সমললৈ যাওক

ৰুচা হাছাবনিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুচা হাছাবনিছ

২০১২ চনত ৰুচা হাছাবনিছ
জন্ম ০৮ ফেব্ৰুৱাৰী, ১৯৮৮ (৩৮ বছৰ)
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–২০১৪
জনা যায় সাথ নিভানা সাথিয়া[1]
দাম্পত্যসঙ্গী ৰাহুল জগদালে (বিবাহ ২৬ জানুৱাৰী ২০১৫)
সন্তান

ৰুচা হাছাবনিছ জগদালে (ইংৰাজী: Rucha Hasabnis; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰপৰা ২০১৪ চনলৈকে ষ্টাৰ প্লাছৰ বিখ্যাত ধাৰাবাহিক সাথ নিভানা সাথিয়াত ৰাশি শ্বাহ মোডীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।[2] পৰৱৰ্তী সময়ত ২০১৫ চনত ব্যৱসায়ী ৰাহুল জগদালেৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ আৰু পৰিয়ালক সময় দিবলৈ তেওঁ অভিনয়ৰপৰা বিৰতি লৈছিল। ২০২০ চনত ক'ভিড-১৯ তলাবন্ধৰ সময়ত সংগীতজ্ঞ তথা ইউটিউবাৰ যশৰাজ মুখাটেৰ এটা ৰেপ ভিডিঅ'ৰ জৰিয়তে ৰুচা হাছাবনিছে পুনৰ জনপ্ৰিয়তা লাভ কৰে। সাথ নিভানা সাথিয়াৰ তেওঁৰ বিখ্যাত সংলাপক লৈ নিৰ্মাণ কৰা ৰচোড়ে মে কৌন থা ৰেপটোৱে ধাৰাবাহিকখন পুনৰ সম্প্ৰচাৰ কৰাত সহায় কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৯ চনত মাৰাঠী ধাৰাবাহিক চাৰ চৌঘিৰ জৰিয়তে তেওঁ অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল, য'ত তেওঁ দেৱিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।

হাছাবনিছৰ বাবে সফলতা কঢ়িয়াই অনা চৰিত্ৰটো আছিল ধাৰাবাহিক সাথ নিভানা সাথিয়া, য'ত তেওঁ ২০১০ চনৰপৰা ২০১৪ চনলৈকে ৰাশি জিগাৰ মোডীৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০২১ চনত 'টাইমছ অৱ ইণ্ডিয়া' আৰু 'গ্লিটজ ভিজন ইউএছএ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰুচাই ঘোষণা কৰে যে তেওঁ পুনৰ দূৰদৰ্শনলৈ ঘূৰি আহিবলৈ সাজু হৈছে আৰু এটা ভাল চিত্ৰনাট্যৰ বাবে অপেক্ষা কৰি আছে। [3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰুচা হাছাবনিছৰ জন্ম ১৯৮৮ চনৰ ৮ ফেব্ৰুৱাৰীত ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইৰ এটা মাৰাঠী পৰিয়ালত হৈছিল।[4] ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁ ৰাহুল জগদালেৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তাৰ পিছত অভিনয়ৰপৰা বিৰতি লয়।[5] ২০১৯ চনৰ ১০ ডিচেম্বৰত তেওঁ এগৰাকী কন্যা সন্তান জন্ম দিয়ে।[6] ২০২২ চনৰ ৭ নৱেম্বৰত তেওঁ এটা পুত্ৰ সন্তান জন্ম দিয়ে।[7]

২০২০ চনত তেওঁ এটা চুটি শ্বুটিং প্ৰকল্পৰ জৰিয়তে পৰ্দালৈ উভতি আহিছিল।[8]

