ৰুথ হাবৱে
| লিঙ্গ | মহিলা |
|---|---|
| given name | Ruth |
| মৃত্যুৰ তাৰিখ | 1996 |
| জীৱিকা | ৰাজনীতিবিদ |
| member of political party | Kenya African National Union |
ৰুথ হাবৱে, (জন্ম তাৰিখ অজ্ঞাত, মৃত্যু: ১৯৯৬ চন) এগৰাকী কেনিয়াৰ সমাজ কৰ্মী আৰু ৰাজনীতিবিদ আছিল।
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]কেনিয়াত মহিলাৰ উন্নয়নৰ হকে মহিলাক কৰ্মক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে কাম কৰাসকলৰ ভিতৰত হাবুৱে আছিল এগৰাকী অগ্ৰণী নাৰীবাদী মহিলা সমাজকৰ্মী। আৰম্ভণিতে তেওঁ কাবেটে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে প্ৰশিক্ষণ লৈছিল আৰু তেওঁ পিছলৈ মাৰ্গাৰেট কয়নাংগে আৰু মুথোনি লিকমানীৰ সৈতে জিন্স স্কুলত পঢ়িছিল।[1] ১৯৬৮ চনৰপৰা ১৯৭১ চনলৈকে তেওঁ অধ্যক্ষতা কৰা মেণ্ডেলিঅ’ ইয়া ৱানাৱাকেৰ প্ৰাৰম্ভিক নেত্ৰী আছিল। তেওঁৰ কাৰ্যকালত এই সংস্থাটোৱে নাইৰোবি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদত অধিক মহিলাক নিয়োগ কৰা আৰু মহিলাক পুৰুষৰ সমান নিয়োগৰ চৰ্তৰ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰে।[2] ১৯৬৪ চনত হাবুৱে কেনিয়াৰ সংসদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কেনিয়াৰ ৰাজনৈতিক সংস্থাত পুৰুষৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱা কম সংখ্যক মহিলাৰ ভিতৰত তেওঁ আছিল এগৰাকী অন্যতম মহিলা। কিন্তু তেওঁৰ এই সিদ্ধান্ত বিতৰ্কৰ মুখামুখী হ’বলগা হৈছিল; [3] তেওঁ তেওঁৰ নিজা ৰাজনৈতিক দল কেনিয়া আফ্ৰিকান নেচনেল ইউনিয়নৰপৰা সমৰ্থন লাভ কৰাত তেওঁ ব্যৰ্থ হয় আৰু সেয়েহে হাবৱে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। এই কথাই দলীয় নেতৃত্বক ইমানেই ক্ষুব্ধ কৰি তুলিছিল যে তেওঁলোকে তেওঁক দলৰ ভূমিকাৰ পৰা বহিষ্কাৰ কৰি দিছিল। ইয়াৰ উপৰি আন পুৰুষ সাংসদসকলে তেওঁক উপলুঙা কৰি কৈছিল যে "এতিয়া পাকঘৰলৈ উভতি গৈ মিষ্টাৰ হাবুৱে আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰ বাবে ৰন্ধা-বঢ়া কৰিব লাগে।"[4] ৰুথ হাবৱে লুহিয়া জনগোষ্ঠীৰ সদস্য আছিল।[5] তেওঁৰ মুঠ পাঁচটা সন্তান আছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Professor Henry Louis Gates, Jr.; Professor Emmanuel Akyeampong; Mr. Steven J. Niven (2 February 2012). Dictionary of African Biography. OUP USA. পৃষ্ঠা. 1–. ISBN 978-0-19-538207-5. https://books.google.com/books?id=39JMAgAAQBAJ&pg=RA1-PA525.
- ↑ Kathleen E. Sheldon (2005). Historical Dictionary of Women in Sub-Saharan Africa. Scarecrow Press. ISBN 978-0-8108-5331-7. https://books.google.com/books?id=36BViNOAu3sC.
- ↑ Godwin R. Murunga; Shadrack W. Nasong'o (15 March 2007). Kenya: The Struggle for Democracy. Zed Books. পৃষ্ঠা. 180–. ISBN 978-1-84277-857-9. https://books.google.com/books?id=IIvKKlhWY80C&pg=PA180.
- ↑ Iris Berger (26 April 2016). Women in Twentieth-Century Africa. Cambridge University Press. পৃষ্ঠা. 100–. ISBN 978-0-521-51707-2. https://books.google.com/books?id=48DgCwAAQBAJ&pg=PA100.
- ↑ Bea Sandler (1970). The African Cookbook. Carol Publishing Group. পৃষ্ঠা. 5–. ISBN 978-0-8065-1398-0. https://books.google.com/books?id=SP_gRfciSkwC&pg=PR5.