ৰীমা সেন
| ৰীমা সেন | |
|---|---|
এটা অনুষ্ঠানত ৰীমা | |
| জন্ম | ২৯ অক্টোবৰ, ১৯৮১ (৪৪ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত |
| অন্য নাম | হেমা |
| শিক্ষা | চেইণ্ট থমাছ স্কুল, কলকাতা |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০০–২০১২ |
| দাম্পত্যসঙ্গী | শিৱ কৰণ সিং (বি. ২০১২) |
| সন্তান | ১ |
ৰীমা সেন (ইংৰাজী: Reema Sen; জন্ম: ২৯ অক্টোবৰ ১৯৮১)[1] এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৮১ চনৰ ২৯ অক্টোবৰত কলকাতাত ৰীমা সেনৰ জন্ম হৈছিল।[2] তেওঁ কলকাতাৰ খিদৰপুৰৰ চেইণ্ট থমাছ গাৰ্লছ স্কুলৰপৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে, যাৰ পিছত তেওঁৰ পৰিয়াল মুম্বাইলৈ স্থানান্তৰিত হয়।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১২ চনত সেনে ব্যৱসায়ী শিৱ কৰণ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3] ২০১৩ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হয়।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]চলচ্চিত্ৰ আৰু মডেলিং কেৰিয়াৰ
[সম্পাদনা কৰক]মুম্বাইত তেওঁ নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰি কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰ জগতলৈ আহে আৰু তেলুগু ছবি চিত্ৰমৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিত তেওঁ উদয় কিৰণৰ বিপৰীতে অভিনয় কৰিছিল আৰু পিছলৈ তেওঁলোকক মানসন্থা নুভভে ছবিতো একেলগে দেখা গৈছিল। তেওঁ আৰ মাধৱনৰ সৈতে তামিল ছবি মিন্নালেত অভিনয় কৰিছিল, যিখন অতি সফল হৈছিল।[5] তেওঁৰ প্ৰথমখন হিন্দী ছবি হম হো গয়ে আপকে বিফল হয় আৰু তেওঁ তামিল চলচ্চিত্ৰত কাম কৰি যোৱাৰ সিদ্ধান্ত লয়। পুনৰ মাধৱনৰ সৈতে অভিনয় কৰা তামিল ছবি ৰেণ্ডু সফল হয়। দৰ্শকে থিমিৰু ছবিখনত তেওঁৰ অভিব্যক্তি অতি মৰমলগা বুলি গণ্য কৰিছিল। আয়িৰাথিল অৰুভান আৰু বল্লভন ছবিত তেওঁৰ নেতিবাচক চৰিত্ৰক দৰ্শক আৰু সমালোচকে উচ্চ প্ৰশংসা কৰিছিল।[6][7]
২০১২ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ চলচ্চিত্ৰ জীৱনৰ সমাপ্তি ঘটায়। তেওঁৰ শেষৰখন বলীউডৰ ছবি আছিল মনোজ বাজপেয়ী, নৱাজুদ্দিন চিদ্দিকী আৰু ৰিচা চড্ডা অভিনীত গেংছ অৱ ৱাছেপুৰ।[8]
সংগীত ভিডিঅ’ত অভিনয়
[সম্পাদনা কৰক]১৯৯৮ চনত তেওঁ ছামছা কনৱালে গোৱা "চান্দনী ৰাতেঁ" গীতটোৰ ভিডিঅ’ত অভিনয় কৰিছিল।[9]
বিতৰ্ক
[সম্পাদনা কৰক]২০০৬ চনৰ এপ্ৰিল মাহত মাদুৰাইৰ এখন আদালতে ছান গ্ৰুপৰ মালিকানাধীন তামিল বাতৰি কাকত দিনকৰণত প্ৰকাশিত ফটোত "অশ্লীল ধৰণে প’জ দিয়া"ৰ বাবে সেন আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে অ-জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল।[10] প্ৰতিৱেদনত উল্লেখ কৰা হৈছিল যে একেটা কাৰণতে পূৰ্বৰ চমন পালন নকৰাৰ বাবেই দুই অভিনেত্ৰীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে।[10] আৱবেদনকাৰীয়ে উল্লেখ কৰে যে কাকতখনে ইয়াৰ ২০০৫ চনৰ ডিচেম্বৰ আৰু ২০০৬ চনৰ জানুৱাৰী সংখ্যাত অত্যন্ত আবেদনময়ী ফটো প্ৰকাশ কৰিছিল, যিয়ে ১৯৮৬ চনৰ-নাৰীৰ অশোভন প্ৰতিনিধিত্ব (প্ৰতিষেধক) আইন, ১৯৫৬ চনৰ কিশোৰ ব্যক্তি (ক্ষতিকাৰক প্ৰকাশন) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯২ ধাৰা (অশ্লীল কিতাপ বিক্ৰী) উলংঘা কৰা বুলি অভিযোগ কৰা হৈছিল। আৱবেদনকাৰীয়ে ১৮৬৭ চনৰ প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশন অৱ বুক এক্টৰ অধীনত ছবিসমূহ বাজেয়াপ্ত কৰিবলৈও দাবী জনায়।
