ৰুথ নেগা
| ৰুথ নেগা | |
|---|---|
২০১৭ চনত নেগা | |
| জন্ম | ৪ মে', ১৯৮২ (৪৪ বছৰ) আদিচ আবাবা, ইথিঅ’পিয়া |
| নাগৰিকত্ব |
|
| শিক্ষানুষ্ঠান | ত্ৰিনিটি কলেজ, ডাবলিন |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৩–বৰ্তমান |
| ৱেবছাইট | |
| https://www.instagram.com/negga.ruth | |
ৰুথ নেগা (ইংৰাজী: Ruth Negga; জন্ম: ৪ মে’ ১৯৮২)[1][2] এগৰাকী আইৰিছ অভিনেত্ৰী যিয়ে মঞ্চ আৰু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ এটা অস্কাৰ, এটা টনি বঁটা, দুটা এমি বঁটা, তিনিটা বাফটা বঁটা, দুটা গোল্ডেন গ্ল’ব বঁটা আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে। জেফ নিকোলছৰ পৰিচালনাত নিৰ্মিত ঐতিহাসিক ৰোমাণ্টিক ড্ৰামা ছবি লাভিং (২০১৬)-ত মিলড্ৰেড লাভিংৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে আৰু ইয়াৰ বাবে তেওঁ অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰে।
তেওঁ ৰেবেঁকা হলৰ পৰিচালনাত নিৰ্মিত পিৰিয়ড ড্ৰামা ছবি পাছিং (২০২১)-ত শ্বেতাংগ মহিলা হিচাপে পৰিচয় দি থকা এগৰাকী আফ্ৰিকান-আমেৰিকান মহিলাৰ চৰিত্ৰত অভিনয় কৰি বাফটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ মনোনয়ন লাভ কৰিছিল। নেগাই আইচলেচন (২০০৫), ব্ৰেকফাষ্ট অন প্লুটো (২০০৫), ৱাৰক্ৰাফ্ট (২০১৬), এড এষ্ট্ৰা (২০১৯) আৰু গুড গ্ৰীফ (২০২৩) আদি বোলছবিতো অভিনয় কৰিছে।[3]
টেলিভিছনৰ ক্ষেত্ৰত নেগা এএমচি ধাৰাবাহিক প্ৰিচাৰ (২০১৬–২০১৯)-ৰ বাবে পৰিচিত হৈছিল। ইয়াৰ উপৰি তেওঁ বিবিচি মিনি-চিৰিজ ক্ৰিমিনেল জাষ্টিচ, আৰটিই ক্ৰাইম ড্ৰামা লভ/হেট, ই৪ কল্পবিজ্ঞান কমেডী ধাৰাবাহিক মিচফিটছ আৰু এবিচি চুপাৰহিৰো ধাৰাবাহিক এজেণ্টছ অৱ এছ.এইচ.আই.ই.এল.ডি.ত কাম কৰিছে। ২০২৪ চনৰ এপল টিভি প্লাছৰ ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্টত কৰা অভিনয়ৰ বাবে তেওঁ এটা প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
মঞ্চত তেওঁ ডাক (২০০৩) নাটকৰ জৰিয়তে লৰেন্স অলিভিয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল। তেওঁ লণ্ডন আৰু নিউয়ৰ্ক দুয়ো ঠাইতে হেমলেটৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০২২ চনত মেকবেথ নাটকত লেডী মেকবেথৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ব্ৰডৱেত অভিষেক ঘটায় আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টনি বঁটাৰ মনোনয়ন লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৮২ চনৰ ৪ মে’ত[4] ইথিঅ’পিয়াৰ আদিচ আবাবাত নেগাৰ জন্ম হৈছিল।[5] তেওঁৰ মাতৃ নোৰা আছিল এগৰাকী আইৰিছ মহিলা আৰু পিতৃ আছিল এজন ইথিঅ’পিয়ান ব্যক্তি।[6][7] তেওঁৰ পিতৃ-মাতৃয়ে ইথিঅ’পিয়াৰ এখন চিকিৎসালয়ত কাম কৰি থকা অৱস্থাত পৰস্পৰক লগ পাইছিল; তেওঁৰ মাতৃ এগৰাকী নাৰ্ছ আছিল আৰু পিতৃ আছিল এজন চিকিৎসক।