সমললৈ যাওক

ৰীলা হোতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীলা হোতা
জন্ম বালাছোৰ, উৰিষ্যা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ওডিচি নৃত্যশিল্পী, কলা প্ৰচাৰক
শৈলী ওডিচি ফিউজন ডান্স
পিতৃ-মাতৃ পূৰ্ণচন্দ্ৰ হোতা, বিজয়লক্ষ্মী হোতা
ৱেবছাইট
reela.org


ৰীলা হোতা (ইংৰাজী: Reela Hota ; ওড়িয়া: ରୀଲା ହୋତା) এগৰাকী ওডিচি নৃত্যাংগনা, গুৰু আৰু কৰিঅ’গ্ৰাফাৰ।[1][2] যোগ গুৰু বিজয়লক্ষ্মী হোটা আৰু প্ৰাক্তন আমোলা পূৰ্ণচন্দ্ৰ হোতাৰ কন্যা ৰীলা সৰুৰে পৰা নৃত্য, যোগ আৰু আশ্ৰম জীৱনৰ সৈতে পৰিচিত আছিল। ওডিচি নৃত্যৰ ৩জন দিগগজ গুৰু গংগাধৰ প্ৰধান, শ্ৰীমতী মাধৱী মুদগল আৰু গুৰু কেলুচৰণ মহপাত্ৰৰ অধীনত প্ৰশিক্ষণ লৈ তেওঁ নিখুঁত ছন্দ, কৌশল, কৃপা আৰু উপস্থাপন কৌশল বিকশিত কৰিছিল। এগৰাকী ট্ৰেণ্ড চেটাৰ ৰীলা হোতাই যোগ, কুণ্ডলিনী আৰু সংস্কৃতৰ দৰে ভাৰতীয় আধ্যাত্মিক দৰ্শনক তেওঁৰ অভিনয়ৰ বিষয়বস্তু হিচাপে গঢ়ি তোলাৰ পথ প্ৰদৰ্শক আছিল আৰু ওডিচি নৃত্যত এক নতুন মাত্ৰা আধ্যাত্মিক দিশ যোগ কৰাৰ বাবে তেওঁক কৃতিত্ব দিয়া হয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]

আঠ বছৰ বয়সৰ পৰাই গুৰু গংগাধৰ প্ৰধানৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰিছিল। গুৰৱী মাধৱী মুদগাল আৰু কিংবদন্তি গুৰু কেলুচৰণ মহপাত্ৰৰ সক্ষম নিৰ্দেশনাত তেওঁ নিজৰ নৃত্য দক্ষতাক আগুৱাই লৈ যায়।[3] এগৰাকী ট্ৰেণ্ড চেটাৰ, মহান আধ্যাত্মিক গুৰু পৰমহংস স্বামী সত্যানন্দ সৰস্বতীৰ সংগই ৰীলাক ভাৰতীয় আধ্যাত্মিক দৰ্শনক তেওঁৰ অভিনয়ৰ বিষয়বস্তু হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। ৰীলা হোতাই ৰেইজ অৱ উইজডম ছ’চাইটি প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাই পৰম্পৰাগত নিৰাময় ব্যৱস্থাত সংগীত, নৃত্য আৰু গুৰুত্বপূৰ্ণ চিকিৎসা পদ্ধতিসমূহ একত্ৰিত কৰি কেনেকৈ আজিৰ জীৱনশৈলীৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পাৰে, তাৰবাবে কাম কৰে। ভাৰতীয় কলালৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁক সনাতন নৃত্যপুৰস্কাৰ বঁটা প্ৰদান কৰা হৈছে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]