২০০৭ চনৰ জানুৱাৰী মাহত বিদায়ী মুখ্য ন্যায়াধীশ ৱাই কে চবৰৱালে নিশ্চিত কৰে যে সেনে শিল্পীৰ বিৰুদ্ধে তুচ্ছ গোচৰৰ বিৰুদ্ধে নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ তেওঁলৈ পত্ৰ লিখিছিল। কিন্তু পত্ৰ লিখাৰ পৰিৱৰ্তে আনুষ্ঠানিক আৱেদন দাখিল কৰিব লাগিছিল বুলি উল্লেখ কৰি ন্যায়াধীশে তেওঁৰ আৱেদন নাকচ কৰে।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Happy Birthday Reema Sen". bollyspice.com. 29 October 2009. Archived from the original on 3 January 2010. https://web.archive.org/web/20100103235444/http://www.bollyspice.com/view.php/3675-happy-birthday-reema-sen.html। আহৰণ কৰা হৈছে: 16 May 2011.[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]
- ↑ "Reema Sen to get hitched". Sify. 1 February 2012. http://www.sify.com/news/reema-sen-to-get-hitched-news-entertainment-mccalWifbijsi.html। আহৰণ কৰা হৈছে: 7 June 2016.
- ↑ "Reema Sen weds hotelier in Delhi" (en ভাষাত). Hindustan Times. 2012-03-14. https://www.hindustantimes.com/entertainment/reema-sen-weds-hotelier-in-delhi/story-Sonfms5RxtHItRY8V5cJ7M.html। আহৰণ কৰা হৈছে: 2026-01-22.
- ↑ "Reema Sen delivers a baby boy" (en-US ভাষাত). News18. February 26, 2013. https://www.news18.com/news/india/reema-sen-delivers-a-baby-boy-593217.html.
- ↑ "Gautham Vasudev Menon – the south's Yash Chopra" (en-US ভাষাত). Firstpost. https://www.firstpost.com/entertainment/gautham-vasudev-menon-the-souths-yash-chopra-557134.html.
- ↑ "Aayirathil Oruvan is not for the faint hearted". Rediff. http://movies.rediff.com/report/2010/jan/14/south-tamil-movie-review-aayirathil-oruvan.htm.
- ↑ Aayirathil Oruvan Movie Review {3/5}: Critic Review of Aayirathil Oruvan by Times of India, https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/aayirathil-oruvan/movie-review/5452515.cms, আহৰণ কৰা হৈছে: 20 September 2018
- ↑ "Recap: What happened in 'Gangs of Wasseypur 1'". News18. 7 August 2012. https://www.news18.com/news/india/recap-what-happened-in-gangs-of-wasseypur-1-495969.html। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ "Reemma Sen appeared in the video of Chandni Raatein". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/did-you-know/Reemma-Sen-appeared-in-the-video-of-Chandni-Raatein/articleshow/43142148.cms.
- 1 2 "Non-bailable warrants against Shilpa Shetty, Reema Sen". in.rediff.com. http://in.rediff.com/movies/2006/apr/21shilpa.htm। আহৰণ কৰা হৈছে: 3 January 2007.
- ↑ Legal, Our (14 January 2007). "Top judge snubs Shilpa's plea". telegraphindia.com (Calcutta, India). http://www.telegraphindia.com/1070114/asp/nation/story_7260510.asp.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰীমা সেন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰীমা সেন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- ৰীমা সেন সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য

- ৰ'টেন টমাট'জ ৱেবছাইটত ৰীমা সেন।
- ইনষ্টাগ্ৰামত ৰীমা সেন