[8] নেগা তেওঁলোকৰ একমাত্ৰ সন্তান আছিল আৰু চাৰি বছৰ বয়সলৈকে তেওঁ ইথিঅ’পিয়াত বাস কৰিছিল। সাত বছৰ বয়সত তেওঁৰ পিতৃৰ এটা মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত,[9] তেওঁ মাকৰ সৈতে আয়াৰলেণ্ডলৈ ঘূৰি আহে। নেগা আয়াৰলেণ্ডৰ লিমৰিকত ডাঙৰ-দীঘল হৈছিল।[10] মাধ্যমিক শিক্ষাৰ বাবে তেওঁ ইংলেণ্ডৰ লণ্ডনলৈ যায়।[11][12]
নেগাই ডাবলিনৰ ত্ৰিনিটি কলেজৰ চেমুৱেল বেকেট চেণ্টাৰত অধ্যয়ন কৰিছিল[13] আৰু তাৰপৰাই অভিনয় শিক্ষা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[9]</```
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৬ চনত নেগা অভিনেতা টেগ মাৰ্ফীৰ সৈতে বাগদানত আবদ্ধ হৈছিল, যাৰ সৈতে তেওঁ বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনৰেপৰা প্ৰেমৰ সম্পৰ্কত আছিল।[12][14]
২০১০ চনৰপৰা নেগা অভিনেতা ডমিনিক কুপাৰৰ সৈতে সম্পৰ্কত আছিল। তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে ২০০৯ চনত হেলেন মিৰেনৰ সৈতে 'ফ্ৰেড্ৰে' নাটকৰ এটি সংস্কৰণত একেলগে কাম কৰোঁতে লগ পাইছিল। তেওঁলোক দুয়ো লণ্ডনৰ প্ৰিমৰ’জ হিলত একেলগে বাস কৰিছিল।[15][16] এই দম্পতীটো ছয় বছৰ ধৰি সম্পৰ্কত আছিল; অৱশ্যে নেগাই আঙুলিয়াই দিছে যে তেওঁলোকৰ বিচ্ছেদৰ খবৰ (যিটো পোনপ্ৰথমে ২০১৮ চনৰ এপ্ৰিলত প্ৰকাশ পাইছিল) জানিবলৈ সংবাদ মাধ্যমক কেইবাবছৰ সময় লাগিছিল।[17][18] নেগাই এএমচিৰ 'প্ৰিচাৰ' ধাৰাবাহিকত কুপাৰৰ বিপৰীতে অভিনয় কৰিছিল, য’ত তেওঁলোকে প্ৰেমিক-প্ৰেমিকাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু নেগাই কৈছে যে তেওঁলোক "প্ৰিয় বন্ধু।" [18]
২০২০ চনৰপৰা নেগা কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বসবাস কৰে।[6][11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Negga, Ruth (2017-05-04). Tonchi, Stefano. ed. Lynn Hirschbergৰ সৈতে Video interview. "Ruth Negga Reveals She's Embarrassed By Her Birthday And Doesn't Know Why". W (Condé Nast). https://www.wmagazine.com/watch/birthday-stories-ruth-negga-age-w-magazine। আহৰণ কৰা হৈছে: 2024-01-14.
- ↑ Lewis, Tim (2017-01-29). "Ruth Negga: 'There are films that really mark you. Loving is one of those for me.'". The Guardian. ISSN 0261-3077. https://www.theguardian.com/film/2017/jan/29/ruth-negga-loving-interview-rising-star-oscar-nomination. "…a huge deal for a little-known, 35-year-old Ethiopian-Irish actor."
- ↑ "Oscars 2017: Ruth Negga nominated for best actress award". The Irish Times. https://www.irishtimes.com/culture/film/oscars-2017-ruth-negga-nominated-for-best-actress-award-1.2949162.
