ৰুছ বিপ্লৱ
ৰুছ বিপ্লৱ আছিল ৰাছিয়াৰ সাম্ৰাজ্যত ১৯১৭ চনত আৰম্ভ হোৱা এখন ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ যুগ। এই সময়ছোৱাত ৰাছিয়াই নিজৰ ৰাজতন্ত্ৰৰ অৱসান ঘটাই সমাজতান্ত্ৰিক চৰকাৰ গ্ৰহণ কৰিছিল, যি দুবাৰ বিপ্লৱ আৰু এটা গৃহযুদ্ধৰ পাছত সংঘটিত হয়। এই বিপ্লৱক প্ৰথম বিশ্বযুদ্ধৰ পাছত সংঘটিত হোৱা অন্য বিপ্লৱসমূহৰ পূৰ্বসূত্ৰ হিচাপে ধৰা হয়, যেনে ১৯১৮–১৯১৯ চনৰ জাৰ্মান বিপ্লৱ। ৰুছ বিপ্লৱ ২০শ শতিকাৰ এটা গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত।
ৰুছ বিপ্লৱৰ সূচনা হয় ১৯১৭ চনৰ ফেব্ৰুৱাৰী বিপ্লৱৰে, যি সময়ত প্ৰথম বিশ্বযুদ্ধ চলি আছিল। জাৰ্মান সাম্ৰাজ্যই যুদ্ধৰ মাৰ্গত ৰাছিয়াক পৰাস্ত কৰি আছিল, আনহাতে যোগানৰ সংকটৰ বাবে ৰুটি আৰু খাদ্যৰ ঘাটতি দেখা দিছিল, ফলস্বৰূপ ৰাছিয়াৰ সেনাবাহিনীত মনোবল হ্ৰাস পাইছিল আৰু বিদ্ৰোহৰ আশঙ্কা বৃদ্ধি পাইছিল।[1] ৰাজপুৰুষসকলে বিশ্বাস কৰিছিল যে যদি জাৰ নিকলাচ দ্বিতীয়ই পদত্যাগ কৰে, তেন্তে এই অস্থিৰতা লাহে লাহে অন্ত হ’ব। নিকলাচে পদত্যাগ কৰাৰ পিছত ডুমা (সংসদ)-ৰ নেতৃত্বত এখন অস্থায়ী চৰকাৰ গঠন কৰা হয়। এই অস্থিৰতাৰ সময়ত স্থানীয় লোকসকলে পেট্ৰোগ্ৰাডত ছোভিয়েট গঠন কৰিছিল, যিয়ে আৰম্ভণিতে নতুন চৰকাৰৰ বিৰোধিতা কৰা নাছিল; কিন্তু তেওঁলোকেহে চৰকাৰত প্ৰভাৱ আৰু মিলিছিয়াৰ ওপৰত নিয়ন্ত্ৰণ দাবী কৰিছিল। মাৰ্চ মাহলৈকে ৰাছিয়াত দুটা প্ৰতিদ্বন্দ্বী চৰকাৰ দেখা দিয়ে। অস্থায়ী চৰকাৰে সেনা আৰু বৈদেশিক ক্ষেত্ৰত ক্ষমতা ৰাখিছিল, আনহাতে ছোভিয়েটসমূহে গৃহমুখী ক্ষেত্ৰসমূহত শক্তি লাভ কৰিছিল। ছোভিয়েটসমূহে শ্ৰমিক আৰু নগৰীয়া মধ্যবিত্তৰ সমৰ্থন লাভ কৰিছিল। দেশজুৰি বিদ্ৰোহ, প্ৰতিবাদ আৰু ধৰ্মঘট চলি আছিল। সমাজবাদী আৰু বামপন্থী দলসমূহ অস্থায়ী চৰকাৰ আৰু ছোভিয়েটৰ ভিতৰত প্ৰভাৱ বিস্তাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই দলসমূহৰ ভিতৰত আছিল মেনশেভিক, চোশিয়েলিষ্ট ৰেভলিউশ্যনাৰী, এনাৰ্কিষ্ট আৰু বোলছেভিক—যি অত্যন্ত বামপন্থী দল আছিল আৰু ভ্লাদিমিৰ লেনিনৰ নেতৃত্বত আছিল।
বোলছেভিকে “শান্তি, ভূমি আৰু ৰুটি”ৰ প্ৰতিশ্ৰুতি দি জনসমৰ্থন লাভ কৰিছিল: যুদ্ধৰ অন্ত, গাঁৱৰ লোকৰ বাবে ভূমি, আৰু ভোক সমাপ্ত কৰাৰ উদ্দেশ্যে।[2] অস্থায়ী চৰকাৰে জনতাৰ বিৰোধিতা সত্ত্বেও যুদ্ধ চলাইছিল, যাৰ ফলত বোলছেভিক আৰু অন্যান্য বামপন্থী গোটে অধিক সমৰ্থন লাভ কৰিছিল। পেট্ৰোগ্ৰাডত অসন্তোষ বৃদ্ধি হোৱাত অস্থায়ী চৰকাৰে প্ৰতিবাদক দমন কৰিছিল, যাৰ ফলত জুলাই দিৱসৰ ঘটনা ঘটিছিল। বোলছেভিকে নিজৰ অনুগত শ্ৰমিক মিলিছিয়া ৰেড গাৰ্ডছত একত্ৰিত কৰিছিল।