সমললৈ যাওক

ৰীতিকা বজিৰাণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীতিকা জিনা বজীৰাণী
জন্ম ৯ আগষ্ট, ১৯৬২
পাটিয়ালা, ভাৰত
মৃত্যু ১৬ জুলাই, ২০০৩ (৪০ বছৰ)
চেভী চেচ, মাৰিলেণ্ড, যুক্তৰাষ্ট্ৰ
পেচা লেখিকা
ৰাষ্ট্ৰীয়তা আমেৰিকান
ধৰণ কবিতা
উল্লেখনীয় কৰ্মৰাজি হোৱাইট এলিফেণ্টচ, ৱাৰ্ল্ড হোটেল, ৰাধা ছেচ

ৰীতিকা জিনা বজীৰাণী (৯ আগষ্ট ১৯৬২ – ১৬ জুলাই ২০০৩)[1] এগৰাকী ভাৰতীয়-মূলৰ আমেৰিকান অভিবাসী কবি আৰু শিক্ষয়িত্ৰী আছিল।[2]

বজীৰাণীয়ে ১৯৬২ চনত ভাৰতৰ পাটিয়ালাত জন্ম গ্ৰহণ কৰে। ১৯৬৮ চনত আমেৰিকালৈ যোৱাৰ সময়ত তেওঁ ছবছৰীয়া আছিল। তেওঁৰ পিতৃ সুন্দৰ বজীৰাণীজন এগৰাকী শল্যচিকিৎসক আছিল আৰু ইলিনয় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল। পিছত তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ দন্ত চিকিৎসা অনুষদৰ সহকাৰী ডীন হৈছিল।

ৰীতিকাই চিলভাৰ স্প্ৰিং, মাৰিলেণ্ডৰ স্প্ৰিংব্ৰুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা উত্তীৰ্ণ হৈ ৱেলেছলী কলেজত উচ্চ শিক্ষা লাভ কৰে আৰু ১৯৮৪ চনত উত্তীৰ্ণ হয়। ইয়াত থাকোঁতে তেওঁ থমাছ জে ৱাটছন ফেল’শ্বিপ লাভ কৰিছিল আৰু এই বৃত্তিৰ সহায়ত ভাৰত, থাইলেণ্ড, জাপান, আৰু চীন ভ্ৰমণ কৰে। তাৰ পিছত তেওঁ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ Hoyns Fellow হিচাপে এম.এফ.এ. লাভ কৰে।[3]

বজীৰাণীয়ে ট্ৰেণ্টন, নিউ জাৰ্চিত নিজৰ পুত্ৰ জেহানৰ সৈতে বাস কৰিছিল। তেওঁৰ স্বামী আছিল ইউচেফ কমুনিয়াকা। তাত থাকোঁতে তেওঁ The College of New Jersey-ত অতিথি শিক্ষকে ৰূপে সৃজনশীল লেখা পাঠ কৰিছিল।[4]

মৃত্যুৰ সময়ত বজীৰাণী College of William & Mary-ৰ Writer-in-Residence আছিল আৰু এম’ৰি বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰিব লগা আছিল।[5]

২০০৩ চনৰ ১৬ জুলাই তাৰিখে, তেওঁ চেভী চেচ, মাৰিলেণ্ডস্থিত ঔপন্যাসিক হাৱাৰ্ড নৰ্মান আৰু তেওঁৰ পত্নী কবি জেইন চোৰৰ ঘৰত হাউছ-চিটিং কৰি আছিল। তাত বজীৰাণীয়ে নিজৰ দু-বছৰীয়া পুত্ৰ জেহানক ছুৰিৰে একাধিকবাৰ আঘাত কৰে আৰু পিছত নিজেও আত্মহত্যা কৰে।[6][7][8]

সাহিত্যিক কৰ্ম

[সম্পাদনা কৰক]

বজীৰাণী দুটা কবিতাৰ সংকলন প্ৰকাশ কৰিছিল, সেয়া হ'ল: হোৱাইট এলিফেণ্টচ[9] (1995 Barnard New Women Poets Prize) আৰু ৱাৰ্ল্ড হোটেল (কপাৰ কেনিয়ন প্ৰেছ, ২০০২)।[10] দ্বিতীয়খন গ্ৰন্থই ২০০৩ চনৰ Anisfield-Wolf Book Award লাভ কৰিছিল।

তেওঁ শ্বেনাণ্ডোহৰ উপদেষ্টা সম্পাদিকা, Callalooৰ পুস্তক সমালোচক সম্পাদিকা আৰু দক্ষিণ এছীয় সাহিত্য সাময়িকী Catamaranৰ জ্যেষ্ঠ কবিতা সম্পাদিকা আছিল। তেওঁ উৰ্দু ভাষাৰ কবিতাও অনুবাদ কৰিছিল আৰু তেওঁৰ কেইবাটাও কবিতা ইটালিয়ান ভাষালৈ অনূদিত হৈছিল।[11]

তেওঁৰ ‘‘Mouth-Organs and Drums’’ নামৰ কবিতাটো Poets Against the War (Nation Books, 2003) সংকলনত প্ৰকাশিত হৈছে।[12]

