ৰুণুমী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰুণুমী (১৯৫২ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
ৰুণুমী

'ৰুণুমী'ৰ এটা দৃশ্য
পৰিচালক সুৰেশ চন্দ্ৰ গোস্বামী
ৰচনা সুৰেশ চন্দ্ৰ গোস্বামী
প্ৰযোজক লক্ষ্মী বৰঠাকুৰ, বোধেশ্বৰী গোস্বামী
অভিনয়ত কনকলতা শ‍ইকীয়া
সুৰেশ গোস্বামী
ডাঃ মুক্তিনাথ
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা (অন্তৰ্দৃশ্যগ্ৰহণ)
সম্পাদনা নৰেশ দাস
সংগীত পৰিচালক দৰ্পনাথ শৰ্মা
প্ৰযোজনা
কোম্পানী
ইন্দ্ৰলোক ষ্টুডিঅ', কলিকতা
মুক্তি
১৯৫২
দেশসমূহ অসম,  ভাৰত
ভাষা অসমীয়া

ৰুণুমী (ইংৰাজী: Runumi) অসমীয়া ভাষাত নিৰ্মিত নৱমখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন সুৰেশ চন্দ্ৰ গোস্বামীয়ে পৰিচালনা কৰিছিল আৰু ১৯৫২ চনত মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰখন হেনৰিক ইবছেনৰ ৰচিত নাটক "দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড" (The Warriors at Helgeland) ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল[1][2][3]জয়মতী চলচ্চিত্ৰৰ পাছত এইখন দ্বিতীয় অসমীয়া চলচ্চিত্ৰ যিখন ষ্টুডিঅ’ৰ বাহিৰত চিত্ৰগ্ৰহণ কৰা হৈছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰসমূহত কনকলতা শ‍ইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, হিৰণ্ময়ী দেৱী আদিয়ে অভিনয় কৰিছিল। চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ ঠাই আছিল অসম আৰু নাগালেণ্ড (তেতিয়াৰ অসমৰ নাগা পাহাৰ)।[1][3]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

'ৰুণুমী' হ'ল একে চেহেৰাৰ, সমবয়সীয়া, নাচে-গানে পাৰ্গত দুজনী ছোৱালীৰ কাহিনী। এজনীৰ জন্ম পাহাৰত, নাম ৰুণুমী। আনজনীৰ জন্ম ভৈয়ামত, নাম ৰেণু। ৰুণুমীক ভাল পায় পাহাৰৰ পাহোৱাল ডেকা গৰণে। আনহাতে চাহ বাগানৰ স্বত্বাধিকাৰীৰ জীয়ৰী ৰেণুক ভাল পায় এজন ধনাধ্য যুৱক মুৰুলীধৰে।

এনেতে আহে বৰভূঁইকুপ। প্ৰলয়ঙ্কৰী বৰভূঁইকুপত ঘটনাক্ৰমে পাহাৰৰ ৰুণুমী ভৈয়ামৰ ৰেণুহঁতৰ ঘৰ পায় আৰু ভৈয়ামৰ ৰেণু পাহাৰৰ ৰুণুমীহঁতৰ চাং পায়গৈ। কিন্তু দুয়োজনীয়ে স্মৃতিশক্তি হেৰুৱাই পেলোৱা বাবে দুয়োজনীৰ প্ৰকৃত পৰিচয় উলিওৱাত সমস্যাৰ সৃষ্টি হয়।

ৰেণুৰ সন্ধানত তাইৰ প্ৰেমিক মুৰুলীধৰ আৰু ৰেণুহঁতৰ লগুৱা ভদাই পাহাৰত পালে। তাত গৈ তেওঁলোক নিশ্চিত হ’ল যে স্থানীয় পাহাৰীয়া সমাজে ৰুণুমী বুলি ভবাজনী প্ৰকৃততে ভৈয়ামৰ ৰেণুহে। ইফালে ৰেণুয়ো স্মৃতিশক্তি ঘূৰাই পায়। গৰণেও নিশ্চিত হয় যে তেওঁ যিজনীক ৰুণুমী বুলি ভাবি আছে, তাই প্ৰকৃত ৰুণুমী নহয়। গৰণে তাইক বিচাৰি ৰেণুহঁতৰ ঘৰ পালে। ৰেণুক লৈ মুৰুলীধৰ আৰু ভদায়ো ভৈয়ামলৈ নামি আহে। ৰেণুহঁতৰ ঘৰত ৰুণুমী আৰু গৰণৰ পুনৰ্মিলন হয় আৰু চাঙলৈ উভতি যায়।[4]