- ↑ AnOther (2017-02-16). "The Full Story: Ruth Negga for AnOther Magazine S/S17" (en ভাষাত). AnOther. https://www.anothermag.com/fashion-beauty/9531/the-full-story-ruth-negga-for-another-magazine-ss17। আহৰণ কৰা হৈছে: 2026-01-24.
- ↑ "Africa from A to Z: Fast facts on the 55 states - Ethiopia" (en-GB ভাষাত). South Africa Gateway. 6 December 2017. Archived from the original on 12 December 2017. https://web.archive.org/web/20171212084450/https://southafrica-info.com/africa-from-a-to-z-fast-facts-55-states/#ethiopia.
- 1 2 Dabiri, Emma. "Ruth Negga: 'People who say they don't consider skin colour... are you f**king blind?'" (en ভাষাত). The Irish Times.
- ↑ "Ruth Negga: 'Growing up, I didn't feel that Irish people were colour blind'". https://www.independent.ie/style/celebrity/celebrity-features/ruth-negga-growing-up-i-didnt-feel-that-irish-people-were-colour-blind-35314939.html। আহৰণ কৰা হৈছে: 15 December 2021.
- ↑ "'Always a star in the family': Ruth's Oscar bid". Limerickleader.ie. http://www.limerickleader.ie/news/home/207986/-Always-a-star-in-the.html। আহৰণ কৰা হৈছে: 30 December 2017.
- 1 2 Gutierrez, Jorge (2 December 2006). "Ruth Negga, a star without a label". Cafe Babel.com. Archived from the original on 29 May 2009. https://web.archive.org/web/20090529132154/http://www.cafebabel.com/eng/article/18984/ruth-negga-a-star-without-a-label.html। আহৰণ কৰা হৈছে: 18 May 2009.
- ↑ Alan Owens, "Ruth's star is on the rise with BBC" Archived 6 January 2014 at the Wayback Machine, Limerick Leader, 20 August 2011.
- 1 2 Rao, Mallika (2021-09-01). "'Imagine a Black Woman Just Wanting Something'" (en-us ভাষাত). Vulture. https://www.vulture.com/article/ruth-negga-passing.html। আহৰণ কৰা হৈছে: 2021-09-30.
- 1 2 Phil Hoad (8 January 2006). "Rising Star: Ruth Negga, actor". The Observer. https://www.theguardian.com/theobserver/2006/jan/08/features.magazine27.
- ↑ Cineuropa – Interviews – Ruth Negga, Actress Archived 30 June 2009 at the Wayback Machine. Cineuropa.org.
- ↑ "Exclusive: Ruth Negga's former fiancé 'wishes her the best' at the Oscars" (en ভাষাত). independent. https://www.independent.ie/style/celebrity/celebrity-news/exclusive-ruth-neggas-former-fiance-wishes-her-the-best-at-the-oscars-35481764.html। আহৰণ কৰা হৈছে: 2021-11-09.
- ↑ Notaro, Vicki (23 May 2016). "How Oscar-tipped Ruth Negga's star has finally ascended...". Irish Independent. http://www.independent.ie/entertainment/how-oscartipped-ruth-neggas-star-has-finally-ascended-34730596.html.
- ↑ McBride, Caitlin (8 June 2016). "Irish actress Ruth Negga and Dominic Cooper make rare public appearance at Warcraft premiere". Irish Independent. http://www.independent.ie/style/celebrity/celebrity-news/irish-actress-ruth-negga-and-dominic-cooper-make-rare-public-appearance-at-warcraft-premiere-34783050.html.
- ↑ Marcus, Emily (5 April 2018). "Dominic Cooper and Ruth Negga Split After 8 Years Together". https://www.usmagazine.com/celebrity-news/news/dominic-cooper-ruth-negga-split-after-8-years-of-dating/। আহৰণ কৰা হৈছে: 5 April 2018.
- 1 2 "Ruth Negga Talks Diversity, Hamlet And Her Split From Dominic Cooper" (en-US ভাষাত). Marie Claire. 2018-08-08. https://www.marieclaire.co.uk/entertainment/people/ruth-negga-diversity-dominic-cooper-610595.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰুথ নেগা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰুথ নেগা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Pan Pan Theatre official website