তেওঁৰ শেষ গ্ৰন্থখন হ'ল লেচলি মেকগ্ৰাথ আৰু ৰবি শংকৰৰদ্বাৰা সম্পাদিত ৰাধা ছেচ, যিখন ২০০৯ চনত Drunken Boat Media-এ প্ৰকাশ কৰে।[13]

  • ২০০৩ — এনিছফিল্ড-উলফ বুক এৱাৰ্ড[14]
  • ১৯৯৫ — বাৰ্নাৰ্ড মহিলা কবি বঁটা

তেওঁ ডিস্কভাৰী/দ্য নেচন বঁটা, পুছকাৰ্ট বঁটা, পয়েটছ এণ্ড ৰাইটাৰ্ছ এক্সচেঞ্জ প্ৰগ্ৰেম বঁটা, ব্ৰেড ল'ফ আৰু চেৱানী লেখক সন্মিলনৰপৰা ফেল'শ্বিপ, গ্লেনা লুচেই/প্ৰেৰি শ্বুনাৰ বঁটা লাভ কৰিছিল, "দ্য আৰ্ট অৱ ব্ৰেথিং"[15] নামৰ ৰচনাখনৰ বাবে যিটো হাউ উই লাইভ আৱাৰ যোগা (বিকন ২০০১) নামৰ গল্পকলাত অন্তৰ্ভুক্ত কৰা হৈছিল। ২০০০ চনৰ দ্য বেষ্ট আমেৰিকান পয়েট্ৰিতো তেওঁৰ এটা কবিতা প্ৰকাশ পাইছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Earl Gregg Swem Library, College of William and Mary - Inventory of the Reetika Vazirani Papers
  2. "Reetika Vazirani". poets.org. https://poets.org/poet/reetika-vazirani। আহৰণ কৰা হৈছে: 14 February 2020. 
  3. Dove, Rita (2004). "Remembering Reetika Vazirani: National Press Club, Washington, DC, July 26, 2003". Callaloo (jstor.org) খণ্ড 27 (2): 368–369. doi:10.1353/cal.2004.0062. 
  4. Fiore, Kristina. "A loss for words: Reetika Vazirani, poet and professor, commits suicide at 40". The Signal. http://www.tcnjsignal.net/2003/09/09/alossforwordsreetikavaziranipoetandprofessorcommitssuicideat/। আহৰণ কৰা হৈছে: 2016-02-07. 
  5. "Remembering Reetika Vazirani – A midnight wail across the cultural divide.". indiaunfinished.wordpress.com. 18 July 2009. https://indiaunfinished.wordpress.com/2009/07/17/remembering-reetika-vazirani-a-midnight-wail-across-thea-cultural-divide/। আহৰণ কৰা হৈছে: 15 February 2020. 
  6. "The Failing Light". washingtonpost.com. https://www.washingtonpost.com/lifestyle/magazine/the-failing-light-why-did-a-rising-young-poet-plunge-into-despair-taking-her-own-life-and-the-life-of-her-2-year-old-son/2015/01/15/2575a388-9d1f-11e4-96cc-e858eba91ced_story.html। আহৰণ কৰা হৈছে: 14 February 2020. 
  7. "আৰ্কাইভ কপি". Archived from the original on 2013-12-07. https://web.archive.org/web/20131207065155/http://wiz.cath.vt.edu/pipermail/new-poetry/2003-July.txt। আহৰণ কৰা হৈছে: 2025-12-04. 
  8. "The Inscrutable Tragedy of Reetika Vazirani". longreads.com. 16 February 2015. https://longreads.com/2015/02/16/the-inscrutable-tragedy-of-reetika-vazirani/। আহৰণ কৰা হৈছে: 14 February 2020. 
  9. "White Elephants Reetika Vazirani". cse.iitk.ac.in. https://www.cse.iitk.ac.in/users/amit/books/vazirani-1996-white-elephants.html। আহৰণ কৰা হৈছে: 15 February 2020. 
  10. "World Hotel". Copper Canyon Press. https://www.coppercanyonpress.org/books/world-hotel-by-reetika-vazirani/। আহৰণ কৰা হৈছে: 2016-02-07. 
  11. "Reetika Vazirani". Ploughshares at Emerson Collegepshares.org. https://www.pshares.org/authors/reetika-vazirani। আহৰণ কৰা হৈছে: 15 February 2020. 
  12. "Reetika Vazirani". Archived from the original on 11 March 2007. https://web.archive.org/web/20070311080617/http://www.poetsagainstthewar.org/displaypoem.asp?AuthorID=1592#453057478। আহৰণ কৰা হৈছে: 15 February 2020. 
  13. "Radha Says". thecafereview.com. 15 December 2016. https://www.thecafereview.com/radha-says/। আহৰণ কৰা হৈছে: 14 February 2020. 
  14. "Reetika Vazirani". anisfield-wolf.org. https://www.anisfield-wolf.org/books/world-hotel/। আহৰণ কৰা হৈছে: 14 February 2020. 
  15. Vazirani, Reetika (2001). "The Art of Breathing". Prairie Schooner (jstor.org) খণ্ড 75 (3): 63–74. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]