অভিনয় শিল্পী[সম্পাদনা কৰক]

ৰুণুমী আৰু ৰেণুৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰিছিল পৰিচালক গোস্বামীৰ জীয়ৰী ডলী বৰপুজাৰীয়ে। দ্বৈত ভূমিকাযুক্ত এইখন প্ৰথম অসমীয়া ছবি। পৰিচালকগৰাকীয়ে নিজেও আন এজন নায়ক গৰণৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] ছবিৰ প্ৰধান প্ৰধান ভূমিকাত অভিনয় কৰা শিল্পীসকল হ'ল[4]-

  • কনকলতা শইকীয়া (ডাঙৰকালৰ ৰুণুমী/ ৰেণু)
  • ডলী (সৰুকালৰ ৰুণুমী/ ৰেণু)
  • দীপা (সৰুকালৰ ডেমী, ৰুণুমীৰ ভনীয়েক)
  • হিৰন্ময়ী (ডাঙৰকালৰ ডেমী)
  • ডাঃ মুক্তিনাথ (মুৰুলীধৰ, ৰেণুৰ প্ৰেমিক)
  • সুৰেশ গোস্বামী (গৰণ, ৰুণুমীৰ প্ৰেমিক)
  • বিপিন বৰুৱা (ভদাই, ৰেণুহঁতৰ লগুৱা)
  • ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (আমৰণ, জনজাতীয়সকলৰ গাঁওপ্ৰধান)
  • ভানু দেৱী (ভানু)
  • ঘনশ্যাম (ডাক্তৰ)
  • মোহন বৰা (কৃষ্ণপ্ৰসাদ)
  • ইন্দ্ৰ (বোনিং)
  • নেইমুদ্দিন (কুৰুং)
  • যশোদাপ্ৰসাদ (মেনং)
  • গণেশ শৰ্মা
  • জীৱেশ্বৰ চক্ৰৱৰ্তী আদি।[4]

কলা-কুশলী ইত্যাদি[সম্পাদনা কৰক]

(তথ্যছ'কত নথকা)
  • বেনাৰ- অসম ষ্টুডিও, যোৰহাট
  • ৰসায়নগাৰ- ইউ চি লেবৰেটৰী
  • কাহিনী- সুৰেশ গোস্বামী
  • ৰূপসজ্জা- ৰঞ্জিৎ দত্ত
  • শব্দযন্ত্ৰী- পাঁচুগোপাল দাস
  • বহিৰ্দৃশ্যগ্ৰহণ- নৰেশ নাথ, সমীৰ দত্ত, পৰেশ সৰকাৰ[4]

১৯৫২ চনত নিষিদ্ধ[সম্পাদনা কৰক]

১৯৫২ চনত ৰুণুমী কথাছবিখন যোৰহাটৰ আৰতি টকীজত মুক্তি দিয়া হৈছিল। চলচ্চিত্ৰখনে দৰ্শকৰ সঁহাৰি পাইছিল[1] যদিও কেইমাহ মানৰ পাছতে তেতিয়াৰ বিষ্ণু ৰাম মেধি নেতৃত্বাধীন চৰকাৰে হঠাত ছবিখন নিষিদ্ধ ঘোষণা কৰে। চৰকাৰে চলচ্চিত্ৰখন নিষিদ্ধ কৰাৰ একো দৰ্শোৱা নাছিল। পিছলৈ ছবিখনৰ পৰিচালক প্ৰয়াত গোস্বামীৰ পৰিয়ালে অসম চৰকাৰলৈ ছবিখন নিষিদ্ধ কৰাৰ কাৰণ ৰাজহুৱা কৰিবলৈ, লগতে ছবিখনৰ পুনৰুদ্ধাৰৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছিল।[1][2]

চলচ্চিত্ৰখন আহৰণ[সম্পাদনা কৰক]

