমকি মুখীয়া”ত আইতাকৰ চৰিত্ৰত অভিনয় কৰে[7] আৰু এয়াই আছিল তেওঁৰ শেষ অভিনয়।[7]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Veteran TV & film actress, Rita Bhaduri, passes away at 62". The Economic Times. 17 July 2018. Archived from the original on 17 July 2018. https://web.archive.org/web/20180717154127/https://economictimes.indiatimes.com/magazines/panache/kabhi-haan-kabhi-naa-actress-rita-bhaduri-passes-away-at-62/articleshow/65018915.cms.
- ↑ "Zarina Wahab mourns over the demise of veteran actress Rita". Tejashree Bhopatkar. 17 July 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/zarina-wahab-mourns-over-the-demise-of-veteran-actress-rita-bhaduri/articleshow/65018742.cms। আহৰণ কৰা হৈছে: 17 July 2018.
- ↑ "I'm still learning as an actor: Rita Bhaduri". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Im-still-learning-as-an-actor-Rita-Bhaduri/articleshow/9884000.cms.
- ↑ "First batch looks back at good old days TNN". The Times of India. 21 March 2010. Archived from the original on 2012-07-14. https://archive.today/20120714151913/http://articles.timesofindia.indiatimes.com/2010-03-21/pune/28142907_1_diploma-films-ftii-students-main-theatre.
- ↑ Thakkar, Rakesh (30 November 2021). "રીટા ભાદુરીને ‘જૂલી’ થી લાભ ના થયો" (gu ভাষাত). Chitralekha. https://chitralekha.com/features/bollywood-ki-baten/rita-bhaduri-as-usha-bhattacharya-julie-1975/। আহৰণ কৰা হৈছে: 1 September 2024.
- ↑ "Filmfare Nominees and Winners". http://deep750.googlepages.com/FilmfareAwards.pdf। আহৰণ কৰা হৈছে: 24 February 2011.
- ↑ "I play an aggressive beta in my current show shot in Mirzapur: Bareilly actor Jatin Suri". The Times of India. http://timesofindia.indiatimes.com/city/bareilly/i-play-an-aggressive-beta-in-my-current-show-shot-in-mirzapur-bareilly-actor-jatin-suri/articleshow/60338902.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰীতা ভাদুৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Reeta Bhaduri at Bollywood Hungama [[শ্ৰেণী:হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী