সমললৈ যাওক

ৰীমা ৰাকেশ নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীমা ৰাকেশ নাথ
পেচা লেখক, পৰিচালক
দাম্পত্যসঙ্গী ৰাকেশ নাথ
পিতৃ-মাতৃ ডি. কে. সপ্ৰু
হেমৱতী
সন্তান কৰণ নাথ
আত্মীয়-স্বজন তেজ সপ্ৰু (ভাতৃ)
প্ৰীতি সপ্ৰু (ভগ্নী)


ৰীমা ৰাকেশ নাথ (ইংৰাজী: Reema Rakesh Nath) এগৰাকী বলীউড চলচ্চিত্ৰ লেখিকা, পৰিচালক, আৰু প্ৰযোজক৷ তেওঁ সাজন, আৰজু আৰু হম তুম্হাৰে হেঁ সনমৰ দৰে ছবিৰ চিত্ৰনাট্যৰ লিখাৰ বাবে পৰিচিত। ১৯৯১ চনত মুক্তি পোৱা সাজন ছবিখন সেই বছৰত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল৷ ১৯৯৭ চনৰ মহাব্বত (১৯৯৭) ছবিখনো তেওঁ পৰিচালনা কৰিছিল।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰীমা ৰাকেশ নাথ বলিউডৰ প্ৰবীন অভিনেতা ডি. কে. সপ্ৰু আৰু হেমৱতীৰ কন্যা। তেওঁৰ ভাতৃ তেজ সপ্ৰু আৰু ভগ্নী প্ৰীতি সপ্ৰু দুয়ো অভিনেতা। প্ৰযোজক ৰাকেশ নাথৰ সৈতে ৰীমাৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ পুত্ৰ হৈছে বলীউডৰ অভিনেতা কৰণ নাথ।[2]

চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]

ৰীমা ৰাকেশ নাথে বহুকেইখন জনপ্ৰিয় ছবিৰ চিত্ৰনাট্য ৰচনা কৰিছিল৷ সেলাব, সাজন, জয় দেৱা, য়াৰাণা আদি চলচ্চিত্ৰৰ তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল৷ সাজন ছবিৰ বাবে তেওঁ কাহিনী আৰু সংলাপো ৰচনা কৰিছিল৷ সেইদৰে য়াৰাণা, জয় দেৱা ছবিৰ কাহিনী আৰু সংলাপ লিখিছিল৷ দিল তেৰা আছিক আৰু আৰজো ছবিৰ কাহিনী, হম তুম্হাৰে হেঁ সনম ছবিৰ সংলাপ তেওঁ ৰচনা কৰিছিল৷ য়াৰানা ছবিৰ প্ৰযোজক কৰিছিল আৰু মহব্বত ছবি পৰিচালনা কৰিছিল৷[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]