দূৰদৰ্শন

[সম্পাদনা কৰক]
বছৰ ধাৰাবাহিক চৰিত্ৰ টোকা
২০০৯ চাৰ চৌঘি দেৱিকা মাৰাঠী ধাৰাবাহিক
২০১০ তুঝ সংগ প্ৰীত লগাই সজনা[9] ৰশ্মি কেমিঅ'
২০১০–২০১৪ সাথ নিভানা সাথিয়া[10] ৰাশি জিগাৰ মোডী মূল চৰিত্ৰ
২০১১ কমেডী চাৰ্কাছ কে টানসেন প্ৰতিযোগী
২০১৩ নাচ বলিয়ে ৬ অতিথি বিশাল সিঙৰ সৈতে নৃত্য প্ৰদৰ্শনৰ বাবে
২০১৪ বক্স ক্ৰিকেট লীগ[11] মুম্বাই ৱাৰিয়ৰ্ছৰ প্ৰতিযোগী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "From Kyunki saas bhi kabhi bahu thi to Yeh Rishta Kya Kehlata Hai, TV shows that enjoyed a long run on the small screen". The Times of India. 29 January 2018. https://timesofindia.indiatimes.com/tv/news/hindi/from-kyunki-saas-bhi-kabhi-bahu-thi-to-yeh-rishta-kya-kehlata-hai-tv-shows-that-enjoyed-a-long-run-on-the-small-screen/photostory/62695129.cms.
  2. "As Kokilaben rap goes viral, Rashi memes and jokes take over Twitter" (en ভাষাত). The Indian Express. 2020-08-23. https://indianexpress.com/article/trending/trending-in-india/kokilaben-rap-goes-viral-triggers-rashi-memes-and-jokes-6565695/ আহৰণ কৰা হৈছে: 2020-08-23.
  3. In 2020 a famous rap from her serial সাথ নিভানা সাথিয়া was made by যশৰাজ মুখাটে which made her quite famous this year and thus lead to sequel of her former show. Rashi to get killed in Saath Nibhaana Saathiya. Times of India (28 August 2014). Retrieved on 2016-01-24.
  4. Coutinho, Natasha (15 January 2015) Big buzz from the small screen. Asian Age
  5. Trivedi, Tanvi (31 January 2015) Rucha Hasabnis tied the knot on Republic Day. Times of India. Retrieved on 2016-01-24.
  6. "Saath Nibhana Saathiya Actress Rucha Hasabnis BLESSED With Baby Girl; Devoleena Bhattacharjee Wishes Her". ABP News. https://news.abplive.com/entertainment/television/saath-nibhana-saathiya-actress-rucha-hasabnis-aka-rashi-modi-blessed-with-baby-girl-shares-first-pic-devoleena-bhattacharjee-wishes-her-1122133.
  7. "Rucha Hasabnis aka Rasode Me Kaun Tha's Rashi welcomes baby boy, shares first pic". 7 November 2022. https://www.hindustantimes.com/entertainment/tv/rucha-hasabnis-aka-rasode-me-kaun-tha-s-rashi-welcomes-baby-boy-shares-pic-101667833663106.html.
  8. "Rucha aka Saath Nibhana Saathiya's Rashi on her acting comeback: 'I don't want to do a typical family drama'" (en ভাষাত). www.zoomtventertainment.com. 2020-09-20. https://www.zoomtventertainment.com/telly-talk/article/rucha-hasabnis-aka-saath-nibhana-saathiyas-rashi-on-her-acting-comeback-i-don-t-want-to-do-a-typical-family-drama/655274 আহৰণ কৰা হৈছে: 2021-11-11.
  9. "Star to replace Kahani with new Balaji show". The Financial Express. 28 October 2008. https://www.financialexpress.com/archive/star-to-replace-kahani-with-new-balaji-show/378726/.
  10. "Rashi and Kokila happy to meet you six days a week!". YouTube. https://www.youtube.com/watch?v=ta3C7SDtBsA.
  11. "Box Cricket League Teams: BCL 2014 Team Details With TV Actors & Names of Celebrities". india.com. http://www.india.com/showbiz/box-cricket-league-teams-bcl-2014-team-details-with-tv-actors-names-of-celebrities-221217/ আহৰণ কৰা হৈছে: 14 December 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]