নিষিদ্ধ কৰাৰ পাছত, গোস্বামীৰ সম্পৰ্কীয় ভাতৃ লক্ষ্মীনাথ বৰঠাকুৰে চলচ্চিত্ৰখনৰ কপি আনি কিছুমান চাহ বাগানত অবৈধভাৱে প্ৰদৰ্শন কৰে আৰু তাৰ পাছত পৰা বৰঠাকুৰৰ ঘৰৰ এটা ট্ৰাংকত বহুদিন থৈ দিয়ে। প্ৰায় চাৰি দশকৰ পাছত ২০১০ চনত বৰঠাকুৰৰ পুত্ৰ অমিয় বৰঠাকুৰে গোস্বামীৰ পুত্ৰী গুৱাহাটী নিবাসী ডলী বৰপূজাৰীৰ হাতত অৰ্পণ কৰে। ছবিখনৰ তেৰটা ৰীলেই মূল 'কেন' (can)-ৰ ভিতৰতে আছে। প্ৰাৰম্ভিক পৰীক্ষাত ছবিখনৰ বহুলাংশ উদ্ধাৰ কৰিব পৰা যাব বুলি ভবা হয়। ৰীলসমূহ থকা কেন-বোৰৰ কিছুমান মামৰ লগাৰ উপৰিও দুটামান কেনৰ ফাট মেলা দেখা গৈছিল। সুৰেশ গোস্বামীৰ নাতি চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীয়ে ছবিখনৰ উদ্ধাৰৰ বাবে মুম্বাই স্থিত বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰে।[1][2]

ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰাহালয়ে (NFAI) ছবিখনৰ ভিডিঅ' আৰু অডিঅ'খিনি উদ্ধাৰ কৰে। যদিও ৰীলৰ অৱস্থা অতিশয় বেয়া আছিল, তথাপি ছবিখনৰ ৮৫ শতাংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেৰটা ৰীলৰ দুটা সম্পৰ্ণৰূপে নষ্ট হৈ গৈছিল। এই গোটেই কামটোত ৬.৫ লাখ টকা খৰচ হয়।[5]

সঙ্গীত[সম্পাদনা কৰক]

ৰুণুমীৰ সঙ্গীত পৰিচালনা কৰিছিল দৰ্পনাথ শৰ্মাই। গাইছিল আইভি বৰুৱা, শেৱালী শৰ্মা, স্বৰ্ণ দেৱী আৰু প্ৰফুল্ল বৰুৱাই।[6]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "তেজৰে কমলাপতি পৰভাত নিন্দ (বৰগীত)"  শ্ৰীমন্ত শঙ্কৰদেৱশেৱালী দেৱী  
2. "সেইদিনা নিৰলাৰ মধু জোস্নাত কাষত দৰদী চাকী, ওমৰৰ মৰমী প্ৰিয়া"  দৰ্পনাথ শৰ্মাআইভি বৰুৱা  
3. "ফাগুণৰে পচোৱাই আঁচলকে উৰুৱাই ৰঙালী বিহুৰেনো বাতৰি বিলাই যায়"  নব বৰুৱাআইভি বৰুৱা  
4. "তুমি মোৰ জীৱনত মন বিতানত এদালি বকুল মানস বনত"  দৰ্পনাথ শৰ্মাআইভি বৰুৱা, শেৱালী দেৱী  
5. "এজাৰ গছৰ আঁৰতে কপৌ ফুলো ফুলিলে নাহৰ গছে মেলিলে পাত, কু কু কুকৈ কুলিটিয়েও মাতিলে বসন্তৰে বা লাগে তাতে হেৰ লগৰী"      

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Staff Reporter (March 14, 2010). "Lost treasure of Assamese cinema retrieved". The Assam Tribune. Archived from the original on 4 March 2012. https://web.archive.org/web/20120304010531/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1510/at09। আহৰণ কৰা হৈছে: 28 March 2010. 
  2. 2.0 2.1 2.2 Karmakar, Rahul (Mar 15, 2010). "Banned 1952, Assamese film pops up to ask question". Hinsustan Times. Archived from the original on 25 March 2010. https://web.archive.org/web/20100325065100/http://www.hindustantimes.com/News-Feed/guwahati/Banned-in-1952-Assamese-film-pops-up-to-ask-questions/Article1-519190.aspx। আহৰণ কৰা হৈছে: 28 March 2010. 
  3. 3.0 3.1 Talukdar, Sushanta (Monday, Mar 15, 2010). "Film print returns to family after four decades". The Hindu. Archived from the original on 23 March 2010. https://web.archive.org/web/20100323005358/http://www.hindu.com/2010/03/15/stories/2010031556592200.htm। আহৰণ কৰা হৈছে: 28 March 2010. 
  4. 4.0 4.1 4.2 4.3 Runumi: Assamese feature film (the surviving parts, restored by NFAI. You Tube. 
  5. 5.0 5.1 Das, Gaurav (17-1-2013). "1952 Assamese film found in a trunk". Times of India. https://timesofindia.indiatimes.com/city/guwahati/1952-Assamese-film-found-in-a-trunk/articleshow/18052950.cms। আহৰণ কৰা হৈছে: 2 September 2020. 
  6. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 27. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]