সমললৈ যাওক

ৰুচা ইনামদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুচা ইনামদাৰ
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান

ৰুচা ইনামদাৰ (ইংৰাজী: Rucha Inamdar; জন্ম: ...) — এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে। তেওঁৰ চলচ্চিত্ৰ জীৱন হিন্দী কাহিনীচিত্ৰ চিলড্ৰেন অৱ ৱাৰ (২০১৪) আৰু আণ্ডাৰ দা চেম চান (২০১৫)ৰ জৰিয়তে আৰম্ভ হৈছিল।[1][2][3][4] ২০১৭ চনত তেওঁ গণেশ আচাৰ্যৰ মাৰাঠী ভাষাৰ ছবি ভিখাৰীত স্বপ্নীল যোশীৰ বিপৰীতে বাণিজ্যিক চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু ইয়াৰ পিছতে ২০১৯ চনত তেওঁৰ ৱেডিং চা চিনেমা মুক্তি পায়।

ৰুচাই ক্ৰিমিনেল জাষ্টিছত 'অৱনী' হিচাপে ডিজিটেল ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰে।[5] তেওঁৰ অভিনয় সৰ্বত্ৰে প্ৰশংসিত হৈছিল।[6] ৰুচাক হটষ্টাৰ স্পেচিয়েলৰ ৱেব ছিৰিজ দ্য গ্ৰেট ইণ্ডিয়ান মাৰ্ডাৰত ঋতু ৰায় হিচাপে দেখা গৈছে।[7] তেওঁৰ পৰৱৰ্তী ছবিসমূহ হ’ল নট টুডে (২০২১) আৰু মিৰাজ (২০২২)। তেওঁ মাইনাচ ৩১: দ্য নাগপুৰ ফাইলচ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

তেওঁ নট টুডে ছবিৰ বাবে অটোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভালত বিশেষ জুৰী বঁটা লাভ কৰে।[8]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰুচা মুম্বাইৰ জেজে হাস্পতাল কেম্পাছত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁ এগৰাকী শিক্ষিত দন্ত চিকিৎসক। তেওঁ মহাৰাষ্ট্ৰৰপৰা তেওঁৰ বিডিএছ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰুচাই অমিতাভ বচ্চন, আমিৰ খান, শ্বাহৰুখ খান, অনিল কাপুৰ, জন আব্ৰাহামৰ দৰে মহাতাৰকাসকলৰ সৈতে ৭০-৭৫ বিজ্ঞাপনত অভিনয় কৰিছে আৰু অনুৰাগ কাশ্যপ, সুজিত চৰকাৰ, প্ৰদীপ চৰকাৰ, গৌৰী শিন্দে, বিনিল মেথিউ, ৰাম মাধৱনী, প্ৰসূন পাণ্ডে, অভিষেক বৰ্মন, অনুপম মিশ্ৰ, প্ৰকাশ বাৰ্মা আদিকে ধৰি বহু খ্যাতনামা পৰিচালকৰ অধীনত কাম কৰিছে। ৰুচাৰ নাট্যজগতৰ পটভূমি আছে আৰু তেওঁ এগৰাকী প্ৰশিক্ষিত কথক আৰু লেটিন বলৰুম নৃত্যশিল্পী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Cast: Indraneil Sengupta, Raima Sen, Pavan Malhotra, Riddhi Sen, Rucha Inamdar, Tillotama Shome, Victor Bannerjee, Farooque Shaikh, Joy Sengupta". indianexpress.com. http://indianexpress.com/article/entertainment/movie-review/movie-review-children-of-war-there-should-have-been-more-history/ আহৰণ কৰা হৈছে: 1 May 2016.
  2. "Children of War- shocking reminder of brutalities of 1971 Bangladesh liberation war". dnaindia.com. ANI. 17 May 2014. https://www.dnaindia.com/entertainment/report-children-of-war-shocking-reminder-of-brutalities-of-1971-bangladesh-liberation-war-1989247.
  3. Rangan, Baradwaj (17 May 2014). "Children of War: Oppressing issues". The Hindu. https://www.thehindu.com/features/cinema/cinema-reviews/children-of-war-oppressing-issues/article6020512.ece.
  4. "under-the-same-sun". underthesamesunthefilm.com. Archived from the original on 2016-05-07. https://web.archive.org/web/20160507233612/http://www.underthesamesunthefilm.com/#! আহৰণ কৰা হৈছে: 2016-05-01.
  5. "Criminal Justice Trailer: Hotstar Sets April Release Date for Indian Remake of British Series". 29 March 2019. https://gadgets.ndtv.com/entertainment/news/criminal-justice-hotstar-specials-trailer-cast-release-date-april-2019-2014535 আহৰণ কৰা হৈছে: 9 April 2019.
  6. "Review: 'Criminal Justice' Is Sluggish But Saved by Good Performances". 5 April 2019. https://www.thequint.com/entertainment/hot-on-web/criminal-justice-review-vikrant-massey-jackie-shroff-pankaj-tripathi আহৰণ কৰা হৈছে: 9 April 2019.
  7. "Ad-girl to actor (Marathi)". timesofindia.com Maharashtra Times, Pune. Archived from the original on 25 August 2017. https://web.archive.org/web/20170825194509/http://epaperbeta.timesofindia.com/Article.aspx?eid=31835&articlexml=29072017104027 আহৰণ কৰা হৈছে: 29 July 2017.
  8. "Rucha Inamdar wins at the Ottawa Indian Film Festival: I'm looking at this recognition very positively" (en-us ভাষাত). Hindustan Times. 11 July 2021. https://www.hindustantimes.com/entertainment/bollywood/rucha-inamdar-wins-at-the-ottawa-indian-film-festival-i-m-looking-at-this-recognition-very-positively-101625943335437.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]