[3] এই অস্থিৰ পৰিস্থিতিৰ শিখৰ হৈছিল অক্টোবৰ বিপ্লৱৰ সৈতে, য’ত বোলছেভিকে অস্ত্ৰধাৰী বিদ্ৰোহৰ জৰিয়তে পেট্ৰোগ্ৰাডত অস্থায়ী চৰকাৰক উৎখাত কৰে। বোলছেভিকে নিজৰ চৰকাৰ গঠন কৰি ৰুছ ছোভিয়েট ফেডাৰেটিভ ছচিয়েলিষ্ট ৰিপাব্লিক (RSFSR) স্থাপন কৰে। জাৰ্মান আক্ৰমণৰ হুমকিৰ বাবে, বোলছেভিকে ৰাজধানী মস্কোলৈ স্থানান্তৰ কৰে। RSFSR-এ বিশ্বৰ প্ৰথম সমাজতান্ত্ৰিক ৰাজ্য হিচাপে পুনৰ সংগঠন আৰম্ভ কৰে আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছোভিয়েট গণতন্ত্ৰ ৰূপায়ণ কৰে। যুদ্ধৰ পৰা ৰাছিয়াক আঁতৰত কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বোলছেভিকে ১৯১৮ চনৰ মাৰ্চ মাহত ব্ৰেষ্ট-লিটোভস্ক সন্ধিত জাৰ্মানীৰ সৈতে চুক্তি কৰে। বোলছেভিকে Cheka নামৰ গোপন আৰক্ষী বাহিনী গঠন কৰি “জনগণৰ শ্ত্ৰু” বুলি বিবেচিত লোকক দমন কৰা আৰম্ভ কৰে, যাক ৰেড টেৰৰ বুলি কোৱা হয়।
যদিও বোলছেভিকে নগৰাঞ্চলত অধিক সমৰ্থন লাভ কৰিছিল, তথাপিও দেশীয় আৰু বৈদেশিক শত্ৰু ছিল, যিসকলে বোলছেভিক চৰকাৰক স্বীকৃতি নিদিছিল। ৰাছিয়াত গৃহযুদ্ধৰ সূচনা হয়, য’ত বোলছেভিক (ৰেড) বাহিনীৰ বিপক্ষে যুদ্ধ কৰিছিল স্বাধীনতাৰ দাবী কৰা জাতীয় গোট, অন্য সমাজবাদী দল, এনাৰ্কিষ্ট, ৰাজতন্ত্ৰবাদী, আৰু উদাৰবাদীসকল। শেষৰ দুয়োটা শ্ৰেণীয়ে হোৱাইট আন্দোলনক সমৰ্থন কৰিছিল, যিয়ে প্ৰধানকৈ ডানপন্থী সেনাৰ নেতৃত্বত আগবাঢ়িছিল আৰু ৰাজশক্তি পুনঃস্থাপন কৰিবলৈ চেষ্টা কৰিছিল। বোলছেভিক কমিচাৰ লিয়ন ট্ৰটস্কিয়ে বোলছেভিক অনুগত শ্ৰমিক মিলিছিয়াক একত্ৰিত কৰি ৰেড আৰ্মি গঠন কৰিছিল। যদিও মুখ্য ঘটনা মস্কো আৰু পেট্ৰোগ্ৰাডত সংঘটিত হৈছিল, তথাপিও সমগ্ৰ ৰাছিয়াৰ বিভিন্ন অঞ্চল, সংখ্যালঘু জাতীয়তাবাদী প্ৰদেশ, আৰু গাঁও অঞ্চলত চাষীসকলে ভূমি দখল কৰি পুনঃবিতৰণ কৰিছিল।
যুদ্ধ চলি থকা অৱস্থাত RSFSR-এ ৰাছিয়াৰ সাম্ৰাজ্যৰ পৰা স্বাধীন হোৱা অঞ্চলসমূহত ছোভিয়েট শক্তি প্ৰতিষ্ঠা আৰম্ভ কৰে। এই অঞ্চলসমূহৰ ভিতৰত আছিল আৰ্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, জৰ্জিয়া আৰু ইউক্ৰেইন। বিদেশী হস্তক্ষেপ আৰু যুদ্ধকালীন একতাৰ ফলত RSFSR-এ এই অঞ্চলসমূহক এক পতাকাৰ তলত মিলাই ছোভিয়েট ইউনিয়ন গঠন কৰে। ইতিহাসবিদসকলে ১৯২২ চনক বিপ্লৱকালৰ অন্ত হিচাপে ধৰে, যেতিয়া গৃহযুদ্ধ শেষ হৈছিল আৰু হোৱাইট সেনা আৰু বিচ্ছিন্নতাবাদী গোট পৰাস্ত হৈছিল, ফলস্বৰূপ ধাৰাসাৰ বিদেশগমন ঘটিছিল। বিজয়ী বোলছেভিক দলই নিজৰ পুনৰ গঠন কৰি All-Union Communist Party (Bolsheviks) নাম গ্ৰহণ কৰে আৰু ৬ দশক কাল চৰকাৰত থাকিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Petrone, Karen (8 October 2017). "David R. Stone, The Russian Army in the Great War: The Eastern Front 1914–1917" (en ভাষাত). The Journal of Power Institutions in Post-Soviet Societies (18). doi:10.4000/pipss.4270. ISSN 1769-7069. https://journals.openedition.org/pipss/4270.
- ↑ "Food and Nutrition (Russian Empire) | International Encyclopedia of the First World War (WW1)". 1914-1918-Online. https://encyclopedia.1914-1918-online.net/article/food_and_nutrition_russian_empire। আহৰণ কৰা হৈছে: 14 January 2022.
- ↑ Figes 1996.