সমললৈ যাওক

ৰুক্ষনা কাপালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Woman holding placard
ৰুক্ষনা কাপালি ২০১৯ চনত

ৰুক্ষনা কাপালি ( ইংৰাজী: Rukshana Kapali, নেৱাৰ: खण्डा कपालী; জন্ম ১৯৯৯ ) নেপালত বাস কৰা এগৰাকী নেৱাৰ আন্দোলনকাৰী। কাপালিয়ে আন্তঃলিংগ আৰু এলজিবিটি উভয়ৰে অধিকাৰ আৰু নেৱাৰ জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ সুৰক্ষাৰ বাবে প্ৰচাৰ চলায় আহিছে। নিজকে তৃতীয় লিংগ নহয়, বৰং মহিলা হিচাপে স্বীকৃতি দিয়াৰ অধিকাৰ সন্দৰ্ভত তেওঁৰ এটা আদালতৰ গোচৰ নেপালৰ উচ্চতম ন্যায়ালয়লৈ যায় আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত আদালতে তেওঁৰ পক্ষত ৰায় দিয়ে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ৰুক্ষনা কাপালী ১৯৯৯ চনত নেপালৰ পাটানত জন্মগ্ৰহণ কৰিছিল।[1][2] তেওঁৰ পৰিয়াল নেৱাৰ সম্প্ৰদায়ৰ, আৰু তেওঁ ঘৰতে নেপালী ভাষাৰ সলনি নেৱাৰ ভাষা (নেপাল ভাষা) কৈ ডাঙৰ দীঘল হৈছিল।[2]

কাপালিক জন্মৰ সময়ত পুৰুষ হিচাপে চিনাক্ত কৰা হৈছিল, কিন্তু বিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ নিজৰ লিংগ পৰিচয় মহিলা হিচাপে সলনি কৰে । কাঠমাণ্ডুৰ ত্ৰি-চন্দ্ৰ মাল্টিপল কেম্পাছত ভাষাবিজ্ঞান আৰু সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁৰ নাম সলনি হোৱাৰ বাবে পৰীক্ষাত বহিবৰ বাবে পঞ্জীয়ন কৰিবলৈ যোৱাৰ সময়ত অসুবিধাৰ সন্মুখীন হৈছিল। এই অভিজ্ঞতাৰ পাছতেই তেওঁ ট্ৰান্সজেণ্ডাৰ আৰু মানৱ অধিকাৰৰ আন্দোলনকাৰী হিচাপে সক্ৰিয় হৈ উঠে।[3][4]

আন্দোলন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

আন্তঃবিভাজনীয় দৃষ্টিভংগী গ্ৰহণ কৰি কাপালিয়ে আন্তঃলিংগ আৰু এলজিবিটি দুয়োটা বিষয় আৰু নেৱাৰ জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ সুৰক্ষাৰ ওপৰত প্ৰচাৰ চলাইছিল। কাঠমাণ্ডু উপত্যকাৰ আন কিছুমান লোকৰ সৈতে মিলি তেওঁ কুইয়াৰ যুৱ গোট প্ৰতিষ্ঠা কৰে। [2]তেওঁ নিজৰ আন্দোলনৰ সক্ৰিয়তাৰ বিষয়ে ব্লগ কৰে আৰু PoMSOGIESC (প্ৰান্তীয়কৃত যৌন অভিমুখীতা, লিংগ পৰিচয়, লিংগ প্ৰকাশ আৰু যৌন বৈশিষ্ট্যৰ লোক) বিষয়ত লিখিছে।[5] তেওঁৰ প্ৰতিবাদৰ বিষয়ে দ্য কাঠমাণ্ডু পোষ্টৰ দৰে সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে।[4]

২০২১ চনত কাপালীয়ে নিজকে তৃতীয় লিংগৰ পৰিৱৰ্তে মহিলা হিচাপে পৰিচয় দিয়াৰ অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে নেপালৰ উচ্চতম ন্যায়ালয়লৈ গৈছিল।কিয়নো কৰ্তৃপক্ষই তেওঁক তৃতীয় লিংগ হিচাপে নিবন্ধন কৰিবলৈ বাধ্য কৰিছিল। ২০২৩ চনৰ নৱেম্বৰ মাহত আদালতে লিখিত ৰায়দান প্ৰকাশ কৰাৰ আগতে কাপালিক মৌখিকভাৱে জনায় যে তেওঁৰ দাবী শুদ্ধ ।[1] ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁ বিবিচিৰ ১০০ মহিলা তালিকাত অন্তৰ্ভুক্ত হয় য’ত অমল ক্লুনী আৰু মিচেল ওবামাৰ দৰে ব্যক্তিসকলৰ সৈতে তেওঁৰ নাম প্ৰকাশ পায়।[6][7] ২০২৪ চনৰ অক্টোবৰ মাহত কাপালিক Time-ৰ “TIME 100 Next” তালিকাত বিশ্বৰ প্ৰভাৱশালী উদীয়মান নেতাসকলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Lau, Holning; Malagodi, Mara (2023). "Legal Gender Recognition in Nepal and Comparative Context" (en ভাষাত). University of Pennsylvania Journal of International Law. https://deliverypdf.ssrn.com/delivery.php?ID=159126001117002116109118073065094112060053059067055000096015068118025094081113118031045016007012016045118127025125100079115112109017029044009100091018098073030109026093062085103102003118011120120092068095084066029115022102116104088004111098008064111&EXT=pdf&INDEX=TRUE.[সংযোগবিহীন উৎস]
  2. 1 2 3 "From where I stand: "I identified challenges in both activisms, in terms of acknowledging intersectionality"" (en ভাষাত). UN Women – Asia-Pacific. 19 June 2019. https://asiapacific.unwomen.org/en/news-and-events/stories/2019/06/fwis-rukshana-kapali.
  3. Pyakurel, Diwakar (18 June 2019). "How a transgender student is fighting for her right to education". Online Khabar. https://english.onlinekhabar.com/how-a-transgender-student-is-fighting-for-her-right-to-education.html আহৰণ কৰা হৈছে: 29 November 2023.
  4. 1 2 Ghimire, Aakriti (9 June 2022). "Tribhuvan University system doesn't recognise transgender student" (English ভাষাত). Kathmandu Post. https://kathmandupost.com/national/2022/06/09/tribhuvan-university-system-doesn-t-recognise-transgender-student.
  5. "Interview with Rukshana Kapali". Rolling Nexus. 21 June 2021. https://rollingnexus.com/blog/1/Access-to-Education-and-Employment-along-with-Ensured-Legal-Protection-helps-in-the-Empowerment-of-LGBTQ-Individuals.
  6. "Transgender Activist Rukshana Kapali on BBC's 100 Women – The Buzz Nepal". The Buzz Nepal. 22 November 2023. https://thebuzznepal.com/transgender-activist-rukshana-kapali-on-bbcs-100-women/.
  7. Perry, Sophie (26 November 2023). "Trans human rights activist named on BBC's 100 Women list". Pink News. https://www.thepinknews.com/2023/11/26/rukshana-kapali-bbc-100-women-trans/.
  8. de Guzman, Chad (2 October 2024). "Rukshana Kapali". TIME. Archived from the original on 9 October 2024. https://web.archive.org/web/20241009134034/https://time.com/7023612/rukshana-kapali/ আহৰণ কৰা হৈছে: 14 October 2024.